অসমৰ প্ৰাক্তন চাহ জনগোষ্ঠী জোলা মুছলমান

ড৹ মুনিৰুল হুছেইন

অসমৰ জাতি গঠন প্ৰক্ৰিয়া এক বোৱঁতী নৈৰ দৰে। যিদৰে বিভিন্ন জান-জুৰিৰ সংমিশ্ৰণত এখন পূৰ্ণাংগ নৈৰ সৃষ্টি হয়, ঠিক সেইদৰে অসমৰ জাতি গঠন প্ৰক্ৰিয়াত অসমীয়া মুছলমানৰ অৱদান অনৱদ্য। অসমৰ মুছলমানসকল সামাজিক স্তৰীকৰণৰ ওপৰত ভিত্তি কৰি ক্ৰমে ছৈয়দ, গৰীয়া, মৰিয়া আৰু জোলা নামেৰে স্তৰীকৃত।

অসমৰ মুছলমান উপৰিপুৰুষ মূলতঃ তুৰ্কী, আফগান আৰু মোগল আছিল। ইতিহাসৰ মতে, ১২০৫-০৬ খ্ৰীষ্টাব্দতে অসমলৈ মুছলমানসকলৰ আগমন হয়। অসমলৈ মুছলমানৰ প্ৰব্ৰজনৰ ভিতৰত বখতিয়াৰ খিলজি, হিছামুদ্দিন ইয়াজ, তুৰ্বক, মিৰজুমলা, গিয়াছুদ্দিন আউলিয়া, আজান পীৰকে মুখ্য কৰি বিভিন্ন পীৰসকল। ইয়াৰ উপৰি যুদ্ধ-বিগ্ৰহ আৰু ৰজাৰ আক্ৰমণ আদিত বহু মানুহ যুদ্ধবন্দী হিচাপে, বনুৱা, কাৰিকৰ হিচাপে অসম মাতৃৰ কোলাত নিগাজিকৈ থাকি গ’ল।

আহোম ৰজা ৰুদ্ৰসিংহই (১৬৯৬-১৭১৪) বিভিন্ন বৃত্তিত পাৰ্গত আঠোটা কাৰিকৰ পৰিয়াল অসমলৈ অনাইছিল। এই পৰিয়ালকেইটা হ’ল— ফাৰ্চী, পটীয়া, আখৰকটীয়া, শিলাকটীয়া, গুণাকটীয়া, খনিকৰ, নেগেৰীয়া দৰ্জী আৰু জোলা। এই জোলাসকলেই অসমত নিগাজিকৈ বাস কৰা এক শ্ৰেণী অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত।

জলহা বা আভিধানিক শব্দ জোলা, ইয়াৰ অৰ্থ তাঁতী। ড৹ মহেশ্বৰ নেওগ, নৱকান্ত বৰুৱা আৰু ড৹ ৰজনীকান্ত শৰ্মাৰ অভিধানেও জোলা শব্দৰ অৰ্থ তাঁতী, পকা কপাহৰ কোঁহা আৰু তাঁতী মানে কাপোৰ বৈ পেট প্ৰৱৰ্তন কৰা মানুহ বুলি উল্লেখ কৰিছে অৰ্থাৎ বয়ন শিল্পৰ লগত জড়িত ইছলাম ধৰ্মাৱলম্বী লোক। ব্ৰুছ চাহাবে অসমত প্ৰথম চাহখেতি আৰম্ভ কৰাৰ সময়ত অসমত থলুৱা বনুৱাৰ অভাৱৰ বাবে বিহাৰ, ঝাৰখণ্ড, হাজাৰিবাগ, ছোটনাগপুৰ, ৰাঁচী, ডুমকা, গিৰিধ, পূৰ্ণিমা আদিৰপৰা গিৰমিটিয়া (অস্থায়ী) আৰু আঁৰকঠীয়া (স্থায়ী) চালান পদ্ধতিৰে এই জোলাসকলক অসমৰ চাহ উদ্যোগত সোণগুটি বুটলিবলৈ অসমলৈ অনা হৈছিল। ইতিহাসৰ মতে, এই জোলা জনগোষ্ঠীৰ লোকসকলক লৈ ১৮৪০ চনত ‘আছাম কোম্পানী’য়ে বনুৱা আমদানি প্ৰথা আৰম্ভ কৰে। সেই বছৰতে ৬৫২ জন বনুৱা হাজাৰিবাগৰপৰা অসমলৈ আনিছিল। অসমলৈ প্ৰথম চালান হৈ অহা শ্ৰমিকসকল বিহাৰৰ হাজাৰিবাগ জিলাৰ মানুহ আছিল। সেইকাৰণে বৰ্তমান অসমত বসবাস কৰা চাহ জনজাতিৰ জোলা জনগোষ্ঠী লোকসকল পূৰ্বতে হাজাৰিবাগৰ বাসিন্দা আছিল। উত্তৰ ভাৰততো তেওঁলোক জোলা নামেৰে পৰিচিত আৰু অসমতো তেওঁলোকক জোলা নামেৰে জনা যায়।

