|| আইতাই কৈছিল ||

অঞ্জন শৰ্মা

আইতাই কৈছিল
পথ হেৰুৱালে অহা পথটোৰে পুনৰ
পিছুৱাই যাব লাগে
লক্ষ্য কৰিব লাগে কোনখিনিত
ভুল হৈছিল…

আইতাই কৈছিল
হেৰুৱাই পেলোৱা অতীতৰ সম্পদো
এনেদৰেই উদ্ধাৰ কৰিব পাৰি!

মই সৰু আছিলো
আইতাই কোৱা কথাবোৰ
বুজিবলৈ চেষ্টা কৰিছিলো
ডাঙৰ হৈ সেইবাবেই অধ্যয়ন কৰিছিলো
ইতিহাস
পিছুৱাই গৈছিলো বহুদূৰ
প্ৰাচীন কামৰূপৰ ইতিহাসৰ
পৃষ্ঠাই পৃষ্ঠাই বিচৰণ কৰিছিলো মই
বিচৰণ কৰিছিলো কোচবিহাৰৰ
ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই
বিচৰণ কৰিছিলো চুতীয়াৰ ইতিহাসৰ
পৃষ্ঠাই পৃষ্ঠাই আহোম ইতিহাসৰ…

মই গৈছিলো হাদিৰাচকীলৈ
কানাই বৰশী বোৱা শিলাখন্ডলৈ
বখতিয়াৰৰ ঘোঁৰাই চেকুৰি যোৱা
উত্তৰ গুৱাহাটীৰ শিলসাঁকোলৈ
উশাহত টানিছিলো মই জয়সাগৰৰ বতাহ
আঃ ৰুদ্ৰসিংহ…!

মই মেৰুদণ্ড পোন কৰি থিয় হৈছিলো
লাচিতৰ মৈদামত
নৰনাৰায়ণৰ সন্ধান কৰিবলৈ গৈ
বেকী আই মানাহ চম্পাৱতী পাৰ হৈ হৈ
নিশাহ এৰিছিলো মই কোচবিহাৰত…

সেইবোৰ অধ্যয়ন কৰা ভুল হৈছিল
নে শুদ্ধ হৈছিল
হাদিৰাচকীলৈ-কোচবিহাৰ আদিলৈ যোৱা
শুদ্ধ হৈছিল নে ভুল হৈছিল
নিজকে নিজে আজি মই প্ৰশ্ন কৰো বাৰম্বাৰ!

কাৰণ!!

কাৰণ নিজৰ স্বদেশতেই আজি মই
এক অসহায় খিলঞ্জীয়া অসমীয়া
বিশ্বাসৰ মথাউৰিত চপৰা-চপৰে খহনীয়া
চিলাৰায়- ৰুদ্ৰসিংহ- সৰ্বানন্দ সিংহৰ দেশৰ
খিলঞ্জীয়াৰ বাবে
মোডী-শ্বাহৰ টুইটেই আজি একমাত্ৰ ভৰষা!

কামৰূপ-কমতা-অসমৰ বিভিন্ন বুৰঞ্জী
যিবোৰ মোৰ নিত্যসঙ্গী
ভাব হৈছে এতিয়া
বোধহয় চন্দুকত ভৰাই থোৱাই ভাল
তলাবন্দী কৰি থোৱাই ভাল!

কাৰণ?

গুজৰাটৰ উত্তৰপ্ৰদেশৰ ৰোমাঞ্চগাঁথাৰে
আজি বৰ্ণময় মহানগৰী
‘ৰাজধানী’ গুৱাহাটী
সমগ্ৰ অসমভূমি…
পৃথু ক’ত, ক’ত ভাস্কৰবৰ্মা, লাচিত!
স্বদেশৰ চৌদিশে দেখো মাথোঁ ৰামসিংহক
মীৰজুমলাক
মিঙ্গিমাহা বান্দুলাক, ডেভিড স্কটক
জৱাহৰক -পেটেলক-গান্ধীক- মোডীক!

তিব্বত চীনে দখল কৰা কাৰ্য
স্বদেশৰ সকলোৰে নখদৰ্পনত!
কিন্তু কোনেও যেন একোকেই নাজানে
জানিবলৈও নিবিচাৰে
হাদিৰাচকী- ইয়ান্ডাবু ক’ত!
প্ৰশ্নও নকৰে নিজক
আমাৰ স্বদেশ আজি কাৰ দখলত?

আইতাই কৈছিল
‘পথ হেৰুৱালে অহা পথটোৰে পুনৰ
পিছুৱাই যাব লাগে’!

মই পিছুৱাই গৈছিলো…
কিন্তু আইতাই মোক শিকোৱা নাছিল
আজিৰ কৌৰৱৰ চক্ৰবেহু ভেদ কৰা
কৌশল!

এতিয়াহে ভাব হৈছে
মই আইতাৰ কথা শুনিব নালাগিছিল!

•••••••
০১/০৭/২০২০

Show More

Related Articles

Back to top button
error: Content is copy right protected !!