অসমৰ লোকসংস্কৃতি

প্ৰিন্স

লোকজীৱনৰ জীৱনচর্যাৰ কলাত্মক প্ৰকাশেই লোকসংস্কৃতি। খাটি খোৱা সাধাৰণ মানুহৰ জীৱন-জীৱিকা, হর্ষ-বিষাদ, চিন্তা-ভাবনাৰ প্ৰতিফলন ঘটে লোকসংস্কৃতিত। লোকজীৱনে পৰম্পৰাগতভাৱে বহন কৰা ধর্মীয় বিশ্বাস, ৰীতি-নীতি, সংস্কাৰ-কুসংস্কাৰ সকলোবোৰেই লোকসংস্কৃতিৰ সমল। লোকসংস্কৃতি এটা জাতিৰ সভ্যতাৰ প্ৰতিবিম্বস্বৰূপ।

উত্তৰপূব ভাৰতবর্ষৰ ৰাজ্য অসম লোকসংস্কৃতিৰ দিশত চহকী। বিভিন্ন ধর্ম, জাতি-জনগোষ্ঠী, ভাষা ভাষী লোকৰ সংমিশ্ৰণেৰে সমৃদ্ধ অসমৰ সংস্কৃতি। বৌদ্ধ ধর্ম, হিন্দু ধর্ম, ইছলাম ধর্ম, খ্ৰীষ্টান ধর্ম, একশৰণীয়া নাম ধর্ম, ব্ৰাহ্মণ্যবাদ, শাক্ত পন্থা, শৈৱ পন্থা, বৈষ্ণৱ পন্থা, চৈতন্য পন্থা আদি বিভিন্ন ধর্ম আৰু ৰীতি-নীতিৰ প্ৰভাৱ বিদ্যমান অসমৰ কৃষ্টিত। আর্য-অনার্য, অষ্ট্ৰিক-মংগোলীয় সংস্কৃতিৰে প্ৰভাৱান্বিত অসমৰ লোকজীৱনৰ সাংস্কৃতিক পৰিমণ্ডল। চিত্ৰাংকনৰপৰা আদি কৰি মন্ত্ৰ-শ্লোক, যোজনা-পটন্তৰ, মালিতা-পদ, সাধুকথা-কিংবদন্তি, গীত-বাদ্য, নাট-ভাওনা, চাৰুকলা-কাৰুকলা সকলোবোৰেই লোককলাৰ বিচিত্ৰ ৰহণেৰে ৰঞ্জিত। পদ্মপুৰাণত উল্লিখিত বেউলা-লখিন্দৰৰ কাহিনী, চান্দ সদাগৰৰ কাহিনী, তেজীমলাৰ সাধু আজিও জীৱন্ত জনমানসত। বৌদ্ধ ধর্মীয় দর্শনৰ প্ৰভাৱপুষ্ট চর্যাপদত থকা ‍‘কা আ তৰুবৰ পঞ্চবি ডাল’, পশ্চিম অসমৰ গোৱালপৰীয়া লোকগীতৰ ‍‘দিনে দিনে খসিয়া পড়িবে ৰংগিলা দালানেৰ মাটি’, গুৰুজনাৰ বৰগীত ‍‘পাৱে পৰি হৰি’ আজান পীৰৰ ‍‘দেহাৰে ভৰসা নাই অ’ আল্লা’ যেন একেই সুৰৰে প্ৰতিধ্বনি।

অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসভূমি। কোচ, ৰাভা, কার্বি, মিছিং, ডিমাছা, কছাৰী, বডো, চুতীয়া, ফাকিয়াল, সোণোৱাল, দোৱনীয়া, শৰণীয়া, মৰাণ, মটক, মেছ, হাজং, তিৱা, আহোম, হাৰিয়া, নাথ, যোগী, কলিতা, কায়স্থ আদি নানা জাতি-উপজাতিয়ে অসমীয়া সংস্কৃতিৰ বৰঘৰ শুৱনি কৰিছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈপাৰৰ জনকৃষ্টিয়ে সমৃদ্ধ কৰিছে অসমৰ সাতামপুৰুষীয়া ঐতিহ্য। পাটকাইৰ সিপাৰৰ আহোমে কঢ়িয়াই অনা বিহু, কোচ-ৰাজবংশীৰ বিষুৱা, বড়োৰ বৈশাগু আৰু দক্ষিণ অসমৰ বৈশাখী যেন একে ছন্দৰে অণুৰণন। অসমৰ লোকজীৱনৰ জীৱন নির্বাহ পদ্ধতি মূলতঃ কৃষিভিত্তিক হোৱা বাবেই কৃষিকর্মৰ স’তে জড়িত উৎসৱ-পার্বণসমূহৰো ৰূপৰেখা একেই। উল্লেখনীয় যে ধর্মীয় আচাৰ-অনুষ্ঠানৰ বিভিন্নতা থাকিলেও সিবোৰৰ স’তে জড়িত লৌকিক ৰীতিসমূহ একেই ঠাচৰ। পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ অসমৰ বিবাহাদিৰ স’তে জড়িত লৌকিকতাও একে পৰম্পৰাৰে বাহক।

