অসমীয়া জাতিৰ অস্তিত্ব আনে ৰক্ষা কৰি নিদিয়ে – কনকসেন ডেকা

মহাবাহুৰ প্ৰথম সংখ্যাৰপৰা (১৯৮০ চন)

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীজেইল সিঙে একাধিকবাৰ ব্যক্ত কৰিছে যে অসমীয়া জাতিৰ অস্তিত্ব নিৰ্মূল হ’বলৈ দিয়া নহ’ব আৰু প্ৰয়োজন হ’লে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ই এক ঘৰুৱা ৰাজনীতিকৰ সস্তীয়া কথাহে। আমাৰ ৰাজনীতি কৰা লোকসকল যে গুৱাহাটীৰ কাছাৰী ঘাটৰ কণীৰ দৰ-দাম কৰা বেপাৰীবোৰতকৈ মানুহ হিচাপে উদ্ধৰ্ত নহয় সেই কথা যোৱা কেইমাহৰ তেওঁলোকৰ কামে-কাজে নিখুঁতভাৱে প্ৰমাণ কৰিছে। চলাহী কথাৰে সাধআৰণ মানুহক প্ৰৱঞ্চনা কৰাটো এওঁলোকৰ মৌলিক আদৰ্শ আৰু সমাজখনক ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত বিভক্ত কৰি শাসন কৰাটো এওঁলোকৰ কৌশল। নানা ৰকমৰ অনুদানেৰে পুষ্ট ভাৰতবৰ্ষৰ বৃহৎ বাতৰি-কাকত আৰু আকাশবাণী, দূৰদৰ্শনকেই আদি কৰি প্ৰচাৰ যন্ত্ৰসমূহ এইসকল ৰাজনীতিৰ কুক্ষীগত। নেতাৰ মতৰ বিৰুদ্ধে গৈ সাধাৰণ মানুহৰ দুখ-দুৰ্দশাৰ কথা প্ৰচাৰ কৰিলে বাতৰি কাকতলৈ আগ বঢ়োৱা নিউজপ্ৰিণ্ট আৰু চৰকাৰী বিজ্ঞাপন বন্ধ কৰি দিয়া হয়। অৱশ্যে বৃহৎ কাকতসমূহ মালিক আৰু নেতাসকলৰ মাজত অপূৰ্ব সমন্বয় বৰ্তমান আৰু সেই সমন্বয়ৰ জৰিয়তেই যুগে যুগে সমাজৰ খাটিখোৱা মানুহৰ জীৱনক চেপি খুন্দি আহিছে।

মিজো বিদ্ৰোহী নেতা শ্ৰীলালডেঙ্গাই কৈছিল যে দিল্লীৰ শাসক সকল বৃটিছৰ নীইতকেই অনুসৰণ কৰি আহিছে আৰু তেওঁলোকে নিজকে আমাৰ প্ৰভু ধাৰণা কৰিছে (The administration from Delhi has followed the British Colonial system. The attitude of Delhi has been, — “We are lord and master, obey us, or we will crush you under the heel of the army.” This attitude is the main reason for the unrest in the Northeast today. — Laldenga in Himnat, May—16, 1980)। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আমাৰ সংবিধানতেই মূল কেনা ৰৈ গৈছে আৰু ইয়াৰ আমূল পৰিৱৰ্তন সাধন কৰাৰ ওপৰতহে দেশৰ সংহতি নিৰ্ভৰ কৰে। ভাৰতীয় সংবিধানখনক বহু পৰিমাণে বৃটিছ-সংবিধানৰ নকল বুলি কলেও বঢ়াই কোৱা নহয়। নামত গ্ৰেট বৃটেইন যদিও ই আয়তন আৰু জনসংখ্যাত ক্ষুদ্ৰ ৰাষ্ট্ৰ, অধিবাসীসকলৰ ভাষা, গোষ্ঠী, খাদ্য, আচাৰ-ব্যৱহাৰ ইত্যাদি প্ৰায় একে হোৱা কাৰণে শক্তিশালী কেন্দ্ৰৰ জৰিয়তে এককেন্দ্ৰিক শাসন চলোৱাত অসুবিধা নাই। কিন্তু ভাৰতবৰ্ষৰ ছবি সম্পূৰ্ণ বিপৰীতঃ অসংখ্য গোষ্ঠী আৰু বহুতো ভাষা-ভাষীৰ ই এখন বৃহৎ আয়তনৰ দেশ। ইয়াৰ সংবিধান এককেন্দ্ৰিক নহৈ সম্পূৰ্ণৰূপে যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ হ’ব লাগিছিল আৰু প্ৰতিটো ভাষা গোষ্ঠীৰ লোকেই যথাসম্ভৱ স্বায়ত্ব শাসন উপভোগ কৰাৰ সুবিধা পাব লাগিছিল, যিটো মাৰ্কিন যুক্তৰাষ্ট্ৰ বা চোভিয়েট সমাজতাইন্ত্ৰক সাধাৰণতন্ত্ৰত সম্ভৱ হৈছে। কিন্তু মূৰ্খৰ স্বৰ্গত বাস কৰি অহা এদল লোকে প্ৰায়ে গায়ত্ৰী মন্ত্ৰৰ দৰে ‘সংহতি’, ‘ৰাষ্ট্ৰীয় ঐক্য’ ইত্যাইদৰ কথা কয়ত্ৰ কিন্তু ভাৰতবৰ্ষৰ প্ৰতিটো অঢ়্চলৰ লোকে নাগৰিক হিচাপে পূৰ্ণ মৰ্যাদা লাভ নকৰালৈকে সংহতি বা ৰাষ্ট্ৰীয় ঐক্য কোনো পধ্যেই সম্ভৱ হ’ব নোৱাৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ভি. ইভ. গিৰিয়ে ইলাষ্ট্ৰেটেড্ উইকলি অৱ ইণ্ডিয়াৰ (মে’ ২৫-৩১, ১৯৮০ সংখ্যা) Poll, for One Party rule? নামৰ প্ৰৱন্ধটোত আক্ষেপ কৰি লিখিছে যে আমাৰ দেশত অদ্যপি আঞ্চলিকতাবাদী চিন্তা-চৰ্চাৰ উপশম ঘটা নাই। তেওঁ শক্তিশালী কেন্দ্ৰীয় চৰকাৰ এখনৰ পোষকতা কৰিছে। কিন্তু যোৱা তেত্ৰিশ বছৰে শিক্তশালী কেনদ্ৰীয় চৰকাৰে সমদৃষ্টিৰে দেশৰ আটাইবোৰ অঞ্চললৈ দৃষ্টিপাত কৰাৰ দৃষ্টান্ত তেওঁ দাঙি ধৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক।

ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰথম বাক্যটোৱেই হ’ল এনে ধৰণৰঃ We, the people of India, having solemnly resolved to constitute into a Sovereign Socialist Secular Democratic Republic and to secure to all its citizens… fraternity assuring the dignity of the individual and the unity and integrity of the Nation.

যোৱা তেত্ৰিশ বছৰত সংবিধানৰ মৰ্যাদা ৰক্ষা কৰি ‘সম্ৰাজবাদ’ প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কিদৰে একচেতীয়া পুঁজিপতিহঁতে দেশৰ বৃহৎ পৰিমাণৰ সম্পদ হস্তগত কৰিলে তাক ইয়াত ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। একেদৰেই ধৰ্মনিৰপেক্ষতাৰ আহিলা লৈ কিদৰে ভাৰতীয় সমাজখনক সংখ্যা লঘু, সংখ্যাগুৰু, অনুসূচীত, পিছপৰা ইত্যাদিত বিভক্ত কৰি ইংৰাজ আৰ্হিৰে ‘ভাগ কৰা আৰু শাসন কৰা’ নীতি-প্ৰৱৰ্তন কৰিল সি সৰ্বজনবিদিত। সম্প্ৰদায় ভিত্তিত এইদৰে ভাৰতীয় সমাজখনক টুকুৰা টুকুৰ নকিৰ অথৈতিকভাৱে ‘আগবঢ়া’ আৰু ‘পিছপৰা’ নামেৰে দুটা শ্ৰণীত ভাগ কৰা নহ’ল কিয়? তোতিয়াহে প্ৰকৃতাথৰ্ত ধৰ্মনিৰক্ষে নীতিৰ সাৰ্থকতা আহিলহেঁতন। শাসকগোষ্টীয়ে ইচ্ছাকৃতভাৱেই ভাৰতীয় জনগণৰ মাজত বিভাজন আনিবৈল আপ্ৰণ চেষ্টা চলাই আহিছে; কিয়নো সমুদায় অৰ্থৈনতিকভাৱে পিছপৰা শ্ৰেণীটো একত্ৰিত হ’ল বিউদ হ’ব পাৰে বুলি তেওেঁলাকে নিশ্চিতভাৱ জানে। একেটা প্ৰস্তাৱনাতেই সংহতি আৰু ঐক্য (Unity and integrity)ৰ কথা কোৱা হৈছে, কিন্তু ই যে যাদু-মন্ত্ৰেৰে নাহে তাক ভগুত বাহিৰে আন সকলোৱে স্বীকাৰ কৰিব। দেশৰ অৰ্থনীতিৰ সম-বিতৰণৰ ওপৰতহে এই ঐক্য আৰু সংহতি নিৰ্ভৰ কৰে। পঞ্জাৱ-হাৰিয়ানাৰ এশভাগ গাঁও বাসীয়েই যেতিয়া বিজুলী চাকিৰ পোহৰ উপভোগ কৰে তেতিয়া অসমৰ শতকৰ মাত্ৰ সাতভাগ লোকেহে। সেই সুবিধা ক্ষেত্ৰত ওভাগ কৰিবলৈ সুযোগ পায়। অন্যান্যসকলো ক্ষেত্ৰতেই ভাৰতবৰ্ষৰ উত্তৰ-অন্যান্য সকলো ক্ষেত্ৰতেই ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বঞ্চলক পিছ পলাই ৰখা হৈছে। তেনে অৱস্থাত ঐক্য আৰু সংহতিৰ পথত সকলোৱে একেদৰে আগবাঢ়ে কেনেকৈ? প্ৰকৃতাৰ্থত আমাৰ শাসনাধিষ্ঠিত নেতাসকলেই ঐক্য আৰু সংহতিৰ পথত প্ৰধান হেঙাৰ স্বৰূপে থিয় হৈছে। ফলস্বৰূপে মিজো নাগৰিক এজনে খেদ কৰি কৈছে—‘‘মোক শাস্তি দিব পাৰিবা বা হত্যা কৰিব পাৰিবা; কিন্তু সেইদৰে মোৰ অনুভূতিক বশ মনাব নোৱাৰিবা।’’ (হিম্মত, ১৬ মে’ ১৯৮০)

