অসমৰ বুৰঞ্জী

মূল: সঞ্জয় মিত্ৰ :-অনুবাদ: অঞ্জন শৰ্মা

[ ‘অসম বুৰঞ্জী’ নামৰ এই লেখাটোৰ ‘ডিটিপি’ৰ ফটোষ্টেট বহুবছৰৰ আগতেই বন্ধু এজনে পঢ়িবলৈ দিছিল। লেখাটো ৪/৩/২০০৯ চনৰ বুলি উল্লেখ আছে। পাঠকসকলৰ বাবে তাকেই অসমীয়ালৈ অনুবাদ কৰি আগবঢ়ালো]
                          ( ১ )
বুৰঞ্জী শব্দটো টাই ভাষাৰ তিনিটা শব্দৰ মিশ্ৰণ। ‘বু’ মানে অজ্ঞানী। ‘ৰণ’, অৰ্থাৎ জ্ঞানদান কৰা। ‘জী’ – ভান্ডাৰ। সকলোৰে সংমিশ্ৰণ হ’ল – অজ্ঞানী ব্যক্তিক জ্ঞানৰ ভান্ডাৰ দান কৰা। বুৰঞ্জী প্ৰাচীন টাই-ভাষা বা আহোম অথবা অসমীয়া ভাষাত লেখা মধ্যযুগৰ ইতিহাসধৰ্মী গ্ৰন্থ।
অইন কোনো ভাৰতীয় ভাষাত এনেধৰণৰ বিশদ ইতিহাস চৰ্চা আছে নে নাই, সেয়া গৱেষণাৰ বিষয়বস্তু। কিন্তু ফাৰ্চীত লেখা সমকালীন কিছু কিছু ইতিহাস, যেনে মীৰ্জা নাথনৰ বাহাৰিস্তান-ই-গায়েবী, শিহাবুদ্দিন তালিশৰ ফাতিয়া-ই-ইব্ৰিয়া বা মোগল আৰু তুৰ্কী চুলতানসকলৰ অধীনত কৰ্মৰত “ওয়াকিয়ানবীশ”( ঘটনাৰ লিপিকাৰ)সকলৰ কিছুমান লেখাক এনে পৰ্য্যায়ত পেলাব পাৰি।
উপনিৱেশিক যুগৰ কিছুমান ইংৰাজ ইতিহাসবিদে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল যে ভাৰত উপনিৱেশত প্ৰকৃত ইতিহাসচৰ্চাৰ অভাৱ আছে। ভাৰতত কোনো হেৰোডটাছ বা থুচিডিড্চ নাই। পুৰাণ, ইতিহাস যিবোৰ আছে, সেইবোৰ অলৌকিক ঘটনাৱলীৰে আচ্ছন্ন। পুৰুষনামা, ৰজাসকলৰ প্ৰশস্তি আদি বেছিভাগেই কল্পনাপ্ৰসূত, একেবাৰেই গাঁজাখুৰি অতিশয়োক্তি।
ভাৰতৰ ইতিহাসবিদে এনে উন্নাসিকতাৰ প্ৰত্যুত্তৰ নিদিয়াকৈ থকা নাছিল। সযত্নে বিভিন্ন ভাষাত লেখা, মূলতঃ স্থানীয় ৰজাসকলৰ কাম-কাজৰ ওপৰত আলোকপাত কৰা সকলোধৰণৰ গ্ৰন্থৰ পৰা ঐতিহাসিক তথ্য খুচৰি উলিয়াবলৈ তেওঁলোক সচেষ্ট আছিল। মুদ্ৰা, শিলালিপি, বিজয়স্তম্ভ, দেৱোত্তৰ, দানপত্ৰ – এইবোৰক লৈও গভীৰভাৱে অধ্যয়ন কৰিছিল। যিসময় পৰ্যন্ত তেওঁলোকে যুক্তি, তথ্য আদিৰে জাত্যাভিমানেৰে আচ্ছন্ন উন্নাসিকতাৰ প্ৰত্যুত্তৰ দিছিল, তেতিয়ালৈ সকলোবোৰ ঠিকেই আছিল; কিন্তু যেতিয়াই আৱেগৰ বশৱৰ্তী হৈ স্বজাতীয় জাত্যাভিমানক প্ৰাধান্য দিবলৈ আৰম্ভ কৰিলে, তেতিয়াৰ পৰাই গন্ডগোল আৰম্ভ হ’ল। স্পষ্টভাৱে অৱাস্তৱ বা অনৈতিহাসিক ঘটনাৱলীক অনাৱশ্যকীয়ভাৱে গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল বাৰম্বাৰ। পিছে এনেধৰণৰ চৰ্চাৰ মাজেৰেই প্ৰাচীন আৰু মধ্যযুগৰ নানা ধৰণৰ ঐতিহাসিক উপাদানৰ পুনৰমূল্যায়ন কৰা হৈ আহিছে।  