অস্তিত্বৰ সংকট

ৰুনজুন দেৱী

অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ধাৰাৱাহিক যুঁজখনত কাৰ কি লাভ-লোকচান হৈছে সেয়া আজিৰ তাৰিখত এক লাখটকীয়া প্ৰশ্ন। বহিৰাগত অপশক্তিৰ কেঁকোৰা চেপাত অসমৰ খিলঞ্জীয়া তথা ভূমিপুত্ৰসকলৰ বৰভেটি উছন হওঁ হওঁ। চাওলুং ছ্যুকাফাৰ সপোনৰ স্বৰ্গৰাজ্যত অতিসম্প্ৰতি অসুৰৰ টিঘিলঘিলনি। অথচ সুখনিদ্ৰাত মগ্ন জনগণৰ শিৰোমণি দেৱদূতৰূপী মুখা পিন্ধা এই বৰমূৰীয়াসকল। নাও বুৰিলেও যেন টিনৰপৰা নেনামিবই এইসকল অন্ধমুণি।

বৰ্তমান অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে স্বাধিকাৰ, স্বমৰ্যাদা প্ৰাপ্তিৰ বাবে পৃথক পৃথক মঞ্চ গঠন কৰিছে। কিন্তু সকলোৰে এক উমৈহতীয়া সিদ্ধান্তটো হ’ল যে ছবেই গণতান্ত্ৰিক নীতি-নিৰ্দেশনাৰ আওতাত ইয়াত কাৰো হস্তক্ষেপ বিনে জীয়াই থাকিব পাব লাগে। কিন্তু বাস্তৱ ক্ষেত্ৰত সেয়া হোৱা নাই। সোঁৱে-বাঁৱে অনৱৰতে চুবুৰীয়া ৰাজ্যৰ ভাবুকিক লৈয়ে সন্ত্ৰস্ত হ’ব লগা হৈছে অসমবাসী। অথচ সৌ সিদিনালৈকে চুবুৰীয়া আন আন পাহাৰীয়া ৰাজ্যবোৰ আমাৰ ৰাজ্যৰে বাই-ভনী হৈ আছিল। পিছে কালৰ কুটিল গতিত ৰাজনৈতিক, প্ৰশাসনিক আদি কাৰণত ইহঁত ভাগ ভাগ হৈ পৰিল। তাৰেই পম খেদি ভগ্নী ৰাজ্য অৰুণাচলে আজি অসমৰ সীমাত বে-আইনীভাৱে মাটি দখল কৰি চাহ বাগান, স্কুল, কলেজ, অফিচ, কাছাৰী আদি স্থাপন কৰি উপনিৱেশ গঢ়িছে। কিন্তু সাৰ-সিকতি নাই চৰকাৰী আমোলা বিষয়াৰ। যি সময়ত ‘জাতি-মাটি-ভেটি’ৰ কথা কৈ কৈ মুখ ফেনাই গৈছিল ক্ষমতাখঁকুৱা এচাম দক্ষ ৰাজনীতিবিদৰ, এতিয়া কিন্তু এইবোৰ জ্বলন্ত সমস্যালৈ কাণসাৰ নাই তেওঁলোকৰ। ইফালে আকৌ কয় হেনো ‘বেজিৰ আগত যোৱা মাটিকণো নিদিওঁ” বুলি শীত-তাপ নিয়ন্ত্ৰিত কোঠাত। মিডিয়াৰ আগত কৈ মুখৰ খজুৱতি মাৰে।

চুবুৰীয়া ৰাজ্য নগালেণ্ডেও ইতিমধ্যে গোলাঘাট, গেলেকী, উৰিয়ামঘাট আদি ঠাইত কৰা আকস্মিক ঘটনাবোৰৰ কথা ৰাইজৰ সম্পূৰ্ণ অৱগত। কিন্তু এইবিলাক সমস্যা সমাধানৰ দিশত ৰাইজৰ প্ৰতিনিধিসকলৰ সদিচ্ছাৰ অভাৱ হোৱাটো এটা বিৰাট ৰহস্য যেন লাগে। কাৰণ সচেতন দল-সংগঠন আদিৰ প্ৰবল হেঁচাত পৰি সেও মনা যেন দেখুৱালেও ছব সময়ত গৈ ফুটুকাৰ ফেনত পৰিণত হয়। আচলতে এটা সময়ত সিহঁতৰ টেলেণ্টবোৰ বহু ধনৰ বিনিময়ত বিক্ৰী হৈ যায়। সেইবাবে এবাৰ গাদীত বহিবলৈ সুবিধাটো পালেই আৰু ৰাইজৰ দুখ-দুৰ্দশালৈ কেৰেপ কৰিবলৈ তেওঁলোকৰ সময় নাই। বানপানী, গৰাখহনীয়া, বিদেশী আগ্ৰাসন আদিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিবলৈ সৎ সাহসৰ অভাৱত আজি বছৰৰ পাছত বছৰ ধৰি অসমৰ ৰাইজ সৰ্বস্বান্ত হ’ব লগা হৈছে। আনফালে কিন্তু এইবোৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে বোলে কোটি কোটি টকা আগতীয়াকৈ আবণ্টন দিয়ে। তেন্তে এই পুঁজি সদ্ ব্যৱহাৰৰ নামতো তৃণমূল পৰ্যায়ৰপৰা ওপৰ পৰ্যায়লৈকো যদি দুৰ্নীতি, স্বজন-তোষণ আদি চলে এইবোৰৰ গইনা লৈয়েইতো বিদেশী শক্তিৰ অবাধ দপদপনি। ইয়াত দেখদেখকৈ দেশীয় আমোলা-বিষয়া, ঘৰ-বিভীষণৰূপী তৃতীয় শক্তি জড়িত থকাৰ প্ৰমাণ হয়।

