অসমৰ উঠি ৰজা বহি ৰজালৈ বুলি একলম

ত্ৰিবেদি চুতীয়া

ল’ৰা ৰজা ওৰফে বৰলা স্বৰ্গদেউৰ লগতনো কি মুখ চুপতি মাৰিম। শুনিছো তেও হেনো এই কেইদিন ইন্দ্ৰপ্ৰস্থৰ অপৰিপক্ক, এলাইবাদু ৰাজকুমাৰক ৰাজ্য শাসনৰ অ আ ক খ শিকোৱাত মনোনিৱেশ কৰি আছে। তাতে আকৌ ৰাজ জ্যোতিষীয়ে এই বৰ্ষৰ পহিলাতে কেনেবাকৈ ৰাজকুমাৰীৰ সংস্পৰ্শলৈ আহিলেই স্বৰ্গদেউৰ শুভ পৰিনয়ৰ লগন আৰম্ভ হ’ব বুলি ভৱিষ্যৎ বানী কৰাত স্বপ্নবিভোৰ হোৱা যেনো অনুমান হৈছে। সেয়েহে পোনপটীয়াকৈ অসম মুলুকৰ উঠি ৰজা বহি ৰজাকে এই ফটা মুখে দুআষাৰ মান কও। মহাৰাজ,( যদিও আপুনি অঘোষিত) আপোনাৰ বিষয়ে শতৰুৱে অনেক কুৎসা ৰচনা কৰিলেও আপোনাক মই অপৰাজেয় অথচ উপেক্ষিত মহাযোদ্ধা বুলিয়েই গণ্য কৰিছিলো। মহাভাৰতত যিদৰে কৰ্ণৰ প্ৰতি সহানুভূতি জাগে, আপোনাৰ প্ৰতিও তেনে এক ভাৱেৰে মন বিভোৰ আছিল, যদিও বিস্বাসযোগ্যতাৰ প্ৰসংগত কৰ্ণ আৰু আপোনাৰ আকাশ পাতাল পাৰ্থক্য। তথাপি আপোনাৰ দূৰদৰ্শিতা, কূটনৈতিক জ্ঞান, ৰাজনৈতিক বিচক্ষণতা আৰু কৰ্মপটুটা শলাগিবলগীয়া। সেয়েহে লৰা ৰজাই আপোনাৰ কেশহীন মুণ্ডত টেকেলী ভাঙি যেতিয়া ৰাজপাটত বহিছিল, তেতিয়া আপোনাৰ বাবে অন্তৰআত্মা কান্দি উঠিছিল। কাৰণ ৰাজসিংহাসনৰ প্ৰকৃত হকদাৰ আপুনিহে আছিল। কিন্তু কিছুদিন ধৰি আপোনাৰ ছত্ৰছায়াতে চলি থকা এক চূড়ান্ত কাপুৰুষালি দেখিহে লজ্জিতবোধ কৰিছো। দেখিবলৈ পাইছো, অনাগত দিনৰ ৰাজসিংহাসনৰ প্ৰতিদ্বন্দী বোৰক এজন এজনকৈ অন্যায়ভাৱে বন্দী কৰি পোতাশাললৈ পঠিয়াই আপুনি লৰা ৰজাৰ বাবে ৰাজসিংহাসনৰ পথ নিস্কণ্টক কৰিব খুজিছে। প্ৰতিদ্বন্দীৰ দুহাত অন্যায়ভাৱে শিকলিৰে বান্ধি তাৰ পিছত যুদ্ধ কৰাটো বীৰত্ব বুলি নকয়, বৰঞ্চ চৰম কাপুৰুষালি আৰু নপুংসকতা বুলি কয়। আপোনাৰ দৰে মহাযোদ্ধাই এনে দুস্কৰ্ম কৰাটো অশোভনীয়। দুদিনৰ আগত নিৰ্জলতাৰ সকলো সীমা চেৰাই ১১ বছৰীয়া ল’ৰা এজনক আপোনাৰ চন্তৰীয়ে পোতাশাললৈ নিয়াৰ যো-জা চলোৱা দেখিছো। ল’ৰা ৰজাৰ লগত থাকি আপুনিও যদি লালোকসোলা বৰফুকন হ’ম বুলিয়ে থিৰ কৰি লৈছে তেন্তে মনত ৰাখিব গদাপানি কিন্তু এদিন আহি ওলাবহি। সেইদিনা গদাপানিয়ে আপোনাৰ কেশহীন মুণ্ডত সৰ সৰাই মূতি দিলেও আপোনাৰ বাবে বেজাৰ কৰিবলৈ কোনো নাথাকিব।
(পৰিস্থিতি দেখি এনে লাগিছে গদাপানিয়ে এতিয়াও পাহাৰৰ নাগিনী এগৰাকী পতাব নোৱাৰাৰ বেজাৰতে ভৈয়ামলৈ নামি অহা নাই। ভেলেন্টাইন দ্যে ৰ ছেল আৰম্ভ হৈছে। কোনে জানে এইবাৰ গদাপানিৰ কপাল ফুলেই বা)
Show More

Related Articles

Back to top button
error: Content is copy right protected !!