আমিবোৰ এই শতিকাৰে কালিদাস

বিজয়শংকৰ গোস্বামী

বৰলুইতৰ বুকুত ওপঙি থকা প্লাষ্টিকৰ আৱৰ্জনাবোৰৰ ওপৰত সূৰ্যৰ হেঙুলীয়া ৰহণৰ মৃদু প্ৰতিফলন। মানৱ সভ্যতাৰ স্বাক্ষৰ বহন কৰি ধীৰ-গম্ভীৰ গতিত আগবাঢ়িছে সোঁতৰ লগত। গন্তব্য স্থান সিহঁতে নাজানে ক’ত ! হয়তো জাহ যাব লুইতৰ গভীৰতাত অথবা মানৱ সভ্যতাক ধিক্কাৰী গতি কৰিব লুইতৰ লগত আজন্ম প্ৰেমিকাৰ দৰে। এয়া দৈনন্দিন দৃশ্য, আমাৰ কাৰণে এক সাধাৰণ পৰিঘটনা। সৰ্বত্ৰ ইয়াকে দেখি আহিছো আমি। এনেকুৱা কিমান নদীৰ নাম ল’ব—গংগা, যমুনা, সৰস্বতী…সকলোৱে বুকুত কঢ়িয়াই ফুৰিছে সত্যতাৰ এই জঘন্ন্যতা। আৰু কিমান বাকী এই নিলাজ বেপাৰৰ? সভ্য সমাজে বুজি পাবনে সভ্যতাৰ মূল্যবোধ? নে বোকা ছটিওৱাৰ খেলাত ব্যস্ত থাকিব আজিৰ সমাজ? কি দি যাব এইখন সমাজে ভৱিষ্যৎ প্ৰজন্মক? এখন নদী যাৰ পৰিচয় হ’ব জাবৰ পেলোৱা ঠাই! আৱৰ্জনাৰে ভৰপূৰ ৰাজপথ? বিষাক্ত বতাহ? অশুদ্ধ পানী? কেনেকুৱা ধৰণৰ এখন পৃথিৱীৰ সপোন দেখাৰ দৰকাৰ বাৰু আমি? মুক্ত বতাহ শুদ্ধ পানীৰে ভৰপূৰ এখন পৃথিৱী? তেনেহ’লে এয়া সময়। এয়া ধনাত্মক চিন্তাৰ সময়।

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাক্ মুহূর্তত কিছুমান এনেকুৱা চিন্তাই মগজুত বাহ সাজিছে। ৫ জুন, বিশ্ব পৰিৱেশ দিৱস। চাৰি দশক জোৰা এক নিৰন্তৰ প্ৰচেষ্টা। পৰিৱেশ সংৰক্ষণ কৰাৰ এক বিৰল প্ৰচেষ্টা। কিন্তু বাস্তৱত এই প্ৰচেষ্টাই এক পৰিৱৰ্তনমুখী চিন্তাধাৰাত পৰিণত হ’ব পৰা নাই। স্বার্থৰ লোভত এই প্ৰচেষ্টাটো এটা দিৱস হৈয়ে থাকি গ’ল যোৱা চাৰিটা দশকত। মুক্ত চিন্তাৰ সমাহাৰ হোৱাহেঁতেন আজি লুইতৰ বিৱৰণ তেনেকৈ দিব নালাগিলহেঁতেন। সাক্ষৰতাক শিক্ষিতৰ প্ৰলেপ দি আমিবোৰে মাথোঁ এটা দিৱস পালন কৰি আহিছো।