বৰ্তমান অসমৰ জোলাসকল গোলাঘাট, খুমটাই, সৰুপথাৰ, যোৰহাট, মেলামাটি, তিতাবৰ, ম’হবন্ধা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, বিশ্বনাথ চাৰিআলি, মাকুম, ডুমডুমা, ৰঙামাটি আদিতেই কেন্দ্ৰীভূত হৈ আছে। বৰ্তমান তেওঁলোকৰ জনসংখ্যা প্ৰায় এক লাখৰো অধিক।

বয়ন শিল্পত পাৰ্গত এই জোলাসকলৰ পৰম্পৰাগত বৃত্তি আছিল দৰ্জী আৰু তাঁতী। এই দৰ্জী শ্ৰেণীটোৱে ৰজা, ৰাজবিষয়াৰ পোছাক তৈয়াৰ কৰিছিল কুৰ্তা-পায়জামা, চৌগান, চাপকন আদি তেওঁলোকৰ দান। সম্প্ৰতি তেওঁলোক কৃষি, পশুপালন, হস্ততাঁত, বস্ত্ৰশিল্প আৰু কুটীৰ শিল্পত মনোনিৱেশ কৰাৰ লগতে ধৰ্মীয় শিক্ষাৰে শিক্ষিত হৈ তেওঁলোকৰ মাজত দুই-এজনে হাফিজ, মৌলানা, কাৰী আদি ডিগ্ৰী লৈ বৰ্তমান মছজিদৰ ইমাম আৰু মাদ্ৰাছাত শিক্ষকতা বৃত্তিত নিযুক্ত হৈছে। তেওঁলোকে সাধাৰণ শিক্ষাৰ লগতে কাৰিকৰী শিক্ষা আৰু অন্যান্য উচ্চ শিক্ষাও গ্ৰহণ কৰিছে। অভিযন্তা, চিকিৎসক, সাংবাদিক আৰু চৰকাৰী উচ্চ পদস্থ বিষয়াও এই সম্প্ৰদায়ৰ লোকৰ মাজত বিদ্যমান।

অসমত প্ৰথম নামঘৰৰ ঘাই খুঁটা স্থাপন কৰা শংকৰদেৱৰ প্ৰিয় শিষ্য চান্দ খাঁ আছিল এজন জোলা সম্প্ৰদায়ৰ লোক। ধেলী দৰ্জীও আছিল আৰু সম্প্ৰদায়ৰে ব্যক্তি।

অসম চৰকাৰৰ TAD/BC/268/75/37dtd., 27th November 1975 এক অধিসূচনাযোগে এই জোলাসকলক অন্যান্য পিছপৰা শ্ৰেণী হিচাপে (এম. অ’ বি চি) চাহ বাগান আৰু প্ৰাক্তন চাহ জনজাতিৰ তালিকাৰ উপৰিউক্ত অধিসূচনাৰ ক্ৰমিক নং ৮১ ত অন্তৰ্ভুক্ত হৈ আছে।

