অসমৰ বুৰঞ্জী- (৩)

মূল: সঞ্জয় মিত্ৰ--- অনুবাদ: অঞ্জন শৰ্মা

সেইবাবেই বুৰঞ্জীক লৈ আধুনিকভাৱে কাম-কাজ সম্পন্ন কৰা দায়িত্ব অসমীয়া ইতিহাসবিদসকলৰ হাতলৈ যাবলৈ বাধ্য হয়।  অসমীয়া বুদ্ধিজীৱীসকলে ১৮০০ চনৰ শেষৰফালে অসমীয়া সংস্কৃতি আৰু ভাষাৰ স্বাতন্ত্ৰ্য স্থাপন অৰাৰ প্ৰয়াস কৰিছিল – মূলতঃ বঙালী সংস্কৃতি আৰু বঙলা ভাষাৰ আগ্ৰাসনৰ বিৰূদ্ধে। লিপি মোটামুটি দেখিবলৈ একে ধৰণৰ বাবে বহুতৰে ভুল ধাৰণা আছিল যে অসমীয়া ভাষা বোধকৰো বাংলাৰ উপভাষা আৰু অসমীয়া সংস্কৃতি বঙালী সংস্কৃতিৰ ছাঁয়া হে মাথোন। এতিয়া অৱশ্যে নিশ্চিতভাৱে ক’ব পাৰি যে সেয়া একেবাৰেই শুদ্ধ নহয়। কিন্তু ১৮০০ চনৰ শেষৰফালে বাংলা ‘ৰেনেছা’ বা নৱজাগৰণৰ প্ৰতাপ ইমানেই শক্তিশালী আছিল যে ওচৰ-পাজৰৰ প্ৰায়বিলাক প্ৰদেশৰ বুদ্ধিজীৱীসকলে অৱস্থা যথাযথ কৰি ৰাখিবলৈ ব্যতিব্যস্ত হৈ পৰিছিল। এই দুই ধৰণৰ সংস্কৃতিৰ স্নায়ুযুদ্ধত বুৰঞ্জীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰাটো অস্বাভাৱিক নহয়।
পোনপ্ৰথমে “অসম বুৰঞ্জী” বাংলাত কলকাতাৰ পৰা ১৮২৯ চনত প্ৰকাশিত হয়। সম্পাদক হলিৰাম ঢেকিয়াল ফুকন। অনুবাদ – বি.চি. ভট্টাচাৰ্য্য। আহোমৰ দিনত ৬০০০ সৈন্যৰ অধিনায়কসকলক “ঢেকিয়াল ফুকন” বোলা হৈছিল। গতিকে সম্পাদক সুষ্পষ্টভাৱে সম্ভ্ৰান্ত পৰিয়ালৰ মানুহ। মূল নথি-পত্ৰ নিজৰ পৰিয়ালৰ সংগ্ৰহৰ পৰা যোগাৰ কৰিছিল। অসমীয়া ভাষাত লেখা। এইখনক মূলতঃ অসমৰ পূৰ্ণাংগ ইতিহাস বুলিও ক’ব পাৰি। পুৰণি কালৰ পৰা একেবাৰে বৃটিছসকলৰ আগমণ পৰ্যন্ত বিৱৰণ আছে। ৰাজহ আৰু বিচাৰ ব্যৱস্থা, শাসনতন্ত্ৰ, ভূগোল, নদ-নদী, জাতিব্যৱস্হা,‌ কৃষি, জনবিন্যাস – সকলোবিলাক আছে।
১৮৪৪ চনত শিৱসাগৰৰ পৰা প্ৰকাশিত হয় কাশীনাথ তামুলী ফুকনৰ দ্বাৰা সম্পাদিত “অসম বুৰঞ্জী”। অন্তিম আহোম ৰজা পুৰন্দৰ সিংহৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত। এইখনত আহোমৰ উত্থান আৰু অসমলৈ আগমণৰ পৰা প্ৰাক বৃটিছ আমোল পৰ্যন্ত সকলোবোৰ ৰজা, প্ৰধানমন্ত্ৰী (বুঢ়াগোঁহাই) আৰু অন্যান্য ডাঙৰীয়াসকলৰ বিৱৰণ আছে। “ডাঙৰ” মানে “ডাঙৰ মানুহ” বা উচ্চ-পদাধিকাৰী মানুহ; “ডাঙৰীয়া”ৰ অৰ্থ “ডাঙৰ মানুহ”। আহোম ৰজাসকলৰ দিনত ৫ জন মুখ্য অমাত্যক “ডাঙৰীয়া” বুলি সম্বোধন কৰা হৈছিল।