গৌৰৱৰ কথা এয়েযে ২০১৮ বৰ্ষৰ পৰিৱেশ দিৱস পালন কৰাৰ কাৰণে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কৰ্যসূচী (UNEP)-য়ে ভাৰতবৰ্ষক আয়োজক দেশ হিচাপে চিহ্নিত কৰিছে। লগে লগে ব্যাপক প্ৰস্তুতিৰ সৃষ্টি হৈছে দেশজুৰি। বিশ্ব পৰিৱেশ দিৱস পালনৰ বিষয়বস্তু হ’ল ‍‘‍‘প্লাষ্টিক প্ৰদূষণ নিবাৰণ’’। কি যে সময়  উপযোগী বিষয়বস্তু আমাৰ কাৰণে। কিন্তু কথাটো হ’ল অইনবেলিৰ দৰে এইবাৰো এটা মাত্ৰ এটা দিৱসহে উদযাপন কৰা হ’ব। কিন্তু দিৱসৰ মাহাত্ম্য বুজি পোৱাকৈ আমি এতিয়াও শিক্ষিত হৈ উঠা নাই। নহ’লেনো এই সভ্য সমাজখনক প্লাষ্টিক নামৰ আৱৰ্জনা আঁতৰোৱাৰ কাৰণে এটা দিৱস লাগেনে? যিয়ে নহওক, দিৱস পালন কৰিবই লাগিব। আচলতে দিৱসেই দেশখন জীয়াই ৰাখিছে। কম-বেছি পৰিমাণে সমাজখন যি ধৰণে এক হৈ থকাৰ নাটক কৰি আহো, সেয়াতো এই দিৱসবোৰৰে কামাল। নহ’লেনো কাৰ হাতত সময় আছে পৰিৱেশ, দেশ বা সমাজৰ চিন্তা কৰাৰ। জোঁৰ পুৰি হাত পোৱালৈকে ৰৈ থকাৰ যি সংস্কৃতি সেয়া বাহাল থাকিব লাগিব। যদি সকলোৱে উঠি-পৰি কাম আৰু ব্যক্তিগত দায়িত্ব পালনত লাগি যাওঁ কাইলৈ কাক অভিযুক্ত কৰিম কামবোৰ নোহোৱাৰ কাৰণে। দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু ৰাজনীতি চলিবতো লাগিব ভাই। গতিকে আমি মাত্ৰ দিৱস পালন কৰিম। অংগীকাৰ ল’ম দেশ চাফ কৰি পেলোৱাৰ। প্লাষ্টিক উৎপাদনকাৰী সংস্থানসমূহ বন্ধ কৰাৰ হুংকাৰ দিম। কিন্তু গেলামালৰ দোকানত গৈ প্লাষ্টিকৰ পেকেট এটা নিশ্চয় বিচাৰিম। মোনাখন লৈ বজাৰলৈ যোৱাটো এটা পুৰণিকলীয়া কথা দিয়কচোন। দেশতো উন্নত হৈছে। আমাৰ জন-প্ৰতিনিধিয়েও আমাক গৌৰৱ অনুভৱ কৰায় যে দেশত আৱৰ্জনা বাঢ়িছে, গতিকে আমি উন্নতি কৰিছো। গতিকে কিহৰ দৰকাৰত আৱৰ্জনাৰ বিৰুদ্ধে থিয় দিম আমি। ওলোটাই আমি উন্নত হোৱাৰ নিদৰ্শন দাঙি ধৰিম। বিশ্ব পৰিৱেশ দিৱস পালনৰ পিছতেই তাৰ নিদৰ্শন আমি আমাৰ ওচৰে-পাঁজৰে দেখা পাম। অইন নালাগে দেশৰ চুকে-কোণে এই দিৱস পালনৰ নামত যিমান ভোজ-ভাতৰ আয়োজন হ’ব, সেয়ে যথেষ্ট আমি কিমান প্লাষ্টিক নিবাৰণ কৰিলো তাৰ উমান ল’বৰ কাৰণে। আটাইতকৈ দৰ্শনীয় হ’ব বুদ্ধিজীৱীৰ ভাষণৰ প্ৰকোপ। বাতৰি-পত্ৰ আৰু আমাৰ অতিৰঞ্জিত টিভি চেনেলকেইটা উঠি-পৰি লাগিব এদিনৰ কাৰণে। এনেকুৱা লাগিব যেন পৰিৱেশটো চেনেলকেইটাৰহে। ক’ৰবাত আকৌ দেখিব বছৰটোৰ বাকী সময়খিনিত প্লাষ্টিক অবিহনে জীয়াই থাকিব নোৱাৰা কেইজনমানে প্লাষ্টিক নিবাৰণৰ ভাষণেৰে সাধাৰণ ৰাইজক সচেতন কৰিব। এইসমূহ কাৰ্যসূচীৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচীটো হ’ব চাফাই অভিযান। কম-বেছি পৰিমাণে ৫ জুনৰ দিনটোতে গোটেই দেশখন চাফ কৰাৰ যি ৰণসদৃশ পৰিৱেশৰ সৃষ্টি হ’ব, এনেকুৱা লাগিব যে অহা বছৰৰপৰা আৰু বিশ্ব পৰিৱেশ দিৱস পালন নকৰিলেও হ’ব। আমাৰ চেনেলকেইটাই আকৌ আলোচনাৰ মাধ্যমেৰে গোটেই সমস্যাটো সমাধান কৰি পেলাব। আৰু যিখিনি নোৱাৰিব সেইখিনি চৰকাৰ, নীতি নিৰ্ধাৰণৰ দুৰ্বলতা বুলি প্ৰমাণ কৰি দিব। ৰাইজেও ইয়াৰপৰা নিজৰ দায়িত্ব আঁতৰোৱাৰ এটা সুবিধা পাব। এয়া চলি থাকিব, কাৰণ আমি আমাৰ ভুলবোৰৰপৰা একো নিশিকো। আচলতে আমিবোৰ ভুল নহয়েই। আমি কেতিয়াও আমাক প্ৰশ্ন নকৰিম যে আমি দেখি থকা এই আৱৰ্জনাবোৰ আহে ক’ৰপৰা? নিজকে সদম্ভে শিক্ষিত বুলি জাহিৰ কৰা এইখন সভ্য সমাজত ইমান আৱৰ্জনাৰ সৃষ্টি হয় কিয়? পৰিৱেশ দিৱস উপলক্ষে আয়োজন কৰা চাফাই অভিযানৰ জাবৰবোৰে ক’ত স্থান পাব? বৰলুইতে তাৰ উত্তৰ দিব, কাৰণ আমাৰ হাতত সময় নাই উত্তৰ বিচৰাৰ। আমিবোৰ ব্যস্ত প্ৰকৃতিক লুণ্ঠন কাৰ্যসূচীত প্লাষ্টিক নিবাৰণৰ মহান উদ্দেশ্যেৰে পালন কৰিবলগীয়া দিৱসটো আমি সকলোৱে মিলি পৰিৱেশত প্লাষ্টিক সংযোজন দিৱসত পৰিণত কৰিম। কেতিয়া দূৰ হ’ব মূল্যবোধহীনতাৰ এই অনাটন? হ’ব পাৰিমনে আমি কালিদাসৰপৰা মহাপণ্ডিত কালিদাস? নে কাটি গৈ থাকিম নিজে বহি থকা গছৰ ডালটো আত্মহননৰ দিশত… নে নিজকে চিনাকি দিম এই শতিকাৰ কালিদাস বুলি? কিন্তু পণ্ডিত কালিদাস নহয়???

Related Articles

error: Content is copy right protected !!
Close