আজি পৃথিৱীৰ কাষেৰে পাৰ হ’ব তিনিটা গ্ৰহাণু

মহাবাহু

কেলিফ’ৰ্নিয়া, ২৬ জুলাই শনিবাৰে সন্ধিয়াপৰত, ৭ বাজি যোৱাৰ পিছত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব তিনিটা গ্ৰহাণু। ২০১৯ চনক কেন্দ্ৰ কৰি ‍‘নাছা’ই তিনিওটা গ্ৰহাণুৰ নামকৰণ কৰিছে। এটাৰ নাম ‍‘২০১৯ ওডি’, আন এটাৰ ‍‘২০১৯ এইচ-এম ১০’, আৰু শেষৰটোৰ নাম ‍‘২০১৯ ৱাই’। বুধবাৰৰ নিশাৰপৰাই পৃথিৱীৰ কক্ষপথৰপৰা চাৰে-তিনিলাখ কিলোমিটাৰ নিলগত অৱস্থান কৰা গ্ৰহাণুবোৰ ক’ৰপৰা সৃষ্টি হৈছে, সেই সম্পৰ্কে কোনো ধৰণৰ মন্তব্য কৰা নাই ‍‘নাছা’ই। কিন্তু প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে যে সুদূৰৰ কোনো গ্ৰহ—যি আমাৰ এই সৌৰমণ্ডলৰ সদস্য নহয়, তেনে গ্ৰহই ছিন্ন-ভিন্ন হৈ পৃথিৱীৰ কক্ষপথৰ মাজত সোমাই পৰিবলৈ গতি কৰি আছে।

শনিবাৰে (২৭ জুলাই, ২০১৯) সন্ধিয়া ৭ বজাৰ পিছত কোনো গ্ৰহৰ সেই খণ্ড-বিখণ্ড টুকুৰাবোৰ পৃথিৱীৰপৰা মাত্ৰ ৯৬১৯১৪ কিলোমিটাৰ দূৰেৰে গুচি যাব। শনিবাৰে নিশা ৭-০৫ বজাত গ্ৰহাণুবোৰৰ গতিবেগ হ’ব ঘণ্টাত ২০১৬০ মাইল। ‍‘২০১৯ ওডি’য়ে নিশা ৮-০৩ বজাৰপৰা ৮-০৫ বজাৰ ভিতৰত পৃথিৱীৰ কক্ষপথৰপৰা সাতলাখ মাইল দূৰেৰে গুচি যাব। পৃথিৱীৰপৰা চন্দ্ৰৰ দূৰত্বৰ প্ৰায় অৰ্ধেক দূৰত্বৰ মাজেৰে গ্ৰহাণু তিনিটা পাৰ হৈ যাব যদিও বিপদৰ কোনো আশংকা নাই বুলি ‍‘নাছা’ই জনাইছে। ‍‘নাছা’ৰ গৱেষণা বিভাগে জনাইছে যে পৃথিৱীৰ কক্ষপথৰ বাহিৰৰ সবাতোকৈ ক্ষুদ্ৰ অংশ ‍‘২০১৯ ওডি’ৰ ব্যাসাৰ্ধ হৈছে ৩৯৪ ফুট, আৰু গধুৰ গ্ৰহাণুটোৰ ব্যাসাৰ্ধ হ’ল ৫০০ ফুটৰো বেছি। ইতিপূৰ্বেও উল্কাপাতক লৈ সঠিক সময়ৰ গণনা কৰিছিল ‍‘নাছা’ৰ বিজ্ঞানীয়ে।

এইবেলি বিশালাকাৰ গ্ৰহাণুক লৈ বিজ্ঞানীসকলে আলোচনা আৰম্ভ কৰিছে। ইতিমধ্যে নাছাৰ বিজ্ঞানীয়ে এণ্টাৰ্কটিকাত বাহৰ পাতিছে। পৃথিৱীৰ সেই অংশৰ ওপৰেৰে ধাৱমান হ’বলৈ অকল্পনীয় বেগত আহি থকা গ্ৰহাণুৰ তথ্যপঞ্জীসহ আলোকচিত্ৰ সংগ্ৰহ কৰিব ‍‘নাছা’ই। ইয়াৰ আগতেও ২০১৮ চনৰ জানুৱাৰী মাহত উত্তৰ-পশ্চিম আফ্ৰিকাৰপৰা এটা উল্কাপিণ্ডৰ সন্ধান পাইছিল ‍‘নাছা’ই। সেই উল্কাপিণ্ডৰ নামকৰণ কৰা হৈছিল ‍‘ব্লেক বিউটি’। এইবাৰো কিবা গুৰুত্বপূৰ্ণ তথ্য পোৱা যাব নে নাই, তাকে লৈ বিজ্ঞানীসকল উদ্বিগ্ন হৈ আছে।

‍‘নাছা’ৰ সহযোগী সংস্থা আৰিজোনাৰ ‍‘বাৰিঞ্জা মেটিওৰ কেটাৰ’ৰ বিজ্ঞানীসকলে আশংকা কৰিছে যে যেতিয়াই পৃথিৱীৰ কক্ষপথৰ মাজত তিনিওটা গ্ৰহাণু প্ৰৱেশ কৰিব, তেতিয়াই তীব্ৰ দহনৰ বাবে গ্ৰহাণু তিনিওটা জ্বলি-পুৰি ভস্ম হৈ যাবও পাৰে। ‍‘নাছা’ৰ ইতিহাসে দাঙি ধৰিছে যে ১৮৯০ চনত আৰিজোনাত একে প্ৰকাৰৰ এটা গ্ৰহাণুৰ আঘাতত ৩৮০ ফুটৰ এটা গাঁত সৃষ্টি হৈছিল আৰু সেই সময়ৰ মহাকাশবিদসকলৰ মতে সেইটো গ্ৰহাণুৰ ওজন আছিল মাত্ৰ ৮ পাউণ্ড (প্ৰায় চাৰ-তিনি কিলোগ্ৰাম)।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!