“আমাৰ অতীত অতিশয় উজ্জ্বল আৰু গৌৰৱপূৰ্ণ” – কনকলাল বৰুৱা

সংগ্ৰহঃ অঞ্জন শৰ্মা

 ২০২০ চনৰ জানুৱাৰীত প্ৰকাশ পাব কনকলাল বৰুৱাৰ “Early History of Kamrupa”ৰ  অসমীয়া ভাঙনি “প্ৰাচীন কামৰূপৰ ইতিহাস। কনকলাল বৰুৱাৰ কালজয়ী গ্ৰন্থখন সকলোৱে আত্মানুসন্ধানৰ বাবে তথা আত্মাভিমানী আৰু গৌৰৱোজ্জল সত্বাক আলিঙ্গন কৰাৰ বাবে পাঠ কৰা প্ৰয়োজন।
এইখিনিতে ইতিহাসবিদ পন্ডিত কনকলাল বৰুৱাৰ কেইষাৰমান অত্যন্ত গুৰুত্বপূৰ্ণ বাক্য ডাঙি ধৰিলো- যিবোৰে আজিৰ “কা” বিৰোধিতাক মুক্তকন্ঠে সমৰ্থন কৰে । কনকলাল বৰুৱাই কৈছিলঃ
“……. ইয়াৰ পূৰ্বে মই কৈছো যে আমাৰ জাতীয় আৰু দেশীয় বুৰঞ্জী উদ্ধাৰ কৰা কাৰ্য আমি নকৰিলে কোনে কৰিব? এই কাৰ্যত অসমীয়াৰ কৰ্তব্য পোনপ্ৰথম, তাৰ পিছতহে আনৰ। যি জাতিয়ে এই কৰ্তব্য ভালকৈ সমাধা কৰিব পাৰিছে সেই জাতিয়েহে আজিকালি জগতত সভ্য আৰু শিক্ষিত বোলাব পাৰিছে। এই কৰ্তব্য পালন কৰাত যেয়ে পিছপৰা সেয়ে নিজক প্ৰকৃতপক্ষে সভ্য আৰু শিক্ষিত বোলাব নোৱাৰে। অলপতে গুৱাহাটী চহৰতে বহা গুৱাহাটী বঙ্গীয় সাহিত্য পৰিষদ আৰু প্ৰবাসী বঙালী ছাত্ৰ সন্মিলনীৰ যুটীয়া বৈঠকত কলিকতা বিশ্ববিদ্যালয়ৰ ডক্টৰ নীহাৰৰঞ্জন ৰায়ে কৈ গৈছে যে অসমৰ প্ৰকৃত বুৰঞ্জী সংকলনত বঙালীৰ যথেষ্ট কৰ্তব্য আছে, কাৰথ তেওঁৰ মতে আজিলৈকে অসমত যিবোৰ বুৰঞ্জী লিখা গৈছে সেইবোৰ নিৰ্ভুল নহয়। আৰু অসমৰ ইতিহাস জগতত আমি হেনো সৰহ দূৰ অগ্ৰসৰ হব পৰা নাই। এইখিনিতে মোৰ বক্তব্য এই যে এতিয়ালৈকে আমাৰ পুৰণি ইতিহাসৰ যিবিলাক তথ্য নিৰূপণ কৰা হৈছে তাত কাৰো আসোঁৱাহ থাকিলে তেওঁ আমাৰ জাৰ্ণেলত প্ৰৱন্ধ লিখি সেইবিলাক ভুল শুধৰাবলৈ চেষ্টা কৰিব পাৰে, আৰু যদি আমাৰ জাৰ্ণেলত লিখিবলৈ তেওঁলোকে বেয়া পায় তেন্তে Indian Culture, Indian Historical Quarterly নাইবা I.R.A.S.B.ত লিখিলেও আমি ভাল পাম, কাৰণ আমাৰ উদ্দেশ্য হৈছে ঐতিহাসিক সত্য উদ্ধাৰ কৰা। ডক্টৰ ৰায়ে পন্ডিত বিদ্যাবিনোদৰ খুব সুখ্যাতি কৰি কৈছে যে তেওঁৰ যত্ন আৰু পুৰুষাৰ্থৰ ফলত কামৰূপৰ বুৰঞ্জীৰ যিবিলাক তথ্য ওলাইছে সেইবিলাক অসমীয়া বুৰঞ্জীলৈ বঙালীৰ দান। পন্ডিত বিদ্যাবিনোদক আমি অসমৰ মানুহ বুলি ধৰোঁ আৰু তেওঁ আদিৰেপৰা কামৰূপ অনুসন্ধান সমিতিৰ এজন গুৰিয়াল আৰু আজি পৰ্যন্ত এজন বিশিষ্ট সভ্য। এওঁৰ অনুসন্ধান আমি সমিতিৰ অনুসন্ধানৰে ভিতৰুৱা বুলিহে বিবেচনা কৰোঁ আৰু নতশিৰে দুইহাত আগবঢ়াই গ্ৰহণ কৰিছোঁ। আমাৰ জাৰ্ণেলত যিসকল বঙালী লিখকে লিখি আমাৰ বুৰঞ্জী চহকী কৰিছে তেওঁলোকৰ ওচৰত আমাৰ কৃতজ্ঞতা আমি জনাওঁ। ডক্টৰ ৰায়ক আমি জনাওঁ যে আজি ৪০০ বছৰৰ পূৰ্বে