ব্ৰিটিছৰ দিনতে অসমলৈ অহা এই জোলাসকলে স্বকীয় বিদ্যাৰে নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰা, সাজ-পোছাক, অলংকাৰ আদি লগত লৈ আহিছিল। জোলাসকলে অসমীয়া ভাষাক মাতৃভাষা হিচাপে গণ্য কৰিলেও তেওঁলোকৰ মাজত ‘খৰটা’ আৰু ‘সাদৰী’ নামৰ দুটা দোৱান আছে। জোলাসকল মূলতঃ ইছলামধৰ্মী লোক। ইছলামধৰ্মীয়লোকসকলৰো ৰীতি-নীতি এওঁলোকে পালন কৰে। ইছলামধৰ্মীয় উৎসৱ, যেনে— ঈদ, মহৰম, ফাতেহা-দোৱাজ দহম আদি তেওঁলোকেও পালন কৰে। ইতিহাসৰ মতে, এই জনগোষ্ঠীৰ লোকসকলে মহৰম পালনৰ সময়তে লাঠীখেলা, মাৰ্চিয়া গীত গোৱা, কাৰৱালাৰ কাহিনী শুনি শোক প্ৰকাশ কৰা, তাজিয়াৰ আয়োজন কৰা, তাজিয়া দফন কৰা আদি তেওঁলোকৰ প্ৰিয়। অতীজতে জোলাসকলৰ মাজত বহুতো পুৰুষ-মহিলাই গোপনে হ’লেও চহৰাই পৰৱ, কৰম পূজাত অংশগ্ৰহণ কৰিছিল।

এওঁলোকৰ দৈনন্দিন ব্যৱহৃত সঁজুলিসমূহৰ ভিতৰত গাগৰী, ঘটী, লোটা, চাউল জুখিবলৈ পৈনা, তেল গৰম কৰিবলৈ দাম্ভৰী, কৰচলি (হেঁতা), বটুৱা আদি।

বিয়া-বাৰুৰ ক্ষেত্ৰত ইছলামধৰ্মীয় নীতি অনুযায়ীহে নিকাহ প্ৰথাৰে সম্পন্ন হয় যদিও এওঁলোকৰ মাজত লগন দিয়া, তেল-হালধি লগোৱা, বিয়ানাম গোৱা আদি পৰম্পৰাৰ প্ৰচলন আছিল। বিয়া-বাৰুত ‘নটুৱা-নাচ’ৰ বিশেষ নৃত্যৰ দলে সকলোকে আকৰ্ষণ কৰিছিল। ছোৱালী বিয়া কৰাই অনাৰ পিছত দৰাঘৰৰ চুমানৰ প্ৰথা প্ৰচলিত আছে।

সভ্যতাৰ বিকাশ হোৱাৰ লগে লগে এই জনগোষ্ঠীৰো সকলো দিশতে উত্তৰণ হোৱা দেখা যায়। বিশেষকৈ সাজপাৰৰ ক্ষেত্ৰত জোলাসকলে পৰম্পৰাগত সাজ হিচাপে দুখনীয়া বস্ত্ৰ, পাগুৰি, ফটহু কুৰ্তা, শিশুসকলৰ কঁকালত ক’লা ৰঙৰ এডাল সূতা আৰু তামৰ পইচা এটা সূতাডালত গাঁঠি পৰিধান কৰাইছিল। এই সূতাডালক কমৰডৰী বা দনকডৰী বোলে। পুৰুষসকলে ৱাচকোট পৰিধান কৰিছিল। বৰ্তমান এই সকলোবিলাক সাজপাৰ আধুনিকতাৰ প্ৰভাৱত পৰি বিলুপ্ত হৈছে।

