অসমীয়া ভাষাৰ সংকটক্ষণ

জগত বৰগোহাঁই

 

সাফল্য আকস্মিকভাৱে লাভ কৰা বস্তু নহয়, ইয়াৰ বাবে লাগে এক দীঘলীয়া প্ৰস্তুতি, অধ্যৱসায়, অপৰিসীম ত্যাগ, ধৈৰ্যশীল দৃঢ়সংকল্প, ঊৰ্ধ্বগামী চিন্তাৰে সমৃদ্ধ এটা সুস্থ মন। জীৱনৰ লগত কৰ্ম, একেডাল ৰছীৰে গঁথা এডাল ফুলৰ মালাৰ দৰে। মানুহৰ ভৰি দুখনেই হ’ল কৰ্মৰ প্ৰথম সঁজুলি। সৎ আৰু অসৎ কৰ্মৰ দুটা ভাগ, দুখন ভৰি। এই দুখন ভৰিৰেই মানুহে গতি কৰে পৃথিৱীৰ ইমূৰৰপৰা সিমূৰলৈ, সংস্কৃতি আৰু দুষ্কৃতিৰ খোজ। বিচিত্ৰ-বৰ্ণাঢ্য জ্ঞান-প্ৰজ্ঞাৰ অভিজ্ঞতাৰে জীৱনৰ গতিপথ নিৰ্ণয় কৰে, নিজৰ উৎকৰ্ষ সাধন কৰাৰ লগতে জগতৰো কল্যাণ সাধন কৰে। নিজৰ কৰ্মৰাজিৰ জৰিয়তে জনগণৰ মাজত প্ৰকৃত লোক হিচাপে পৰিগণিত হয়। সমাজৰ, দেশৰ, বিশ্ববাসীৰ বৃহত্তৰ স্বাৰ্থৰ হকে আত্মনিয়োজন হোৱাটো মহৎ গুণৰ পৰিচায়ক।

এটা জাতিৰ জাতিগত স্বাৰ্থ, আশা-আকাংক্ষা, শোষণ আৰু বৈষম্যমুক্ত সমাজ গঢ়িবলৈ মতবাদৰ ভিত্তিত গঢ় লৈ উঠে জাতীয়তাবাদৰ দৰে সংগঠনসমূহ। অসমীয়া মানুহৰ অস্তিত্বৰ সংকট মোচনৰ অৰ্থে মাত মাতিবলৈ অৰাজনৈতিক দল-সংগঠনৰ সাংবিধানিক অধিকাৰ আছে। সাম্প্ৰতিক সময়ত অসমীয়া ভাষাৰ সংকটে আৰ্তনাদ কৰিছে। এয়া ভাষাৰ সন্ধিক্ষণ। লোকপিয়লত ভাষাভিত্তিক পৰিসংখ্যা এনে ধৰণৰ— ১৯৬১ চনৰ লোকপিয়লত অসমত অসমীয়াভাষীৰ সংখ্যা আছিল ৬২.৩৬ শতাংশ। ২০০১ চনত অসমীয়াভাষীৰ সংখ্যা হ’লগৈ ৪৮.৮০ শতাংশ। ২০১১ চনৰ ভাষাভিত্তিক পৰিসংখ্যা প্ৰকাশ হোৱা নাই। কিন্তু এক সূত্ৰ মতে ২০১১ চনৰ লোকপিয়লত অসমীয়াভাষীৰ সংখ্যা কমি ৪৩ শতাংশ হৈছে আৰু বাংলাভাষীৰ সংখ্যা ১৯৭১ চনৰ ১৯ শতাংশৰ ঠাইত ৩৩ শতাংশ হৈছেগৈ। অসমীয়া মানুহৰ এনে এক সংকটজনক পৰিস্থিতিত পৰ্যালোচকৰ মতে ২০২১ চনত অসমত বাংলাভাষীৰ সংখ্যা গৰিষ্ঠ হ’ব আৰু অসমীয়া ভাষাই সংকটত ভুগিব। এয়া অসমীয়া মানুহৰ বাবে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সংকেত।