এই পটভূমিত গৃহমন্ত্ৰী জেইল সিঙে চৰ্দাৰি কৰি কৈছে ‘‘ভয় নাই অসমীয়াৰ অস্তিত্ব আমি ৰক্ষা কৰিম।’’ ইয়াৰ স্পষ্ট অৰ্থ এইটোৱেই যে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হোৱা কথাটো চৰকাৰীভাৱে মানি লোৱা হ’ল—কিন্তু অসমৰ ছাত্ৰ সমাজে দহমাহ ধৰি শিক্ষানুষ্ঠানৰ ফালে পিঠি দিয়াৰ লগতে বহুতে কেঁচা তেজ আগবঢ়োৱাৰ পিছতহে তেওঁৰ এই উপলব্ধি হ’ল কিয়? অসমীয়াই নায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰিলে সংকীৰ্ণতাবাদী, বিচ্ছিন্নতাবাদী আদি আখ্যা পায়; কিন্তু অসমৰ উন্নতিৰ বাবে চকু নিদিয়াসকলেই যে ইয়াৰ বাবে গৰিহণাৰ পাত্ৰ আৰু এওঁলোকেই যে ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতিৰ পথত প্ৰধান অন্তৰায় হৈ পৰিছে তাক বুজিবলৈ কাৰো বাকী নাই। কেন্দ্ৰীয় চৰকাৰে যোৱা তেত্ৰিশ বছৰে অসমক ভাৰতবৰ্ষৰ অংশ হিচাপে গ্ৰহণ কৰি আহিছে। জেইল সিঙৰ ৰাজ্য পঞ্জাৱৰ আটাইতকৈ পিছপৰা গাঁওখনৰ মানুহজনেও দৈনিক বাতৰি কাকতখন ৰাতিপুৱা দহবজাৰ আগতে পঢ়িবলৈ পায়; কিন্তু অসমৰ বেলিকা গুৱাহাটীৰপৰা প্ৰকাশিত দৈনিক কাকতখন মহকুমাৰ সদৰ জোনাই পাবলৈ তিনিদিন সময় লাগে। ভিতৰুৱা অঞ্চলৰতো কথাই নাই! অসমৰ পৰিবহন ব্যৱস্থাৰ ই এটি ক্ষুদ্ৰ নমুনা মাত্ৰ। অসমৰ সাম্প্ৰতিক আন্দোলনক বিচ্ছিতাবাদী আখ্যান দিয়া চৰ্দাৰ জেইল সিঙে অসমৰ শোচনীয় পৰিবহন ব্যৱস্থাৰ বাবে জগৰীয়া কোন জনাবনে? পৱিত্ৰ সংবিধানৰ প্ৰস্তাৱনাত থকা মূল লক্ষ্য কাৰ হাতত ভ্ৰষ্ট হ’ল গৃহমন্ত্ৰীয়ে আমাক জনাওক। ইয়াকেই ক’লে জেইল সিঙৰ বাবে আমি হওঁ দেশদ্ৰোহী, বিচ্ছিন্নতাবাদী আৰু অনৈক্যৰ বীজ সৃষ্টিকাৰী। ১৯৬২ চনত চীনা সৈন্যই একে কোবে খেদি পঠিওৱা ভাৰতীয় জোৱানহঁতে বীৰত্ব দেখুৱাবলৈ জপিয়াই পৰে আমাৰ চেমনীয়া, অহিংস পিকেটাৰহঁতৰ ওপৰত। কিন্তু মৃত্যুক ভয় কৰি সত্যক লুকাই ৰখাৰ দিন উকলি গ’ল। মিজো বন্ধুৰ ভাষাৰেই আজি কবৰ মন যায়—You can beat me or kill me but you cannot win my feelings in that way.

পৱিত্ৰ সংবিধান চুৱা কৰা ভণ্ড জেইল সিঙহঁতে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ চেষ্টা কৰিব বুলি ইয়াৰ পিছতো ধাৰণা কৰিব পাৰিনে?

Related Articles

error: Content is copy right protected !!
Close