আপোনাৰ শিশু, বিকাশ আৰু শ্ৰেণীকোঠা

পুষ্পাঞ্জলী শিৱম শৰ্মা

এটা শ্ৰেণীকোঠাই হৈছে আৰম্ভনি ,যত এটি শিশু ভবিষ্যতে সুনাগৰিক হোৱাৰ অন্যতম অৰ্হতা লাভ কৰিব সক্ষম হয়৷ই হৈছে এনে এক মাধ্যম যত এজন শিক্ষকে প্ৰতিজন শিক্ষাৰ্থীৰ সিহঁতৰ ব্যক্তিভিন্নতা অনুসৰি অতি কৌশলতাৰে যত্নৰ দ্বাৰা সৰ্বাধিক বিকাশত অৰিহণা যোগাব পাৰে ৷শিকন এক অবিৰত প্ৰক্ৰিয়া আৰু ইয়াৰ আদি অন্ত কেৱল ঘৰ বা বিদ্যালয়ৰ মাজতে সীমাবদ্ধ নহয় ৷শ্ৰেণীকোঠাতো প্ৰতিটো মুহূৰ্ততে প্ৰতি গৰাকী শিশুৰ শিকন অহৰহ চলি থাকে ৷সমাজত সমজোযনৰ যি প্ৰস্তুতি তাৰ আৰম্ভনিও ইয়াৰ পৰাই হয় ৷ইয়াৰ বাবে এজন শিক্ষকেও কৃপণালি কৰিব নালাগে বৰন্চ শিশুক সামাজিক কৌশল আয়ত্তকৰনত সহায়ক হব লাগে ৷যেনে, শিশুক অন্য শিশুৰ লগত খেলাধূলা কৰাত উৎসাহিত কৰা,সিহঁতক উদ্যানত নিয়া,ৰাজহুৱা স্থানবোৰত লৈ গৈ কি কৰনীয় কি বৰ্জিত আদিৰ বিষয়ে জ্ঞান দিয়া ইত্যাদিৰ ধাৰণা প্ৰদান ৷
  আচৰণবাদীৰ প্ৰধান বক্তা ৱাটচনে যুক্তি প্ৰদান কৰিছিল যে তেওঁক যদি  এক ডজন সু্স্হ সৱল শিশু দিয়া হয় তেওঁ এই শিশুসকলক প্ৰশিক্ষনৰ দ্বাৰা যিকোনো বিশেষ পাৰদৰ্শিতাৰ এজন এজন ব্যক্তিলৈ পৰিৱৰ্তন কৰি তুলিব পাৰিব ৷সিহঁতৰ যোগ্যতা, পাৰদৰ্শিতা ,প্ৰৱনতা যিয়েই নহওক কিয় যদি একেৰাহে ব্যক্তিৰ আচৰণ আৰু পৰিৱেশ নিয়ন্ত্ৰণাধীন বা অনুবন্ধিত কৰিব পাৰি তেতিয়া আচৰনো নিয়ন্ত্ৰণ কৰি তাক মা্ৰ্জিত কৰিব পাৰি ৷আৰু শ্ৰেণীকোঠাৰ এই ক্ষেত্ৰত সৱল ভূমিকা নিশ্চিতভাৱে আছে ৷ভাইগতস্কিৰ মতে_ যিকোনো মানসিক কায্য যেনে চিন্তা কৰা নাইবা ভাষাৰ বিকাশ মানুহৰ বিকাশৰ ক্ষেত্ৰত দুগুণে দেখা দিয়ে ৷
প্ৰথমতে এটি মানসিক কায্যই শিশুৰ বাহ্যিক ভাগত দেখা দিয়ে আৰু যেতিয়া শিশুৰ শৈক্ষিক আহিলা যেনে শব্দৰ আৰু সমস্যা সমাধানৰ কৌশলবোৰ প্ৰদৰ্শন কৰে, তেতিয়া সেই আহিলা সম্পূৰ্নৰুপে নকল কৰি কৰে ৷সময় পাৰ হোৱাৰ লগে লগে সিহঁতে আহিলাবোৰ পুনঃ পুনঃ ব্যৱহাৰ কৰে ৷নিয়মিতভাৱে তথা অভ্যাসৰ দ্বাৰা সিহঁতে আহিলাবোৰ সজাই লৈ আয়ত্তকৰন কৰে ৷
বিকাশৰ দিশৰ পৰা এটি শিশুৰ প্ৰথম তিনিটা বছৰত মগজুৰ synaptic connection অৰ্থাৎ শিশু’ৰ মগজুৰ বহন কৰিব পৰা  সম্ভৱনাৰ পূৰ্ণ বিকাশ প্ৰক্ৰিয়া দ্ৰুততৰ হয় ,আৰু ই বাধাবিঘিণি পালে মগজুৰ বিকাশত হানি হব পাৰে ৷গতিকে শ্ৰেণীকোঠাত এই সম্পৰ্কত শিক্ষকসকল সাৱধান হোৱাটো দৰকাৰী ৷এই বাধা মানসিক শাৰীৰিক সামাজিক আদি দিশৰ পৰা হব পাৰে ৷যাৰ বাবে চৰকাৰেও ECCE অৰ্থাৎ প্ৰাকশৈশৱকাল যতন আৰু শিক্ষা কাৰ্য্যসূচীৰ দ্বাৰা সৰ্বাত্মক শিক্ষন আৰু বিকাশৰ সুযোগ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে ৷সমাজৰ অৱহেলিত,দুখীয়া পৰিয়ালৰ বন্চিত হোৱা শিশুৰ বাবে সাসুবিধাবোৰ ইয়াৰ দ্বাৰা পূৰণৰ ব্যৱস্থা কৰা হৈছে ৷শিকোৱা প্ৰক্ৰিয়াৰ উন্নত নীতিয়ে শ্ৰেণীকোঠাত শিশুৰ আচৰণ নিয়ন্ত্ৰণ কৰি তাক সঠিককৈ সংশোধনৰে শিক্ষনক আগুৱাই নি শ্ৰেণীকোঠাতে এক উন্নতিৰ দিশত সিহঁতক আগুৱাই নিয়াত সহায়ক হয় ৷

Related Articles

error: Content is copy right protected !!
Close