অসমৰ আজিৰ এই অগ্নিগৰ্ভা পৰিৱেশ-পৰিস্থিতিৰ মাজত সকলো জাতিৰ জনগোষ্ঠীৰ সৰ্বস্বত্ব সুৰক্ষাৰ বাবে সচেতন ৰাইজ, দল-সংগঠনৰ একত্ৰিত শক্তিৰ প্ৰয়োজন আহি পৰিছে। দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা ৰক্ষাৰ খাতিৰত বৃহৎ জনমত গঠনৰ পোষকতা সকলোৱে কৰে। ৰাষ্ট্ৰদ্ৰোহীৰ বিৰুদ্ধে মাত মাতিবলৈ গ’লে যদি সেই চিঞৰে কোনোবা আইনৰ ধাৰাত (ক’লা আইন) কুঠাৰাঘাত কৰে বুলি ভাবে তেন্তে তেনে আইন দেশৰপৰা বাতিল হওক। তথাপি সংবিধানৰ আওতাত থকা বাক্ স্বাধীনতা খৰ্ব কৰাৰ কাৰো নৈতিক অধিকাৰ নাই। আজিও বড়ো ভূমিত অনাবড়োৰ সুৰক্ষা নিশ্চিত হোৱা নাই। পৃথক বড়োলেণ্ডৰ দাবী কিমান যুক্তিসংগত সেয়া সকলোৰে জ্ঞাত। ‘আদাক দেখি উঠিল গা কেতুৰিয়ে বোলে মোকো খা’ বোলাৰ দৰে এতিয়া চৰকাৰৰ ওচৰত সকলোৱে পৃথক পৃথক ৰাজ্য গঠনৰ দাবীত অটল থাকি একত্ৰিত শক্তিক ম্লান কৰি পেলাইছে। কঙালপ্ৰায় অসমীয়াৰ বৰভেটি বহিৰাগত অনা-অসমীয়াই গোজেই গজালি মেলি থানবান কৰি পেলাইছে। ইমানবোৰ দেখি-শুনিও নিৰ্লজৰ দৰে দাঁত নিকটাই চাই আছে আমাৰ মহান কাণ্ডাৰীসকলে। শেহতীয়াকৈ নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্তিকৰণৰ বিষয়টোৱে দুয়ো ৰাজ্যৰ উচ্চপদস্থ বিষয়াৰ মজিয়ালৈকো ঠাই পালেগৈ। ধিক্ ! চৰকাৰ। ইমান উদাৰ হোৱাও ভাল নহয়। নিজৰ আইজনীক আনৰ ওচৰত দিবলৈ অকণমানো অনুকম্পা হোৱা নাইনে? ভৰিৰ তলৰ মাটিডোখৰ হেৰুৱাবলৈ বাৰু ইমান সৎ সাহস হ’লনে? এনেদৰে থাকিলে হয়তো অদূৰ ভৱিষ্যতে আমাৰ চহকী সভ্যতা-সংস্কৃতিয়ে স্বকীয়তা হেৰুৱাই পেলাব। কাৰণ এফালে বাংলাদেশীয়ে থিতাপি ল’লেই, আনপিনে যদি অৰুণাচল, নাগালেণ্ড আদিয়ে খোপনি পোতে বা বাকী ৰাজ্যকেইখনেও সুবিধা লৈ আমাৰ সীমা গচকে তেন্তে আমাৰ অস্তিত্ব ক’ত ৰক্ষিত হ’ব? দেখদেখকৈ প্ৰথম সমস্যা হ’ব ভাষাক লৈ। কাৰণ গৰিষ্ঠসংখ্যক বহিৰাগত নাগৰিকেৰে ভৰি পৰিব আমাৰ ৰাজ্য। বাকী অন্ন, বস্ত্ৰ, বাসস্থানৰ কথাতো নকৱেঁই। সুদূৰ ম্যানমাৰত নিৰ্যাতন, শোষণৰ বলি হোৱা ৰহিংগীয়া মুছলমানসকলক অসমত জাপিবলৈ ভিতৰুৱা এটা ষড়যন্ত্ৰত লিপ্ত হৈছে চৰকাৰী পক্ষ। ইমান এটা ডাঙৰ কাণ্ডজ্ঞানহীন সিদ্ধান্ত চৰকাৰে কিয় লৈছে সেয়াহে চিন্তাৰ বিষয়। সেয়া বোলে ‘মানৱীয়তা’? কিন্তু ইমানেই যদি মানৱীয়তা গুণ আছে তেন্তে বছৰৰ পিছত বছৰ ধৰি নিজৰ মাতৃয়ে ভোগ কৰি অহা সমস্যা সমাধানৰ পথ প্ৰশস্ত নকৰে কিয়? আমাৰ দুখ-দুৰ্দশাৰ কথা বাকীবোৰে হৃদয়ংগম কৰিব জানো? বদনৰূপী ক্ষমতাখঁকুৱা ৰাজনৈতিক নেতৃবৰ্গই কিন্তু নিজৰ আইক বন্ধকত থোৱাৰ আগতেই আমি শৰাইঘাটৰ দ্বিতীয়খন যুঁজলৈ সাজু হ’বৰ হ’ল। নহ’লে ভূপেন হাজৰিকাই ক’বৰ দৰে এদিন অসমীয়াই অসমতে ভগনীয়া হ’ব লাগিব।

(‘খিলঞ্জীয়া’ৰ সৌজন্যত)

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close