অসমৰ বুৰঞ্জী- (২)

মূল: সঞ্জয় মিত্ৰ  : অনুবাদ: অঞ্জন শৰ্মা

 (পূৰ্বতে প্ৰকাশ পোৱাৰ পিছৰ অংশ)
বুৰঞ্জী প্ৰকৃততে কি? একেষাৰে ক’বলৈ হ’লে অসমীয়া বা “তাই” ভাষাত লেখা ইতিহাস। কিছুমান হ’ল বংশাৱলী। কিছু হ’ল ৰাজসভাৰ বিৱৰণী। কিয়দংশ উচ্চপদস্থ ৰাজপুৰুষ বা সীমান্ত প্ৰদেশৰ দায়িত্বত থকাসকলৰ লিখিত প্ৰতিবেদন। বহুক্ষেত্ৰত মাথোন যুদ্ধৰ বিৱৰণ। প্ৰধান স্থপতিৰ প্ৰাক্কলনেও স্থান লাভ কৰিছে মাজে মাজে। সকলোবিলাক মিলি এক বিচিত্ৰ খিচিৰি। ক’ৰবাত হয়তো ৰাজনৈতিক ঘটনাৱলীৰ বিশদ বিৱৰণ, ক’ৰবাত আকৌ ৰাজন্যবৰ্গৰ ক্ষমতালিপ্সাৰ কথা, ক’ৰবাত চুবুৰীয়া ৰাজ্যৰ – বিশেষকৈ গৌড় বা মোগল সাম্ৰাজ্যৰ পৰিচয়, আকৌ ক’ৰবাত আহোম শাসনৰ পতনৰ পূৰ্বানুমান ; একেবাৰে সজাই থোৱা তথ্যসম্ভাৰ। পঢ়ক, মিলাই চাওক, যিখিনি প্ৰয়োজন- গ্ৰহণ কৰক।
অসমৰ বুৰঞ্জী সাহিত্যকীৰ্তি হিচাপেও অতুলনীয়। ইতিহাস ৰচনা যে এক উৎকৃষ্ট সাহিত্য সেয়া অসমৰ বুৰঞ্জীৰ ক্ষেত্ৰত পৰিষ্কাৰকৈ বুজিব পাৰি। সহজ সৰল, অনাড়ম্বৰ, ফটফটীয়াকৈ অসমীয়া বা তাই ভাষাত লিখা গদ্য। চুটি চুটি বাক্য। সৰল, দেশীয় ভাষা। তৎসম বা তদ্ভৱ শব্দৰ বোজা নাই। ইমান পুৰণি গদ্যও আকৌ প্ৰায়বিলাক ভাৰতীয় ভাষাত নাই। হিন্দী, বঙলা বা তামিল সাহিত্যৰ আৰম্ভণি বোধহয় পদ্যৰ দ্বাৰাই। গদ্য আহিছে বহুত পিছত। সেইক্ষেত্ৰত অসমৰ বুৰঞ্জী সচাই অসাধাৰণ।
এতিয়ালৈকে প্ৰায় এশ-ডেৰশ বুৰঞ্জী “পুনৰাবিষ্কৃত” হৈছে। ১৯৩০ চনৰ পৰা পন্ডিতপ্ৰবৰ সূৰ্যকুমাৰ ভূঞাৰ তত্বাৱধানত বিভিন্ন বুৰঞ্জী সংকলিত, অনুদিত আৰু প্ৰকাশিত হৈছিল। মূল গ্ৰন্থবোৰ বিভিন্ন স্থান আৰু পান্ডুলিপিৰ পৰা সংগ্ৰহীত। সেইবোৰ আছিল সম্ভ্ৰান্ত ৰাজপুৰুষসকলৰ ব্যক্তিগত পুথিভঁৰালত। সংগ্ৰহ কৰা হৈছিল অন্তিম আহোম ৰজা পুৰন্দৰ সিংহৰ মহাফেজখানাৰ পৰা। আহোম পুৰোহিতসকলৰ পৰাও, বিশেষকৈ দেওধাই বা বাইলুং সকলৰ পৰাও সংগ্ৰহ কৰা হৈছিল। আনকি সাধাৰণ পৰিয়ালবোৰৰ পৰাও – যিসকলৰ কিছুমানৰ বাসগৃহত পাৰিবাৰিক বুৰঞ্জীক মাজে-সময়ে পূজাও কৰা হৈছিল। ড: ভূঞা আৰু তেওঁৰ সহযোগীসকলে এইক্ষেত্ৰত অসম চৰকাৰৰ পুৰাতত্ব আৰু ঐতিহাসিক অনুসন্ধান বিভাগৰ অকুন্ঠ সহযোগিতা তথা পৃষ্ঠপোষকতাও লাভ কৰিছিল।