মহিলাসকলে বিভিন্ন ধৰণৰ অলংকাৰ, যেনে— নাকত নাকচি বা লুলুক বা মাকৰি, কাণত কেৰু, কাণফুল, কানচি, ঝুড়ঝুড়ী, ডিঙিত চিকিমালা, চন্দ্ৰহাৰ, দুগদুগী, চেইন, হাতত চুৰী বা খাৰু, বালা, ভৰিত পিন্ধা গহনাৰ ভিতৰত পৈজন বা পঁয়জী, কঁক আদি। আন চাহ জনজাতি মহিলাৰ দৰে অতীজতে জোলা সম্প্ৰদায়ৰ মহিলাসকলেও প্ৰথমতে সেন্দূৰ ব্যৱহাৰ কৰিছিল যদিও বৰ্তমান ইয়াৰ ব্যৱহাৰো নাইকিয়া হৈছে।

খোৱা-বোৱাৰ ক্ষেত্ৰত ভাততকৈ ৰুটীহে বেছি প্ৰিয় আছিল। চিৰা, মুড়ি, চাউল ভজা, চতুৱা আদিও তেওঁলোকৰ প্ৰিয় খাদ্য। পৌষ পৰৱৰ সময়ত জোলাসকলেও বিভিন্ন ধৰণৰ পিঠা-পনা, জলপান তৈয়াৰ কৰে। মিঠা পোলাও এই জনগোষ্ঠীৰ অন্যতম প্ৰিয় খাদ্য। ঘৰত কোনো মাংগলিক অনুষ্ঠান পতা, কোৰাণ পাঠ কৰা, ন-খোৱাৰ সময়ত এইবিধ পোলাও ব্যৱহাৰ হয়। চাউলৰ গুড়িৰপৰা প্ৰস্তুত কৰা এড়িচা পিঠা দৰাঘৰৰপৰা কইনাঘৰলৈ নিয়া এক পৰম্পৰা আছিল। তদুপৰি তেওঁলোকৰ মাজত চিল্কাৰুটী, ভাপত দিয়া পিঠা, মালপোৱা আদিৰো প্ৰচলন আছিল।

বৰ্তমান জোলাসকলৰ অধিকাংশই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰিছে। ‘অসম চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলহা’ (জোলা) নামৰ সংস্থা এটাই এই জলহা জনগোষ্ঠীৰ উত্তৰণৰ বাবে চেষ্টা চলাই আছে।

এই সম্প্ৰদায়টোৰ অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক, সামাজিক দিশবোৰ গৱেষণা কৰাৰ স্থল আছে। এই জনগোষ্ঠীৰ লোকসকল আগবাঢ়ি আহি চৰকাৰী পক্ষৰ লগত আলোচনা কৰি সম্প্ৰদায়টোৰ উন্নতিৰ ক্ষেত্ৰত আগ-ভাগ ল’ব লাগিব। তেতিয়াহে সম্প্ৰদায়টোৰ সকলো দিশত উন্নতি আশা কৰিব পৰা যাব।

অসমীয়া সমাজত ইছলাম ধৰ্মাৱলম্বী জোলা মুছলমানসকলে ঐতিহাসিক কালৰপৰা আন ধৰ্মাৱলম্বীৰ সৈতে সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই আছে। মছজিদৰ আজানৰ শব্দৰ সৈতে নামঘৰ-মন্দিৰৰ দবা-শংখৰ ধ্বনি অনুৰণিত হৈ সমাজখন চিৰদিন প্ৰাণোচ্ছল কৰি ৰাখিব। এই বন্দিত সমন্বয় লুইতৰ সোঁতে সাগৰ-মহাসাগৰৰ বিভিন্ন প্ৰান্তলৈ বোৱাই লৈ যাব।

(খিলঞ্জীয়াৰ সৌজন্যত)

Related Articles

error: Content is copy right protected !!
Close