দান, স্তুতি, প্ৰশস্তি, গাথা, আখ্যান,‌কথা, বংশাৱলী, ৰজাসকলৰ চৰিত (হৰ্ষচৰিত) – সকলোবোৰ আধুনিক ইতিহাসচৰ্চাৰ প্ৰয়োজনত গভীৰভাৱে পৰীক্ষা কৰা হয়। সাধাৰণ পাঠক হিচাপে এইবোৰ পঢ়ি ভাব হৈছে যে ক্ষেত্ৰবিশেষে ভাৰতৰ ইতিহাসবিদসকল অহেতুক ৰক্ষণাত্মক হৈ পৰিছে। বৃটিছ সাম্ৰাজ্যৰ উপনিৱেশৰ আৰম্ভণিৰ অৱস্থাই বোধহয় এইবোৰ ঘটনাৰ বাবে দায়ী। এহাতে ভাৰতৰ ইতিহাসপ্ৰেমীসকলে তেওঁলোকৰ পঠন-পাঠন আৰু গৱেষণাৰ ক্ষেত্ৰত পাশ্চাত্যৰ ইতিহাসচৰ্চাৰ সৈতে অঙ্গাঙ্গীভুক্ত হৈ জড়িত আছিল, প্ৰচলিত সকলো সূত্ৰ বা মডেলৰ দ্বাৰা প্ৰভাৱিত আছিল- আৰু সেইবাবেই বহুতেই এইবোৰৰ ঊৰ্দ্ধত উঠি তথা ভাৰতৰ ইতিহাসসূত্ৰৰ স্বৰূপক সঠিকভাৱে ডাঙি ধৰিব পৰা নাছিল। আনহাতে কিছুমানে আকৌ অতিৰিক্তভাৱে নিজৰ সকলোবোৰ কথাকেই অভ্ৰান্ত বুলি ভাবিছিল। দুয়োপক্ষৰ পৰাই ৰক্ষণাত্মক ব্যৱহাৰ নহয় নে বাৰু?
এইক্ষেত্ৰত কিন্তু অসমীয়া ইতিহাসবিদসকল একেবাৰেই সুকীয়া। “অসমীয়া” ইতিহাসবিদ বুলিলে অসমীয়া বা কাষৰীয়া এলেকাৰ ইতিহাসচৰ্চা কৰা মানুহক বুজোৱা হয়। এওঁলোকৰ বহুতেই বিদেশত পঢ়া-শুনা কৰিছে, প্ৰথাগত পাশ্চাত্য ইতিহাসচৰ্চাৰ সৈতে গভীৰভাৱে পৰিচিত হৈছে, খ্যাতনামা বিদেশী গৱেষকৰ অধীনত গৱেষণা কৰিছে। কিন্তু যেতিয়াই অসমৰ ইতিহাস সম্পৰ্কে ভাবিছে বা লিখিছে, তেতিয়া অযথা হীনমন্যতাত ভোগা নাই। সুস্থভাৱে তথ্য আৰু কল্পনাৰ জট ভাঙিবলৈ সচেষ্ট হৈছে। স্থানীয় ভাষাত লিখিত, কথিত, উৎকীৰ্ণ, প্ৰকাশিত, খোদিত – সকলোধৰণৰ প্ৰমাণ সমকালীন অন্যান্য উপাদানৰ সৈতে মিলাবলৈ অকণো দ্বিধা কৰা নাই। এই প্ৰক্ৰিয়াৰ মাজেৰে যাওঁতে যিবোৰ ভুল বুলি ভাব হৈছে, অৱলীলাক্ৰমে সেইবোৰ বৰ্জনো কৰিছে। তেওঁলোকৰ এই আত্মপ্ৰত্যয় আৰু আত্মবিশ্বাস সম্ভৱতঃ “বুৰঞ্জী”ৰ বাবেই সম্ভৱপৰ হৈছে। আগতেই কৈ আহিছো যে অইন কোনো ভাৰতীয় ভাষাত এনেধৰণৰ ঐতিহাসিক তথ্যৰ ভান্ডাৰ হয় সম্পূৰ্ণভাৱে অনুপস্থিত বা যদি কিবা আছেও- তেনেই সামান্য। আহোমৰ দিনৰ ইতিহাসচৰ্চাৰ ক্ষেত্ৰত সকলোসময়তে প্ৰায় প্ৰত্যক্ষদৰ্শী বা অংশগ্ৰহণকাৰীয়ে লেখা তেনেবোৰ বুৰঞ্জী গ্ৰন্থ নি:সন্দেহে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আৰু অসমীয়া ইতিহাস ৰচকসকলে বহুত বেছি আত্মপ্ৰত্যয়ৰে আগুৱাই যাবলৈ সক্ষম হৈছে।….
(ক্ৰমশঃ)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close