আর্যসকলে উত্তৰ-পূব ভাৰতত খোপনি পোতাৰ আগৰেপৰা বর্তি থকা অনার্যমূলীয় লোকাচাৰ, ৰীতি-নীতি, প্ৰথা-পৰম্পৰাসমূহ অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত এনেদৰে প্ৰভাৱ বিস্তাৰ কৰি আছিল যে আর্যসকলৰ আগমনৰ পিছতো সেই সভ্যতাই বহন কৰা ‍‘সংস্কৃত’ আচাৰসমূহ অনার্য সমলসমূহৰ স’তে সহাৱস্থান কৰাহে পৰিলক্ষিত হ’ল। আর্যীকৃত হোৱাৰ পিছত মূলতঃ হিন্দু ধর্মই প্ৰভাৱ বিস্তাৰ কৰি থকা ভূমিখণ্ডত বংশগত, প্ৰব্ৰজন অথবা ধর্মান্তৰকৰণ—যি কোনো কাৰণতেই নহওক—ইছলাম আৰু খ্ৰীষ্টান ধর্ম প্ৰৱেশ কৰিলে যদিও সেই সেই ধর্ম গ্ৰহণ কৰা সমাজৰ সংস্কৃতিও সাতামপুৰুষীয়া লোকাচাৰৰ আৱেষ্টনীৰপৰা সম্পূর্ণৰূপে মুক্ত হ’ব নোৱাৰিলে। আধুনিক অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক চিন্তানায়ক শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণীয়া নাম ধর্ময়ো অস্বীকাৰ নকৰিলে সংমিশ্ৰিত সংস্কৃতিৰ অস্তিত্বক। অসমৰ সৰল লোকমনত যে আদৰি লোৱাৰ প্ৰৱণতা সদাবিদ্যমান, সেয়া প্ৰতিবাৰেই প্ৰমাণিত হৈছে অব্যর্থভাৱে।

অসমৰ মৃৎ-শিল্প, স্থাপত্য শিল্প, কাষ্ঠশিল্প, ধাতুশিল্প, বয়ন-শিল্প, বস্ত্ৰশিল্প হস্তশিল্প, বেশ-ভূষা, মাত-কথা, খেলা-ধূলা, খাদ্যাভ্য্যাস সর্বত্ৰ বিৰাজমান এক বহল সংমিশ্ৰিত সংস্কৃতিৰ ৰেশ। থলুৱা ভাষা-সাহিত্য, গীত-বাদ্য, অভিনয়-নৃত্যতো মূর্তমান বিভিন্ন দেশৰ বিভিন্ন কলা-সংস্কৃতিৰ প্ৰভাৱ। মান, ইংৰাজ, মোগলে গৰকা ভূমিখণ্ডত সেই সেই জাতিৰ সংস্কৃতিৰ ঈষৎ পৰশো পৰিছে অৱধাৰিতভাৱেই। গুৰুজনাৰ বৰগীত, ভটিমা আদি সংৰচনাসমূহ হিন্দুস্থানী ৰাগাশ্ৰিত যদিও সেইসমূহৰ কিছুমান আৰু উজনি অসমৰ দিহানাম, বিহুনামসমূহ খুব ভালদৰে হৃদয়ংগম কৰিলে যিদৰে অনুভৱ কৰিব পাৰি এক ‍‘পূর্বীয় সুৰ’ৰ অস্তিত্ব, ঠিক সেইদৰে পশ্চিম অসমৰ গোৱালপাৰীয়া কিছু লোকগীতৰ সুৰ-ছন্দ শুনিলেও উপলব্ধ হয় মধ্য-প্ৰাচ্যৰ সুৰৰ অণুৰণন। ইউৰোপীয় সংগীতৰ সুৰ-শৈলীৰ স’তে অসমীয়া সংগীতৰ সুসমন্বয় সাধন কৰি অসমীয়া লোকসমাজৰ অন্তৰত স্থান দখল কৰাসকলৰ ভিতৰত অন্যতম প্ৰবাদপুৰুষ হ’ল জ্যোতিপ্ৰসাদ আগৰৱালা। আগৰৱালাদেৱৰ কেতবোৰ সংগীত-সংৰচনাত ইউৰোপীয় সংগীত-শৈলী যেন জীণ গৈছে লুইতৰ বহল বুকুত, অসমৰ পলসুৱা মাটিত। সংমিশ্ৰণৰ এই অমল প্ৰক্ৰিয়াৰ মাজেদিয়েই ঐতিহ্যমণ্ডিত হৈছে অসমৰ কৃষ্টি। অসমী আইৰ সোণসেৰীয়া সংস্কৃতি।

Show More

Related Articles

Check Also

Close
Back to top button
error: Content is copy right protected !!
Close
Close