আত্মহত্যা এটা খবৰেই নে ? – সংগীতা দাস

প্ৰেম এক সুন্দৰ অনুভৱ। শব্দত প্ৰকাশ কৰা বা মুখেদি কোৱাতকৈ প্ৰেমক অনুভৱহে কৰিব পাৰি। প্ৰেমৰ পৰিসৰ যথেষ্ট বহল যদিও আজিৰ বিষয়টোত আত্মহত্যা আৰু ইয়াৰ অগ্ৰাসনৰ বিষয়ে আলোচনা কৰিব লোৱা হৈছে। অলপ বহল পৰিসৰৰ পৰা চালে প্ৰেম হল এজনে আনজনৰ লগত কিমান বিকশিত হৈছে, কঠিন সময়ৰ মাজতো ইজনে আনজনৰ সহযোগিতাত কেনেকৈ জীৱনটো উপভোগ্য কৰি তুলিব পৰিছে, বস্তুবাদ, বাহ্যিক সৌন্দৰ্যৰ পৰিধি ভাঙি কেনেকৈ সুন্দৰ জীৱন যাপন কৰিছে সেয়াই প্ৰেম। নিগেটিভিটি বা অযথা ড্ৰামাৰ পৰা নিজক কেনেকৈ বচাই ৰাখিছে আংশিক ভাবে এয়াই প্ৰেমৰ শক্তি কিন্তু সময়ৰ লগে লগে প্ৰেমেও স্বকীয়তা হেৰুৱাইছে। অতি আধুনিকীকৰণে মনবোৰৰ লগতে প্ৰেমকো কৃত্ৰিম আৰু কলুষিত কৰি তুলিছে। প্ৰেমত পৰাৰ আগত আনকি পিছতো এশবাৰ ভাবিবলৈ বাধ্য হব লগা হৈছে আজিৰ সময়ত। কিন্তু কিয়? প্ৰেমৰ বিপনী মেলি বহা এচামৰ কাৰণে নে আমিবোৰৰ যান্ত্ৰিক মানসিকতা, অমনোযোগিতাৰ কাৰণে?
দিনে দিনে বাঢ়ি অহা আত্মহত্যাৰ খবৰবোৰে কি দেখুৱাইছে আমাক?
এবাৰ ভাবি চাইছো নে আমি? এজনক শাৰীৰিক অথবা মানসিক ভাবে হত্যা কৰাও যেন তেনেই সহজ আজিকালি। এইবোৰ এটা খবৰৰ বাহিৰেও বেলেগ বুলি ভাবিছোনে আমি? নাই ভবা, কাৰণ হয়তো এতিয়ালৈ মোৰ পৰিয়ালৰ কোনো তেনে কবলত পৰা নাই। কিন্তু কিমানদূৰ নিশ্চিত যে আমাৰ লগত এনেবোৰ নহব কাহানিও? প্ৰেমৰ সম্পৰ্ক আজিকালি জীৱনদায়িনী নহৈ ঘাটক ৰূপ লৈছে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ মতে 3.2 % আত্মহত্যা প্ৰেমজনিত কাৰণত হয়। আৰু ডাঙৰ কথাটো হল আত্মহত্যাৰ পৰিসংখ্যাত অসমৰ নাম প্ৰথম তাৰ পিছতহে তামিলনাডু আৰু মধ্যপ্ৰদেশ (৪৯৪,৩৮৬, ৩৫৫ ,NCRB ১২)।

বৰ্তমান সময়ৰ সাংঘাতময় প্ৰেম, বিফলতা আদিৰ প্ৰধান কাৰণ হল অবিশ্বাস, ক্ষন্তেকীয়া যৌনসুখ লাভৰ ইচ্ছা, বহুগামী হোৱাৰ মানসিকতা, সুস্থ সম্পৰ্কৰ প্ৰতি সন্মানবোধ নোহোৱা ইত্যাদি আৰু এই সকলোতে সাৰপানী যোগাইছে বিভিন্ন চছিয়েল নেটৱৰ্কিং চাইট আৰু নিচেই সহজলভ্য পৰ্ণগ্ৰাফী চাইট বোৰে।

