আঁত হেৰোৱা বাটৰ সাধু

কাবেৰী গোস্বামী

 ছবি আঁকে তাই৷ ৰং, তুলিকা নোহোৱাকৈ অঁকা ছবি৷ এটা বিন্দুৰ পৰা কেতিয়াবা এখন পথাৰ হয়, কেতিয়াবা মৰুভূমি৷ মনৰ কেনভাছত চিন্তাৰ তুলিকাৰ অযুত আঁক- বাঁক৷

কিছুমান ঘটনা নভবাকৈ ঘটে৷ জীৱনৰ এনে ঘটনা অথবা দূৰ্ঘটনা ইমানেই আকস্মিক যে প্ৰস্তুতিৰ সময় নাথাকে৷ তাইৰ জীৱনত পিছে ঘটনাতকৈ দূৰ্ঘটনাই সৰহ৷ ত্ৰিদিপক লগ পোৱাটো তাইৰ বাবে কি সেয়া অৱশ্যে তাই আজিও বুজি নাপালে৷

এটা নতুন গতিৰ লগত খাপ খোৱাৰ কুছকাৱাজৰ সময়ত অপ্ৰত্যাশিতভাৱে অহা ত্ৰিদিপ নামৰ চুনামীয়ে তাইৰ প্ৰস্তুতি নস্যাৎ কিদৰে কৰিছিল সেয়া ভাবি তাই আচৰিত হয়৷

সংবেদনশীল মানুহবোৰেই চাগে নিজক লৈ বেপৰৱাহ যেন দেখুৱাব খোজে, উভালি দিলেও নমৰা নিলাজী বন চুই দিলেই জয় পৰে৷ ঠেকা খাইছে তাই৷ অথচ জীৱনক লৈ পৰীক্ষা কৰাৰ নিচাত তাই ইমানেই মছগুল যে লুডুখেলৰ জখলাত নুঠিলেও সাপে বাৰে বাৰে গিলিলেও তাই যে খেলা এৰি নাহে৷

ত্ৰিদিপ নামৰ আঁত হেৰোৱা বাটেৰে তাই আগুৱাই গৈয়ে থাকিল গৈয়ে থাকিল৷ প্ৰথমবাৰ সিহঁতৰ ঘৰলৈ তাইক নিয়াৰ পাছৰ পৰা পিছে আঁতবোৰত জঁট লাগিল৷ তাই যদি এফালে এটা জঁট ভাঙে আকৌ আন এটা লাগে, ভাঙে আকৌ লাগে…

পৌনঃপৌনিকতাৰ আৰম্ভণিক সামৰণি বুলি ভবাৰ ভুলটোক তাই আজি নিজকে নিজে কৰা নিচুকনি বুলিয়ে ভাবে৷ ভোল যোৱাৰ ভুলটোৰ বাবে দায়ী কোন? আদম- ইভৰ সাধুটোত উত্তৰ খেপিয়াই তাই ভাগৰি যায়৷ সৰল অংকৰ জটিল উত্তৰ!

বিচৰা তাই একোৱে নাছিল কাহানিও, মাথোঁ চাই যায় মুখবোৰ, শুনি যায় কথাবোৰ৷ অচিনাকী ঘৰ, মানুহ, চিনাকী মাথোঁ সি৷ শিশুৰ কৌতুহলেৰেই তাৰ হাতত ধৰি সকলো চাই গৈছিল তাই৷ পিছে সকলো দেখাৰ দৰে ভবাৰ দৰে নহয়, তাইৰ আদৰুৱা হাতখনত ধৰা মানুহটোৰ আনখন হাতে যে তাইক বাকীবোৰে কৰা আঘাতবোৰ নিৰৱে প্ৰতিহত কৰি আছিল তাইক সেয়া তেওঁ গমেই নিদিলে৷ পিছে তাৰ পৰা অহাৰ দিনা তাইৰ দুখ লাগিছিল, কিয় তাই নাজানে৷ তাই ছবিবোৰ মনত আঁকে, বহুত বাটেৰে গৈছে তাই৷ কাহিনী বিচাৰি গৈ কাহিনী হ’ব নোখোজে তাই৷ ছবিখনত বহুত ৰং৷ পিছে ৰং সানি সানি ক’ৰবাত নিজেই বিবৰ্ণ তাই… টানি ধৰা সুতাডাল বাৰে বাৰে ছিগে!

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close