অন্তিম আহোম ৰজা পুৰন্দৰ সিংহই নিজৰ মহাফেজখানা পন্ডিতসকলৰ বাবে মুকলি কৰি দিছিল। এয়া পিছে কোনো নতুন ঘটনা নাছিল। বেছিভাগ আহোম ৰজাই সকলো কথা লিপিবদ্ধ কৰিবলৈ সচেষ্ট আছিল। তেওঁলোকে এই কাৰ্যৰ বাবে এজন বিশেষ অধিকাৰী নিয়োগ কৰিছিল আৰু তেওঁক “লিখাকাৰি (লিখক) বৰুৱা” বোলা হৈছিল। এই বিষয়াগৰাকীয়ে বুৰঞ্জী লিখকসকলক বা প্ৰতিবেদকসকলক লেখাৰ দায়িত্ব দিছিল। তেনে কাৰ্যৰ বাবে যিবোৰ ৰাজকীয় বা গোপনীয় নথি প্ৰয়োজন হয়, সেইবোৰো যোগান ধৰিছিল বা যোগাৰ কৰি দিছিল। লেখা সমাপ্ত হ’লে পান্ডুলিপি গুচি গৈছিল “গন্ধিয়া বৰুৱা”ৰ হাতলৈ – যি গৰাকী বিষয়া পুথি বা পান্ডুলিপিৰ সংৰক্ষণৰ দায়িত্বত আছিল। লেখা-পঢ়াৰ ক্ষেত্ৰত আহোমসকল আৰম্ভণিৰ পৰাই সজাগ। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাপক শান ৰাজকুমাৰ চুকাফাই ১২২৮ চনত অসমলৈ আহিয়েই পন্ডিতসকলৰ ফটোৱা জাৰি কৰিছিল সকলোবোৰ কথা লিখি ৰাখিবলৈ। তেওঁলোকৰ এনে ‘লিখা’ কাৰ্য আকৌ বহুত পুৰণি। বৰ্মা, থাইলেণ্ড, কাম্বোডিয়া, লাওচ – এনে সকলো স্থানতেই একেই ধাৰা দৃশ্যমান। ধাৰণা হয় যে এই ধাৰা চীনৰ পৰা লাভ কৰিছিল। সেই সময়ত চীনৰ ইউনান প্ৰদেশে দক্ষিণ-পূব এছিয়াৰ প্ৰায়বোৰ দেশৰ ওপৰতেই গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল।
বঙ্গ, বিহাৰ, উৰিষ্যাৰ দৰে অসমতো বৃটিছ চিভিলিয়ানসকলে পুৰণি দলিলপত্ৰ বিচাৰিবলৈ আৰম্ভ কৰাৰ লগতে পঢ়িবলৈও আৰম্ভ কৰিছিল। সৰ্বপ্ৰথমে ড: জে পি ৱেডে (Dr. J. P. Wade) ১৭৯২-৯৪ চনত বুৰঞ্জী সংক্ৰান্তীয় বিষয়টো ইংৰাজী জনা সৰ্বসাধাৰণৰ সন্মুখলৈ লৈ আহে। তেওঁলোকে, অৰ্থাৎ ইংৰাজ ৰাজপুৰুষসকলে বোধহয় এনেবোৰ তথ্য-পাতি, পাণ্ডুলিপি ব্যক্তিগতভাৱে যোগাৰ কৰিছিল। ইতিহাস চৰ্চাৰ ক্ষেত্ৰত প্ৰশিক্ষিত নাছিল বাবেই তেওঁলোকৰ পঢ়া-শুনা কিছু বিক্ষিপ্ত আছিল। তেওঁলোকে প্ৰায়েই সঠিকভাৱে উদ্বৃতি দিব পৰা নাছিল। আহোমৰ তথ্যৰ আকৰ সম্পৰ্কে ধাৰণা অস্পষ্ট হৈ থাকিছিল। বহুক্ষেত্ৰত মূল নথি-পত্ৰ ভালকৈ সংৰক্ষণ কৰিবলৈ সক্ষম হোৱা নাছিল।….
(ক্ৰমশঃ}
The Link for the First part place below.
https://www.mahabahoo.com/অসমৰ-বুৰঞ্জী/

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close