বিকৃত ৰূপত আত্মহননৰ কথা প্ৰকাশ কৰি মিডিয়াও সমানে অংশীদাৰ হৈছে বুলিব পাৰি। সঘনাই হৈ থকা আত্মহত্যাৰ প্ৰকৃত কাৰণ সহজে কোৱা টান যদিও কেইটামান কাৰণ বিশেষভাবে উল্লেখ কৰিব পাৰি।
প্ৰেমত প্ৰতাৰিত বা বিফল হলে বেছিভাগ মানুহে ডিপ্ৰেছনৰ চিকাৰ হয়। ডিপ্ৰেছনৰ লগত মোকাবিলা কৰিব নোৱাৰিলেই বহুতে আত্মহত্যাৰ পথ বাছি লয় । আজিকালি ফোনেই হওক বা আন মাধ্যমেই হওক যোগাযোগ অতি সহজ হৈ পৰিছে। নতুন নতুন অফাৰেৰে মোবাইল কোম্পানীসমূহেও ইয়াত অৰিহণা যোগাইছে যাৰ ফলত মানুহৰ সামাজিক জীৱন ব্যাহত হৈ পৰিছে। হেজাৰ হেজাৰ বন্ধুৰ মাজত যেন অকলশৰীয়া অনুভৱ, বিভিন্ন নিগেটিভ চিন্তাধাৰাৰ উদয় হৈছে আৰু এইবোৰৰ লগত কেনেকৈ খাপ খাই চলিব লাগে তাক বুজাত যথেষ্ঠ অসুবিধা হৈছে। e ৱৰ্ল্ড খনৰ ষ্টেটাছ আজিৰ দিনত সামাজিক জীৱনটোতকৈ বেছি প্ৰাধান্য পাইছে। যাৰ ফলত যুৱ প্ৰজন্মই নিজৰ স্থিতিক লৈয়ে সন্দেহাবৰ্তত সোমাইছে বুলিব পাৰি।

বহুসময়ত দেখা যায় প্ৰেমৰ সম্পৰ্ক এটাত থাকিলে প্ৰায় সকলো সময় প্ৰেমিকজনৰ নামতেই উচৰ্গা কৰা হয়। ঘণ্টাৰ পিছত ঘণ্টা বাৰ্তালাপ, মেছেজ ইত্যাদি দিনটোৰ সৰহভাগ সময়ৰ ৰুটিন হৈ পৰে ,যাৰ ফলত বন্ধু বান্ধৱৰ সংখ্যা যথেষ্ঠ কমি যায় আৰু সামাজিক জীৱন প্ৰায় শূন্য হৈ পৰে। শেষত যেতিয়া সেই বিশেষ ব্যক্তিজনেই নাইকিয়া হৈ যায় তেতিয়া সকলোবোৰৰ অন্ত পৰে ফলত সেই বিচ্ছেদ সহ্যতীত হৈ পৰে। বন্ধুবৰ্গ বা পৰিয়ালৰ সহযোগ নাপালে এনে বহু ব্যক্তিয়ে আত্মহননৰ পথো বাছি লব পাৰে।

সহজলভ্য নেটৱৰ্কিং চাইট সমূহে সম্পর্কবোৰ টুলুঙা কৰে, সম্পৰ্কত থকা বিশ্বাস কমাই পেলাই, ইয়াৰ কাৰণ হল সহজলভ্যতা ।সহজলভ্য প্ৰেমিক, প্ৰেমিকা, বন্ধু যাৰ বাস্তৱ জীৱনত মূল্য নিচেই কম। এই বিভিন্ন চাইসমূহে যুৱপ্ৰজন্মৰ মাজত তুলনা আনে, হীনমান্যতা বঢ়াই। অনাহক খং, অস্থিৰতা, আত্মবিশ্বাসহীনতা ইত্যাদিও গম নোপোৱাকৈ বঢ়াই তোলে।
আনৰ জীৱনত নিজতকৈ বেছি গুৰুত্ব প্ৰদান কৰাৰ ফলত বিপদৰ সময়ত নিজৰ লগতে মোকাবিলা কৰিব অসুবিধা হয়।