জলপাইগুৰি, ৰংপুৰ, কোচবিহাৰ আৰু পূৰ্ব মৈমনসিংহৰ অধিবাসীবিলাক প্ৰায় ১৫০০ বছৰ কামৰূপী আছিল। সমস্ত উত্তৰ বঙ্গ, মধ্যবঙ্গ প্ৰায় ১৫০০ বছৰ কামৰূপভুক্ত আছিল। সেইবাবে সেই ঠাইৰ বঙালীবিলাকক আমি প্ৰবসুৱা বুলিব নোৱাৰো। তেওঁলোক আদিতে কামৰূপী আছিল বুলিহে আমি দাবী কৰোঁ। আমি জানো যে ৰংপুৰ, মৈমনসিংহ, জলপাইগুৰি আৰু কোচবিহাৰৰ কলিতাবিলাক বঙালী কায়স্থ হোৱা আজি বেছি দিন হোৱা নাই। আজি প্ৰায় ১২০ বছৰৰ আগেয়ে ডক্টৰ বুকাননে এইবিলাক জিলাত বিস্তৰ কলিতা মানুহ দেখিছিল। সেই কলিতাবিলাকৰ তিৰোতাই মেখেলা পিন্ধিছিল আৰু তেওঁলোক তাঁত বোৱাত পটু আছিল। এই ১২০ বছৰৰ ভিতৰতে এই অসমীয়া মানুহবিলাকৰ কোনো চিন-চাব নোহোৱা হ’ল। ই আমাৰ পক্ষে অৱশ্যে বৰ বেজাৰৰ কথা; কিন্তু যিসকলে অসমক বঙ্গদেশৰ ভিতৰত সুমুৱাই বৃহত্তৰ বঙ্গ সৃষ্টি কৰিব খোজে তেওঁলোকৰ পক্ষে বৰ আনন্দৰ কথা হ’ব পাৰে। অসমীয়াৰ স্ব-জাতীয়তাবোধ আৰু স্বাতন্ত্ৰ্যবোধ দেখি ডক্টৰ ৰায়ে বেয়া পাব নালাগে।  আমি স্বতন্ত্ৰ হৈও বঙ্গদেশৰ আৰু অসমৰ বুৰঞ্জী অনুসন্ধান কৰাত সহায় কৰিম, কিন্তু কামৰূপ আৰু অসমৰ পূৰ্বৰ গৌৰৱ আমি পাহৰিব নোৱাৰোঁ। আমাৰ জাতীয় আৰু দেশীয় বুৰঞ্জী চিৰকাল পৰাধীনতাৰ মলিন ছায়াৰ তলত পৰি থকা হ’লে পূৰ্বস্মৃতি মচি পেলাবলৈ কিজানি অলপ-অচৰপ যত্ন কৰিলোঁহেঁতেন; কিন্তু আমাৰ অতীত যে অতিশয় উজ্জ্বল আৰু গৌৰৱপূৰ্ণ, এনে অতীতৰ স্মৃতি কোন সতেৰে পাহৰিম? ভাৰতবৰ্ষীয় জাতীয়তাৰ সোঁতত বুৰ মাৰি নিজৰ স্বতন্ত্ৰতা একেবাৰে হেৰুৱাম?
       “কামৰূপৰ প্ৰান্তৱৰ্তী উত্তৰ বঙ্গ আৰু পূৰ্ব বঙ্গৰ সৈতে কামৰূপৰ ভাষাগত, কৃষ্টিগত আৰু জাতিগত সাদৃশ্য বহুত আছে আৰু থাকিবৰে কথা। কিন্তু সেইবুলি অসমীয়া বা কামৰূপী ভাষা বঙ্গ ভাষাৰ ঠেঙুলি, আৰু অসমীয়া বা কামৰূপী কৃষ্টি বঙালী সভ্যতাৰ নকল আৰু অসমীয়া জাতিৰ ব্ৰাহ্মণ, কায়স্হাদি উচ্চবৰ্গ সকলো বঙ্গদেশৰ পৰা আদিতে অহা, এনে দাবী কৰা অন্যায়। অসমীয়া ‘ডাকপুৰুষ’ বঙালী, অসমীয়া অনন্ত কন্দলী বঙালী, অসমীয়া সুকনান্নী ৰচনা কৰা সুকবি নাৰায়ন বঙালী, অসমীয়া কন্যাৰ বাৰমাহী গীত বঙালী ‘বাৰমাস্যা গীত’ – এনে বুলি দাবী কৰা আৰু অন্যায়। ইফালে আমি দাবী কৰোঁ যে উত্তৰ বঙ্গৰ অধিবাসীবিলাকৰ অধিক ভাগ মূলতে অসমীয়া কলিতা আৰু বাকীবিলাক অসমীয়া কোচ বা ৰাজবংশী, উত্তৰ বঙ্গৰ ভাষা কামৰূপী ভাষাৰে ঠেঙুলি আৰু উত্তৰ বঙ্গৰ সভ্যতাৰ মূল কামৰূপী সভ্যতা – তেনেহ’লে এই দাবী কোনেও ঐতিহাসিক সত্যৰ ওপৰত নিৰ্ভৰ কৰি একেবাৰে দলিয়াই পেলাব নোৱাৰে।……”
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close