অসমৰ বুৰঞ্জী-(৫)

মূল: সঞ্জয় মিত্ৰ--অনুবাদ: অঞ্জন শৰ্মা

এই কথা পৰিষ্কাৰ যে বুৰঞ্জীৰ পৰিধি খুব বিশাল। বিভিন্ন সময়ৰ বিভিন্ন লেখক – যেনে কোনোবা ৰাজপুৰুষ, কোনোবা প্ৰধান অমাত্য বা ৰাজদূত, বেছিভাগ সম্ভৱতঃ পেশাদাৰী লিপিকাৰ, যিসকলে ৰজাৰ আজ্ঞানুসাৰে মহাফেজখানাত বিশেষভাৱে প্ৰৱেশৰ অধিকাৰ পাইছিল।
বুৰঞ্জী আচলতে বাৰু কিমান ঐতিহাসিক? স্ব-জাতীয়তাবোধৰ পৰা কিছু কিছু অংশ আধুনিক যুগলৈ প্ৰক্ষিপ্ত বা প্ৰৱিষ্ট কৰোৱা হৈছে নেকি? তথ্যৰ ব্যপক গোলমাল বা বিৰাট বিসংগতি আছে নে নাই?
অসমীয়া ইতিহাসৰ পন্ডিতসকল বুৰঞ্জীৰ ঐতিহাসিক মূল্য সম্পৰ্কে ভালদৰেই অৱগত। তেওঁলোকে বাৰম্বাৰ বুৰঞ্জীৰ দিন, বছৰ, ৰাজ্যাভিষেক, যুদ্ধ বিগ্ৰহ আদিৰ মিল বিচাৰিছে অন্য সূত্ৰৰ পৰা। সোণ-ৰূপৰ মুদ্ৰা, তামৰ ফলি, দেৱোত্তৰ বা নিষ্কৰ ভূমিদানৰ চৰকাৰী আদেশ আৰু সমসাময়িক অন্য ইতিহাসবিদৰ গ্ৰন্থ আদিৰ পৰাও মিল বিচাৰিছে। মিল বিচাৰিঐ পাইছে, বহুত মিল। পন্ডিত নগেন্দ্ৰনাথ আচাৰ্যই তেওঁৰ “History of Medieval Assam” গ্ৰন্থত ঐতিহাসিক প্ৰমাণৰ চেষ্টা কৰি সফল হৈছে।
যিদৰে দেওধাই বুৰঞ্জীত আংশিক সূৰ্যগ্ৰহণৰ বিষয়ে উল্লেখ আছে – ৰজা চুচেনফাৰ আমোলত ১৪৮৬ চনত। শ্ৰী আচাৰ্যই গ্ৰীণহাউচ মানমন্দিৰৰ পৰা তথ্য লৈ এই বিশেষ সময়খিনি মিলাবলৈ সক্ষম হৈছে।
শ্বান বংশৰ ইতিহাসৰ পৰাও এইসম্পৰ্কে পৰিপূৰক তথ্য লাভ কৰা সম্ভৱ হৈছে। এন. ইলিয়াছ-এ ১৮৭৬ চনত কলকাতাৰ পৰা “History of the Shans” কৰে। প্ৰথম আহোম ৰজা চুকাফাৰ শ্বান পূৰ্বপুৰুষৰ নাম প্ৰায় হুবহু মিলি যায় – অৱশ্যে উচ্চাৰণৰ পাৰ্থক্য পৰিহাৰ কৰিলে। যেনে আহোম বুৰঞ্জীৰ “তাওখুনমিং”। ই শ্বান গ্ৰন্থত “ছাওখুনমিং”। বুৰঞ্জীৰ “তাওখুনকুম” শ্বান ভাষাত “ছাওখুনকুম” ।
শ্বান ৰজাসকলৰ লগত “ভাইৰজা” সম্বন্ধ, দূত বিনিময়, বৈবাহিক আদান-প্ৰদান আৰু মাজে মাজে যুদ্ধ – সকলোবোৰেই মিলে।
মুছলমান লেখকৰ বিৱৰণৰ সৈতেও প্ৰচুৰ মিল পোৱা যায়। মীৰ্জা নাথনৰ বাহাৰিস্থান -এ- গায়েবী, মীৰজুমলাৰ ওৱাকিয়ানবীশ, চিহাবুদ্দিন তালিশৰ ফাতিয়া-ই-ইব্ৰিয়া, আব্দুল হামিদ লাহোৰীৰ পাদশ্যাহ-নামা, গোলাম হুছেইন খানৰ ৰিয়াজ-উস্- চালাতিন আদি এইবোৰৰ মাজত উল্লেখযোগ্য। ১৮১৭ চনত মানৰ আক্ৰমণৰ সময়ত চাং-আং ওৰফে মুং আং নামৰ ব্ৰহ্মদেশৰ সেনাধ্যক্ষই তাই ভাষাত লিখা ওৱেছালি-হুকং আৰু ওৱেছালি-মুং-দুন-চুন-খাম-অত থকা নানা ধৰণৰ বিৱৰণৰ সৈতেও অসমৰ বুৰঞ্জীৰ মিল পোৱা সম্ভৱ।
ৰাজবংশৰ ইতিহাসত সাধাৰণতে আত্মগৌৰৱৰ প্ৰাধান্য থাকে। পৰাজয়ক তুচ্ছ কৰি ক্ষুদ্ৰ বিজয়ক ‘বিৰাট বিজয়”লৈ পৰিণত কৰা হয়। অসম বুৰঞ্জীৰ পৃষ্ঠাত কিন্তু এইবোৰ নাই। যুদ্ধত পৰাজিত হৈ পলায়ন কৰা ৰজা জয়ধ্বজ সিংহক “ভগনীয়া ৰজা” নাম দিছিল আহোম ৰাজপুৰুষ কাশীনাথ তামুলী ফুকনে। আহোমৰ অন্তেষপুৰৰ নাৰীয়ে মোগলৰ হাৰেমত প্ৰৱেশ কৰাৰ দৰে ঘটনাও পোনপটীয়াকৈ অসমৰ বুৰঞ্জীত কোৱা হৈছে। আহোমৰ দ্বাৰা লিখা বুৰঞ্জীৰ তথ্যই মোটামুটি যথাযথভাবে সমকালীন ঘটনাৱলী ডাঙি ধৰিছে।
(ক্ৰমশঃ)

Related Articles

error: Content is copy right protected !!
Close