বৰ্ধিত প্ৰেমজনিত মানসিক অসুবিধা আৰু আত্মহত্যাৰ আন এটা প্ৰধান কাৰণ হল” wrong judgment of society ” ছোৱালীৰ যিটো ইমেজ সমাজে, পৰিশীলতা বা সন্মানৰ নামত যিবোৰ নিয়ম বান্ধি দিছে সেইবোৰেই আত্মহত্যাত অৰিহণা যোগায়।
প্ৰেমত যৌনতা এটা সাধাৰণ কথা। মুকলিকৈ নকলেও বেছিভাগ প্ৰেমৰ সম্পৰ্কত যৌনতা থাকেই। কিন্ত্ত যৌন সম্পৰ্ক হোৱা অবিবাহিত ছোৱালী এজনীৰ প্ৰতি সমাজৰ যি দৃষ্টিভংগী তাক সহ্য কৰিব নোৱাৰিও বহু ছোৱালীয়ে আত্মহত্যাৰ দৰে পথ বাছি লয়। যেতিয়ালৈ ছোৱালীৰ dignity অকল virginity দি চোৱা হব তেতিয়ালৈ এনে সমস্যা সমস্যা হৈয়ে থাকিব।
আনহাতে লৰাৰ কামৰ ক্ষেত্ৰতো যি নিয়মাৱলী বনোৱা আছে তাৰ বাবে বহু লৰাই নিজৰ দুৰ্বলতাবোৰ জোৰকৈ ঢাকি ৰাখিব লগা হয় ।নিজক নিজৰ ধৰণে প্ৰকাশৰ সুবিধা নেপাই। আৰু এই অপ্ৰকাশ্য দুৰ্বলতা কেতিয়াবা প্ৰয়োজনতকৈ বেছি ভয়াবহ হৈ পৰে।
এণ্ড্ৰইদৰ পৃথিৱীখনে গোলকীয় গাঁও সৃষ্টি কৰিছে হয় কিন্তু অতি সহজে উপলব্ধ পৰ্ণগ্ৰাফী, বিকৃত যৌনতা সম্পৰ্কীয় লিখনি, ফটোগ্ৰাফ, যৌনতাক তেনেই সহজলভ্য কৰি তোলা কিছুমান এপ আদিয়ে যুৱসমাজৰ সংযম হেৰুৱাই যৌন অপৰাধ সংঘটিত কৰাত যথেষ্ট অৰিহণা যোগায়। সস্তীয়া ছবি, পৰ্ণগ্ৰাফী ইত্যাদিয়ে নিজা সম্পৰ্কবোৰ যেনে মা ভনী, মাহী, খুৰী বা খুৰা, পেহা ইত্যাদিবোৰক বিকৃত ৰূপত প্ৰতিষ্ঠা কৰি সম্পর্কবোৰৰ গভীৰতা, সন্মানত প্ৰভাৱ পেলাইছে। নাৰীৰ প্ৰতি হেৰুৱা সন্মানে দামিনি কাণ্ডৰ দৰে যৌন অপৰাধ বোৰত যথেষ্ঠ প্ৰভাৱ আওপকীয়াকৈ পেলাই।
উপযুক্ত যৌন শিক্ষাৰ অভাৱো আজিৰ অপৰাধ প্ৰবন মানসিকতাৰ আন এক প্ৰধান কাৰণ। যিখন দেশত এশ নিয়মেৰে পবিত্ৰ ভাবে দেৱীৰ যোনী পূজা হয়, মাহজোৰা লিংগ পূজা হয়, ভগৱানৰ বিবাহ বহিৰ্ভূত প্ৰেম পূজা কৰা হয় সেইখন সমাজত লৰা ছোৱালীৰ বন্ধুত্বকো সন্দেহৰ চকুৰে চোৱা হয়। সৰুৰে পৰা আমি লৰা ছোৱালীক শাসন কৰো কিন্তু বন্ধু নহওঁ । বহু সময়ত সিহঁতৰ লগত কি হৈ আছে, কি হৈ নাই অভিভাৱকে গম নাপাই। পৰিবেশৰ লগত মিলিব পৰিছে নে নাই, মানসিক ভাবে সবল হৈ আছে নে নাই প্ৰায়ভাগ অভিভাৱকে গুৰুত্ব দিয়া দেখা নাযায়। যেনেকৈ সৰুতে শিকোৱা হয় অমুকটো কৰা, এনেকৈ কৰা কিন্তু বহুত কমেই সন্তানক শিকাই এনেকৈ নাভাবিবা, এনে ব্যৱহাৰ নকৰিবা। যাৰ ফলত নকৰিবলগীয়া বহুতো কামৰ কথা শিশু আৰু কিশোৰে গম নোপোৱাকৈ থাকি যায়। ঘৰত যিটো পৰিবেশ পাই ডাঙৰ হোৱা যায় বাহিৰলৈ আহি পোৱাৰ পাছত সেই পৰিৱৰ্তিত পৰিবেশত কেনেকৈ মিলি চলিব লাগে তাৰ শিক্ষা খুব কম অভিভাবকেহে দিয়া দেখা যায়।
স্কুল কলেজত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি নকৰা বাবেই আজিকালি বিশৃংখলতা বৃদ্ধি পাইছে। কাৰণ কিশোৰ বা প্ৰাক যৌৱনত যৌন বিষয়ক আগ্ৰহ, যৌন কাৰ্য কৰি চোৱাৰ যি হেঁপাহ সেয়া নিতান্তই স্বাভাৱিক। কিন্তু যৌনতাৰ লগত উদ্ভৱ হোৱা অসুবিধাবোৰ, প্ৰতিৰোধ বা সাবধনতাবোৰ লগতে সামাজিক বিশ্লেষণৰ বিষয়ে যুৱসমাজ বিশেষকৈ কিশোৰ কিশোৰী তেনেই অজ্ঞাত। ইয়াৰ ফলত উদ্ভৱ হোৱা অপৰাধবোধ কেতিয়াবা চূড়ান্ত সীমা অতিক্ৰম কৰা দেখা যায়।
বৰ্ধিত ডিপ্ৰেছন, মানসিক অশান্তি, সংঘাতময় সম্পৰ্ক আৰু আত্মহত্যাৰ সকলোতকৈ গুৰুত্ত্বপূৰ্ণ কাৰণটো হল সহায়ৰ বাবে আগবাঢ়ি নহাটো। অসুবিধাসমূহ মনৰ মাজত ৰাখি ব্যক্ত নকৰাকৈ বহু যুৱক যুৱতীয়ে ভুল সিদ্বান্তৰ চিকাৰ হয়। সহায় লোৱাটো দুৰ্বলতা নহয় বৰং সুস্থ মানসিকতাৰহে পৰিচায়ক এই উপলব্ধিটো বহুতৰ মাজত দেখা নাযায়। এটা ভুলেই জীৱনৰ দিশ নিৰ্ণয় নকৰে, ভাৱিষ্যত নিৰূপন নকৰে। উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত, উপদেশ ললে ভুল এটাই বা দুৰ্ঘটনা এটা জীৱনৰ টার্নিং পইণ্টহে হোৱা দেখা যায়। life is not interesting if there is no mistakes. গতিকে যিকোনো মানসিক দ্বিধাগ্ৰস্ততাত আগবাঢ়ি আহি সাহসৰ পৰিচয় দিয়া উচিত ।

