অসমৰ বুৰঞ্জী-(৬)

মূল: সঞ্জয় মিত্ৰ --অনুবাদ: অঞ্জন শৰ্মা

মোৱামৰীয়া বিদ্ৰোহ মধ্যযুগৰ অসমৰ ইতিহাসৰ এক দীঘলীয়া আৰু ৰক্তাক্ত অধ্যায়। ৰাজশক্তি আৰু জনশক্তিৰ এক বিচিত্ৰ সংঘৰ্ষৰ কাহিনী। ১৫০ বছৰ ধৰি উৎপীড়ন, প্ৰতিৰোধ, গণহত্যা, ৰাজদ্ৰোহ, লুন্ঠন, ধৰ্ষণ চলিছিল। অত্যাচাৰ আৰু প্ৰতি অত্যাচাৰে সীমা পাৰ হৈ গৈছিল। কেতিয়াবা ৰাজশক্তি বলীয়ান হৈ মোৱামৰীয়াক ধ্বংস কৰিছে, কেতিয়াবা আকৌ বিদ্ৰোহীসকলে ৰাজসৈন্যক পৰ্যুদস্ত কৰি ৰাজধানী অধিকাৰ কৰিছে, বিদ্ৰোহী নেতাসকলে ৰাজ্যৰ আসনত অধিষ্ঠিত হৈ স্বয়ং ৰাণীক অংকশায়িনী কৰিছে। অৱশেষত নিজৰ ভিতৰত হৈ থকা খোৱাকামোৰাৰ বাবে মান আৰু ইংৰাজে আহোমৰ ৰাজত্ব ধ্বংস কৰিছে।

অসমৰ ইমান বিশাল আৰু দীৰ্ঘস্থায়ী ঘটনাৰ বিৱৰণ অসমৰ বিভিন্ন বুৰঞ্জীত পোৱা যায় আৰু সমসাময়িক দেশী-বিদেশী লেখাতো পোৱা যায়। বেছিভাগ ক্ষেত্ৰতে এই বিৱৰণবোৰ পাৰস্পৰিক ভাৱে পৰিপূৰক আৰু পৰিৱৰ্দ্ধক। ব্যপক বিসংগতি ক’তো নাই। বৰং বিশেষ বিশেষ তথ্য অদ্ভুতভাৱে মিলি যায়।

সংক্ষেপে ক’বলৈ হ’লে ঘটনাটো এনেধৰণৰ। ষোড়শ শতাব্দীৰ পৰা অসমত শংকৰদেৱৰ প্ৰভাৱত বৈষ্ণবধৰ্মৰ প্ৰচাৰ হয়। বিভিন্ন সম্প্ৰদায় আৰু জাতিৰ মানুহ প্ৰভাৱিত হয়। আৰম্ভণিতে আহোমৰজাসকল – যিসকলে ধৰ্মৰ ক্ষেত্ৰত সিমাধ গোড়া নাছিল, তেওঁলোকে বৈষ্ণৱ মহন্ত আৰু সত্ৰসমূহক প্ৰচুৰ নিষ্কৰ ভূমি দান দি সাহায্য কৰিছিল। যেনে মাজুলী দ্বীপৰ আউনীআটী সত্ৰক প্ৰায় ৬০০০০ বিঘা নিষ্কৰ ভূমি দান কৰিছিল। কালক্ৰমত এই মঠবোৰ, অসমত যিবোৰক সত্ৰ বোলা হয়, নিখাদ ধৰ্মীয় আৰু সামাজিক স্তৰৰ পৰা উৰ্দ্ধলৈ উঠি বৈষয়িক আৰু ৰাজনৈতিক ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ হ’বলৈ ধৰে। তেওলোকেও প্ৰশাসক নিযুক্তি দিবলৈ আৰম্ভ কৰে। ৰাজপুৰুষসকলেও সুকীয়া সুকীয়া সত্ৰত দীক্ষাগ্ৰহণ কৰিবলৈ ধৰে । ইংলেণ্ডৰ ৰজা আৰু চাৰ্চৰ মাজত অষ্টম হেনৰীৰ সময়ত যিধৰণৰ বিবাদ হৈছিল, সেইধৰণৰ বিবাদ অসমতো অনিবাৰ্য হৈ পৰিল। ৰজাসকলৰ কোপদৃষ্টি পৰিল সত্ৰ আৰু সত্ৰাধিকাৰসকলৰ ওপৰত। গদাধৰ সিংহৰ সময়ত (১৬৮১-১৬৯৫ খৃষ্টাব্দ) এই কোপদৃষ্টি বহু বেছি হয়। বহুত সত্ৰ লুন্ঠন কৰা হয়, বিশিষ্ট মহন্তসকলক প্ৰাণদন্ড দিয়া হয়। সত্ৰাধিকাৰসকলে পলাই আত্মগোপন কৰি তৎ নোপোৱা হয়। ক্ষমতা আৰু অৰ্থৰ বাবে হোৱা সংঘাত ক্ৰমশঃ শাক্ত-বৈষ্ণৱৰ ধৰ্মযুদ্ধলৈ পৰিণত হৈ পৰে। যিক্ষেত্ৰত অধিকাংশ প্ৰজা বৈষ্ণৱ, তেনেক্ষেত্ৰত এনে পৰিস্থিতিয়ে যি সমস্যাৰ সৃষ্টি কৰিলে – আশ্বৰ্যান্বিত হৈ লাভ নাই।

গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহৰ যদিও ইমান প্ৰত্যক্ষ বৈষ্ণৱ-দ্বেষ নাছিল, তথাপিও তেওঁ কূটনীতিৰ দ্বাৰা ব্ৰাহ্মণ আৰু অব্ৰাহ্মণ বৈষ্ণৱসকলৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। তাৰ দ্বাৰা কাম কিমান হৈছিল কোৱা কঠিন, কিন্তু পাৰস্পৰিক অবিশ্বাস আৰু জাতিদ্বেষ বৃদ্ধি হৈ গৈছিল।

এই পৰ্যন্ত সত্ৰৰ ৰাজনৈতিক আৰু আৰ্থিক অধিকাৰ আৰু ব্ৰাহ্মণত্বৰ মৰ্যদা মুখ্য বিষয় আছিল। ইয়াৰ পিছত সাঙোৰ খালে ধৰ্মান্ধতা। আহোম ৰজাসকলে বহুদিন ধৰি শাক্ত মতবাদৰ ফালে ঢাল খাই আছিল। ৰুদ্ৰ সিংহই ( ৰাজত্বকাল ১৬৯৬-১৭১৪ খৃষ্টাব্দ) নদীয়া জিলাৰ শান্তিপুৰ অঞ্চলৰ গঙ্গা নদীৰ উপত্যকাৰ চিমলা গাওঁ নিৱাসী শাক্ত পন্ডিত কৃষ্ণৰাম ভট্টাচাৰ্য্য ন্যায়বাগীশক আমন্ত্ৰণ কৰি আনি গুৱাহাটীৰ উমানন্দ মন্দিৰৰ দায়িত্ব দিয়ে আৰু প্ৰায় ১০০০০ বিঘা লাখেৰাজ ভূমি দান কৰে। এই ঘটনাটো বেছিভাগ বুৰঞ্জী লেখকেই লক্ষ্য কৰিছিল। কাশীনাথ তামুলী ফুকনে বঙালী পন্ডিতসকলৰ অধিষ্ঠান সম্পৰ্কে তিৰ্যক মন্তব্য কৰি কৈছে, ” এইজনৰ দিনৰ পৰাই বঙালী গান-বাজনাৰ প্ৰৱৰ্তন হয়।” ইংগিত বেছ পৰিষ্কাৰ, বহিৰাগত মত আৰু প্ৰচাৰক – দুয়োটাই সমস্যাৰ কাৰণ হৈ পৰিছে।