ইয়াৰ পিছত ১৮৫০ চনত অৰুণোদই পত্ৰিকাত “ছুটীয়া বুৰঞ্জী” প্ৰকাশিত হয়। মূলতঃ উত্তৰ-পূৱ অসমৰ ছুটীয়া ৰাজবংশৰ ইতিহাস। এইখন পুৰণি বুৰঞ্জী – ১১৮৯ চনৰ পৰা আৰম্ভ।
১৮৭৬ চনত গুণাভিৰাম বৰুৱাৰ দ্বাৰা অইন এখন “অসম বুৰঞ্জী” কলকাতাৰ পৰা প্ৰকাশিত হয়। এইখনো খুব বিস্তাৰিত – অসমৰ প্ৰায় পূৰ্ণাংগ ইতিহাস।
১৯২২ চনত হেমচন্দ্ৰ গোস্বামী সম্পাদিত “পুৰণি অসম বুৰঞ্জী” গুৱাহাটীৰ পৰা প্ৰকাশিত হয়। বুৰঞ্জী সমূহৰ ভিতৰত বোধহয় এইখনেই সবাতোকৈ পুৰণি। শ্ৰীগোস্বামীৰ মতে এইখনৰ মূল নথি-পত্ৰ মহাৰাজ গদাধৰ সিংহৰ আমোলৰ (১৬৮১- ১৬৯৫ খ্ৰীষ্টাব্দ )।
 ১৯৩০ চনৰ পৰা ডঃ সূৰ্যকুমাৰ ভূঞাই এখনৰ পিছত অইন এখনকৈ ভালেমান বুৰঞ্জী সম্পাদনা কৰে। এইবোৰৰ মাজত উল্লেখযোগ্য হ’ল তুংখুঙীয়া বুৰঞ্জী। মূল লেখক শ্ৰীনাথ দুৱৰা বৰবৰুৱা – এও প্ৰায় ১৭ বছৰ ধৰি আহোম ৰজাৰ প্ৰধান অমাত্যসকলৰ মাজৰ অন্যতম আছিল। তুংখুঙীয়াসকলে উত্তৰ-পূৱ অসমৰ তুংখাং গাওঁৰ নাম গ্ৰহণ কৰিছিল। তেওঁলোক সেই ৫ টা প্ৰধান আহোম পৰিয়ালৰ অন্তৰ্ভুক্ত আছিল, যিসকলৰ আহোমৰ ৰীতি-নীতি অনুসৰি সিংহাসন প্ৰাপ্তিৰ অধিকাৰ আছিল। এই বংশৰ ১০ জন ৰজাই প্ৰায় ১৫০ বছৰ অসমত ৰাজত্ব কৰিছিল। ১৬৮১ চনৰ পৰা ১৮২৬ চন পৰ্যন্ত, অৰ্থাৎ বৃটিছসকল অহা সময়লৈ। শ্ৰীনাথে মুখ্য বিচাৰক হিচাপেও কাম কৰিছিল। তেওঁৰ লেখাৰ ধৰণ আছিল ধীৰ-স্থিৰ। কোনোধৰণৰ অতিশয়োক্তি নাই। মাজে মাজে অৱশ্যে আহোম ৰাজশক্তিৰ ক্ৰমাগত অবক্ষয়ৰ বাবে ফুটি উঠা বিষাদ লক্ষণীয়। তেওঁৰ লেখা পঢ়ি পৰিষ্কাৰকৈ বুজিব পাৰি যে তেওঁ আহোম ৰজা/ৰাণীসকলৰ ব্যক্তিগত মেজাজ-মৰ্জি আৰু ধৰ্মীয় উন্মাদনাৰ কুফল সম্পৰ্কে সচেতন আছিল।
(ক্ৰমশঃ)
The link for previous parts are placed belkow.

Related Articles

error: Content is copy right protected !!
Close