সস্তীয়া জনপ্ৰিয়তা, নিয়ন্ত্ৰণহীন আবেগৰ বাবে বহুতো লৰা ছোৱালীয়ে বিশৃংখল জীৱন যাপন কৰে। আদব কাইদা যদিও আমাৰ অতি আধুনিক হৈ গৈ আছে মানসিকতা কিন্তু জকাইচুকতে সোমাই আছে এতিয়াও। বিলাসিতা আৰু ইজি মানি খেদি বহুতো ছোৱালীয়ে নিজক পণ্য সামগ্ৰী হিচাপে আগবঢ়াই দিছে আৰু এই সহজলভ্যতাই বহুতকে আকৰ্ষনো কৰিছে যদিও আন কাৰোবাৰ হয়তো অন্ধকৰো মাতিছে। মুহূৰ্তৰ আনন্দ উত্তেজনাৰ কাৰণে বহুতেই বিশৃংখল জীৱন ধাৰা বাছি লয়, সুস্থ সম্পৰ্কৰ ধাৰণাটোক উপলুঙা কৰে। ইয়াৰ ফলাফল কোনোবা নিৰ্দোষ এজনে ভোগ কৰিব লগা হয় কাৰণ নিজৰ আপোনজনৰ এনে অতি মুক্ত মনোভাব, বা প্ৰতাৰণামূলক ব্যৱহাৰ সহিব নোৱাৰিলে জীৱনৰ চৰম পন্থা লবও কিছুমানে কুণ্ঠাবোধ নকৰে।

এই সকলোবোৰ সমস্যা আমি সৃষ্টি কৰা গতিকে ইয়াৰ সমাধানো আমিয়েই কৰিব লাগিব। হয় আপোনালোককেই কৈছোঁ। সমাজ আৰু পৰিয়ালৰ মানসিকতা সলনি কৰাৰ সময় সমাগত। আমি অনুভৱ কৰিব হল এটা জীৱন কাৰোবাৰ বাবে ধেমালি নহয়, হাতৰ খেল নহয়, আত্মহত্যা মাত্ৰ এটা খবৰ কাগজ বা টিভিৰ খবৰ নহয়। প্ৰতিজন নাগৰিকেই চকু দিবৰ সময় হল এই সমস্যাত কাৰণ কি জানে কাইলৈ হয়তো আপোনাৰ সন্তানো এটা খবৰ হৈ আহিব পাৰে আপোনাৰ ওচৰলৈ। কিছুমান ধাৰণা সলনি কৰি আগবঢ়া সময় আজিয়েই কাৰণ কাইলে উপলব্ধি কৰালৈ যাতে পলম হৈ নাযায় তাৰ বাবে সচেতন হোৱাৰ সময় এয়াই। গতিকে আগবাঢ়ি কথা পাতক চোন নিজৰ পৰিয়ালটোৰ লগত আজিৰ পৰাই।

সংগীতা দাস , চাইক’লজিষ্ট (96138-69819)

 

Related Articles

error: Content is copy right protected !!
Close