আই.আই.টিত নামভৰ্তি পৰীক্ষাত অনুত্তীৰ্ণ হৈও গুগলত পালে ১.২ কোটি টকাৰ চাকৰি

মহাবাহু

মুম্বাই : কোনো এক পৰীক্ষাত অকৃতকাৰ্য হোৱাৰ অৰ্থ এয়া নহয় যে ‍‘সোণোৱালী ভৱিষ্যত’ৰ সপোন সমাপ্ত হৈ পৰিল। এয়া অলপতে প্ৰমাণ কৰিলে মুম্বাইৰ ২১ বছৰীয়া তৰুণ আব্দুল্লা খানে।

আব্দুল্লা পঢ়া-শুনাত ‍‘ভাল ছাত্ৰ’ হিচাপেই পৰিচিত। তেওঁ আগ্ৰহ আছিল আই.আই.টিত পঢ়িবলৈ। আই.আই.টিৰ প্ৰৱেশিকা পৰীক্ষাতো অৱতীৰ্ণ হৈছিল তেওঁ। কিন্তু অকৃতকাৰ্য হয়। হতাশ হোৱা নাছিল আব্দুল্লা। সেইজন আব্দুল্লাৰ বাবেই এতিয়া আহিছে গুগলৰ মহাৰ্ঘ প্ৰস্তাৱ—বিশ্বৰ অন্যতম অগ্ৰণী সংস্থা গুগলৰ লণ্ডন কাৰ্যালয়ত চাকৰি! দৰমহা বছৰি ১.২০ কোটি টকা (ভাৰতীয় টকাৰ হিচাপত)!!

মুম্বাইৰ মীৰা ৰোডৰ শ্ৰী এল.আৰ. তিৱাৰী ইঞ্জিনিয়াৰিং কলেজৰ ‍‘কম্পিউটাৰ ছায়েন্স’ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ আব্দুল্লা। ইঞ্জিনিয়াৰিঙৰ স্নাতক (বি.ই.) হোৱাৰ পূৰ্বেই তেওঁ পালে গুগলৰ তৰফৰপৰা চাকৰিৰ প্ৰস্তাৱ। ই এক ব্যতিক্ৰমী ঘটনা হিচাপেই পৰিচিত হৈছে। সংশ্লিষ্ট মহলে জনাইছে যে ‍‘নন-আই.আই.টি.’ ইঞ্জিনিয়াৰিং কলেজৰপৰা স্নাতক হৈ ওলোৱাৰ পিছত মুম্বাই চহৰত যিবোৰ চাকৰি পোৱা যায়, সেই চাকৰিবোৰৰ বাৰ্ষিক দৰমহা গড়ে প্ৰায় ৪ লাখ টকা। তেনেক্ষেত্ৰত স্নাতক হোৱাৰ পূৰ্বেই মাহে প্ৰায় ১০ লাখ টকাকৈ বছৰি ১.২০ কোটি টকাৰ চাকৰি পাবলৈ সক্ষম হৈছে আব্দুল্লাই। কিদৰে ভাগ্যৰ তলা খুলি গ’ল তেওঁৰ? ঘটনাটো হ’ল, গুগলৰ এক ‍‘অনলাইন’ পৰীক্ষাত আব্দুল্লা অৱৰ্তীর্ণ হৈছিল। সেই পৰীক্ষাত তেওঁ দেখুওৱা পাৰদৰ্শিতা তথা তেওঁৰ প্ৰ’ফাইল দেখা পায়েই আব্দুল্লাৰ সৈতে গুগলৰ সংশ্লিষ্ট বিষয়াই যোগাযোগ কৰে। যোৱা নৱেম্বৰ মাহত গুগলৰ তৰফৰপৰা আব্দুল্লালৈ এখন ই-মেইল আহে। সেই মেইলৰদ্বাৰা তেওঁক জনোৱা হয় যে তেওঁ যদি ইচ্ছা কৰে গুগলৰ ইউৰোপৰ সদৰ কাৰ্যালয়ত চাকৰিৰ বাবে প্ৰথা অনুসৰণ কৰি সাক্ষাৎকাৰ দিব পাৰে। ইমান লোভনীয় প্ৰস্তাৱ! আব্দুল্লাই সেই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু সাক্ষাৎকাৰ দিবলৈ সাজু হয়। তেওঁ কেইবাবাৰো ‍‘অনলাইন’ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু যোগ্যতাসহকাৰে উত্তীৰ্ণ হোৱাৰ পিছত হয় চূড়ান্ত ‍‘স্ক্ৰিনিং’। সেই চূড়ান্ত পৰ্যায়তো অতি যোগ্যতাৰে উত্তীৰ্ণ হোৱাৰ পিছত গুগলৰ তৰফৰপৰা আব্দুল্লাৰ ছাত্ৰাৱাসৰ ঠিকনালৈ পত্ৰ প্ৰেৰণ কৰা হয়—গুগলৰ লণ্ডনৰ কাৰ্যালয়ত যোগদান কৰিবলৈ। পত্ৰৰ সৈতে প্ৰেৰণ কৰা হয় চাৰিবছৰীয়া চুক্তিপত্ৰ, বাৰ্ষিক‍ ‘পেকেজ’ ১.২০ কোটি টকা। ‍‘বেছিক ছেলাৰি’ ৫৪.৫০ লাখ টকা (৬০০০০ পাউণ্ড), ১৫%বোনাচ, ৫৮.৯ লাখ টকাৰ ষ্টক। অহা ছেপ্টেম্বৰত লণ্ডনলৈ উৰা মাৰিবলৈ সাজু হৈছে আব্দুল্লা। সাধাৰণ নিম্নবিত্ত পৰিয়ালৰ সন্তান আব্দুল্লাই গুগলৰ পত্ৰ লাভ কৰি প্ৰথমতে বিশ্বাসেই কৰা নাছিল, কিন্তু যেতিয়া গম পালে যে গুগলে তেওঁক সঁচাই প্ৰস্তাৱ দিছে—তেওঁ আনন্দত আত্মহাৰা।

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close