আমাৰ জাতীয় জীৱনৰ অনুপ্ৰেৰণাৰ উৎস হ’ল ইতিহাস চেতনা। বুৰঞ্জী চৰ্চা বা ইতিহাস চেতনাবোধে জাতিটোক জীৱনীশক্তি বঢ়াই কাৰ্যক্ষম আৰু অনুপ্ৰাণিত কৰে। যিটো জাতিৰ নিজ ভূখণ্ড সম্পৰ্কে ভৌগোলিক জ্ঞান নাই আৰু নিজৰ ইতিহাস নাজানে সেইটো জাতি অধঃপতনৰ গৰাহত পৰাটো স্বাভাৱিক।

সদৌ অসম টাই যুৱ ছাত্ৰ পৰিষদে ১৯৮১ চনৰ ১৫, ১৬, ১৭ আঘোণত চৰাইদেউৰ মৈদামৰ সমীপত সদৌ অসম ভিত্তিত ‘স্বৰ্গদেউ ছ্যুকাফা দিৱস’ সফলতাৰে অনুষ্ঠিত কৰে। অৰ্ভ্যথনা সমিতিয়ে ‘ছ্যুকাফা জ্যোতি’ নামেৰে এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰে। স্মৃতিগ্ৰন্থখনিত সম্পাদনা সমিতিৰ সুদূৰ প্ৰসাৰী দৃষ্টিভংগীৰ উদাত্ত আহ্বান আছিল এনে ধৰণৰ— ‘‘জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে এক অসমীয়া জাতি বুলি ক’বলৈ আমি গৌৰৱ অনুভৱ কৰো, সেই প্ৰেৰণাদায়ক গৌৰৱৰ প্ৰতিষ্ঠাতা মহান স্বৰ্গদেউ ছ্যুকাফা, পৰ্বত-ভৈয়ামক একতাৰ ডোলেৰে বান্ধিব পৰাকৈ স্বৰ্গদেউ ছ্যুকাফাই অতুলনীয় বিচক্ষণতা, উদাৰতা, বদান্যতা আৰু দূৰদৰ্শিতাৰে একজাত, একমাতৰ দি বীজাংকুৰণ কৰি গ’ল সিয়েই অসমীয়া জাতিৰ ভেটি। আজিৰপৰা প্ৰায় ডেৰশ বছৰৰ আগেয়ে আহি পৰা ঐতিহাসিক বিপৰ্যয় তথা বেমেজালিয়ে জাতিটোৰ ধ্যান-ধাৰণা, কৃষি তথা সংস্কৃতিক গভীৰভাৱে বিপৰ্যস্ত কৰি সভ্যতাটিকেই আমূল পৰিৱৰ্তিত কৰি তুলিব খোজাটো উদ্বেগৰ বিষয়। অসমৰ সকলো জাতি-উপজাতিয়ে আৱশ্যকানুসাৰে স্বকীয়তা বজাই ৰাখি ছ্যুকাফাৰ দূৰদৰ্শিতাৰে অসমীয়া জাতিক পুনৰ সঞ্জীৱিত কৰাৰ সময় আহি পৰিছে। আহক, অসমীয়া জাতিক আমি পুনৰ সঞ্জীৱিত কৰো। স্বৰ্গদেউ ছ্যুকাফাৰ আদৰ্শ দীৰ্ঘজীৱী হওক।”

১৯৮১ চনৰ উদাত্ত আহ্বানৰ ফলশ্ৰুতিত অসম চৰকাৰে ১৯৯৮ চনত ২ ডিচেম্বৰ তাৰিখটো ‘অসম দিৱস’ (ছ্যুকাফা দিৱস) হিচাপে ঘোষণা কৰে। স্বৰ্গদেউ ছ্যুকাফা অসমৰ পিতৃপুৰুষ, অসমীয়া মহাজাতিৰ প্ৰতিষ্ঠাতা। এই মহান পিতৃপুৰুষজনক স্মৰণ কৰি প্ৰত্যেক বছৰে এই দিৱস পালন কৰি কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি ক্ষান্ত থকা হ’লে নহ’ব, এই বিৰল ব্যতিক্ৰমৰ অধিকাৰী চাওলুং ছ্যুকাফাৰ অৱদানৰ সবিশেষ মূল্যায়ন হোৱা উচিত। ‘অসম দিৱস’ পালন কৰাৰ সাৰ্থকতাৰ চিত্ৰখন অধিক পৰিস্ফুট হ’ব।

(‘খিলঞ্জীয়া’ৰ সৌজন্যত)

Related Articles

error: Content is copy right protected !!
Close