শিৱসিংহই (ৰাজত্ব কাল ১৭১৪-১৭৪৪ খৃষ্টাব্দ) সম্পূৰ্ণৰূপে কৃষ্ণৰামৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু নিজৰ পত্নী ৰাণী ফুলেশ্বৰীকো শাক্তমতে দীক্ষা দিয়ায়। নৱদীক্ষিতৰ উৎসাহ সদায়েই অতি প্ৰৱল। প্ৰাক্তন নৰ্তকী ফুলমতীৰ মূৰ ‘ফুলেশ্বৰী’ হৈ পৰাৰ পিছতেই বোধকৰো কিছু ঘূৰি আছিল, শাক্তধৰ্মৰ নেতৃত্ব বহন কৰি বাৰুকৈয়ে ঘূৰি গ’ল। তেওঁ পোনপটীয়াকৈ সাধাৰণ প্ৰজাৰ ধৰ্মত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে। বৈষ্ণৱ মহন্তসকলক বলপূৰ্বক বলিপ্ৰদত্ত পশুৰ তেজৰ ফোঁট কপালত দিবলৈ ধৰিলে। ইয়েই আহোম ৰাজত্বৰ ‘কাল’ হৈ পৰিল। তাৰোপৰি অবিশ্ৰাম গৃহযুদ্ধ চলিয়েই আছিল, যাৰ অন্তিম পৰিণতি মান আৰু বৃটিছৰ আক্ৰমণ আৰু আহোম ৰাজত্বৰ পতন। কাশীনাথে লিখিছে যে ৰজা গৌৰীনাথ সিংহ(১৭৮০-১৭৯৪ খৃষ্টাব্দ)ই “এই সময়ত মোৱামৰীয়া বহুত মাৰিলে”। শ্ৰীনাথ দুৱৰাই বিষয়টো আৰু অধিক মুকলিকৈ কৈছে। কিদৰে নৰ্তকী ফুলমতী বৰকুঁৱৰী ফুলেশ্বৰী (পাটৰাণী) হৈ পৰিল, কিদৰে তেওঁৰ আত্মীয়সকলে উচ্চপদ পালে, কিদৰে তেওঁ ক্ৰমাগত ভাৱে বৈষ্ণৱ-মহন্তসকলক অপমান কৰি থাকিল বা নতুনকৈ মৃতকক সমাধি দিয়াৰ সলনি দাহ কৰা প্ৰথা প্ৰচলন কৰিলে, ইত্যাদি কথা মুকলিকৈ কৈছে। ধৰ্মীয় নিৰ্যাতন বৃদ্ধি পোৱাৰ বিষয়ে হৰকান্ত বৰুৱা সদৰামিনৰ বুৰঞ্জীতো বিশেষভাৱে উল্লেখ আছে। শ্ৰীনাথ বৰবৰুৱাই ব্যপক গৃহযুদ্ধৰ বিসয়ে বহুত লিখিছে। কিদৰে গৃহযুদ্ধ আৰম্ভ হ’ল, কিদৰে বাঢ়ি গ’ল, ইত্যাদি। কিদৰে দুয়োপক্ষই অশেষ অত্যাচাৰত লিপ্ত হ’ল। কিদৰে অতি শীঘ্ৰেই আদৰ্শবাদী মোৱামৰীয়া একেবাৰে ভোগলিপ্সু ৰাজদ্ৰোহীলৈ ৰূপান্তৰিত হ’ল আৰু কষ্টাৰ্জিত ৰাজ্যৰ পৰা বঞ্চিত হ’ল। বুৰঞ্জীৰ মতে প্ৰায় ৭০০০০০ মানুহৰ মৃত্যু হৈছিল। তৎকালীন জনসংখ্যাৰ (২৪-২৫ লাখ) প্ৰায় এক-তৃতীয়াংশ। ফলত বৃটিছসকলে যেতিয়া অসম দখল কৰে, তেতিয়া প্ৰায়বোৰ অঞ্চলেই জনমানৱশূণ্য। মণিৰাম বৰুৱাৰ ভাষাত, “পানী খোৱাৰ যোগ্য হৈ থকা নাছিল, পথেৰে খোজ কাঢ়িব পৰা অৱস্হা নাছিল, চাৰিওফালে মাথোন পচা-গলা মৃতদেহ, অৰ্ধেক দেশ মনুষ্যহীন”।

আহোম শাসনৰ শেষ পৰ্যায়ত এই কৰুণ পৰিণতি আৰু তাৰে আগৰ সময়ছোৱাত ক্ৰমাগত অৱক্ষয় – অসমৰ বুৰঞ্জী সমূহত এই দুই ধাৰা অতি স্পষ্টভাৱে ফুটি উঠিছে। অসমৰ বাহিৰৰ অইন স্থানীয় ইতিহাসৰ ক্ষেত্ৰত যেতিয়া দেখা যায় বাস্তৱ ঘটনা বহুত সময়ত নিৰ্লজ্জ তোষামোদেৰে ঢাকি পেলোৱা হৈছে আৰু যিবোৰ ইতিহাসত এইধৰণৰ অন্তৰ্মুখী চিন্তা-ভাৱনাৰ অভাৱ লক্ষণীয়; তেনে ক্ষেত্ৰত অসম বুৰঞ্জী বিৰল ব্যতিক্ৰম। ভাৰতৰ সকলো অংশৰ বিভিন্ন ৰাজবংশৰ উত্থান-পতনৰ অনেক নিদৰ্শন আছে, কিন্তু অংশগ্ৰহণকাৰী বা প্ৰত্যক্ষদৰ্শীৰ বাস্তৱধৰ্মী আত্মদৰ্শন বোধহয় ক’তোৱেই নাই।

সেইবাবেই অসমৰ বুৰঞ্জীসমূহ অনন্য।

(সমাপ্ত)

Reference:
1. A History of Revenue Administration in Assam (1228-1826)
2. The History of Medieval Assam
3. Tungkhugia Buranji
4. A Comprehensive History of Assam
5. Assam Buranji
6. Cultural Pasts- Essays in Early Indian History

The link for previous parts are placed belkow.

 https://www.mahabahoo.com/অসমৰ-বুৰঞ্জী/

https://www.mahabahoo.com/অসমৰ-বুৰঞ্জী-/

 https://www.mahabahoo.com/অসমৰবুৰঞ্জী-৩/

https://www.mahabahoo.com/অসমৰবুৰঞ্জী-৪/

অসমৰ বুৰঞ্জী-(৫)

Related Articles

Check Also

Close
Close