অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

ৰঘুনাথ কগয়ুং

‘জাতীয় সমন্বয় সাধনৰ ক্ষেত্ৰত সংস্কৃতিৰ ভূমিকা অনন্য। সংস্কৃতিৰ সেই প্ৰক্ৰিয়াৰ কথা পৰ্যালোচনা কৰি চালে দেখা যায় যে যুগ যুগ ধৰি সমাজ বিৱৰ্তনৰ পথত ৰাজনৈতিক ভূমিকাতকৈ সাংস্কৃতিক ভূমিকাই অধিকভাৱে প্ৰাধান্য লাভ কৰি আহিছে।’ (গম্লাপ মিগাং ভৃগুমুনি কাগয়ুং)। অসমীয়া সংস্কৃতিত জনজাতীয় সংস্কৃতিৰ প্ৰভাৱ অপৰিসীম। ‘জনগোষ্ঠীয় সংস্কৃতি’ (‘জনজাতীয় সংস্কৃতি’ শব্দটোৰ একে অৰ্থসূচক শব্দ হিচাপে ব্যৱহাৰ কৰা হৈছে)ৰ উপাদানবোৰ বাদ দি অসমীয়া সংস্কৃতিৰ কথা আলোচনা কৰাই অমূলক। অসমীয়া সংস্কৃতিৰ আলোচনাৰ বেলিকা দুটা আনুষংগিক কথা আহি পৰে— প্ৰথমতে, ‘জনগোষ্ঠীয় সংস্কৃতি’ বা ‘জনজাতীয় সংস্কৃতি’ক বাদ দিলে অসমীয়া সংস্কৃতি বুলি যথাৰ্থ কোনো সংস্কৃতি নাই। বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক উপাদান (ভিন্ন সময়ত)ৰ দ্বাৰা গঠিত এটি বাংময় আৰু দৃশ্যমান, পৰিৱেশ্য আৰু পৰিশীলিত ৰূপ হ’ল অসমীয়া সংস্কৃতি। এই ক্ষেত্ৰত অসমীয়া জাতিৰ প্ৰসংগলৈ উনুকিয়াব পাৰি। বিভিন্ন জাতিৰ সংমিশ্ৰণতহে অসমীয়া জাতি গঢ়ি উঠিছে। ‘অসমীয়া জাতি’ বুলিলে সেয়ে জাতি-জনগোষ্ঠীবিলাকলৈহে আঙুলিয়াব লগা হয়। অসমীয়া সংস্কৃতি বুলি ক’বলৈ হ’লেও একেদৰে জাতি-জনগোষ্ঠীবিলাকৰ সাংস্কৃতিক উপাদানৰ প্ৰসংগলৈ আঙুলিওৱাৰ বাদে গত্যন্তৰ নাই। দ্বিতীয়তে, বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক উপাদান অসমীয়া সংস্কৃতিত ইমানেই বিলীন হৈ গ’ল যে— এতিয়া সেইবোৰক জাতি-জনগোষ্ঠীবিলাকৰ সংস্কৃতি বুলিব পৰা নাযায়। দিচাং, দিখৌ, জাঁজী, ভোগদৈ, কাকডোঙা, টুনী, যোগীসুঁতি আদি উপনৈৰ পানীবোৰ বাগৰি গৈ বিশাল ব্ৰহ্মপুত্ৰত পৰিছে। ব্ৰহ্মপুত্ৰৰ পানীবোৰৰ মাজৰপৰা উপনৈবিলাকৰ পানীবোৰ চিহ্নিত কৰা যিদৰে জটিল— অসমীয়া সংস্কৃতিৰ মাজৰপৰাও জাতি-জনগোষ্ঠীবিলাকৰ সংস্কৃতিবোৰ পৃথক কৰা বা চিহ্নিত কৰা সমানেই জটিল। অসমৰ পৰিচয়বাহক নৈ ব্ৰহ্মপুত্ৰক যিদৰে আঙুলিয়াব পাৰি, অসমৰ সংস্কৃতিৰ বেলিকা অসমীয়া সংস্কৃতিক আঙুলিয়াব পাৰি। অসমৰ জাতীয় নৈ হৈছে বিশাল ব্ৰহ্মপুত্ৰ। উপনৈবোৰ ইয়াৰ সৌন্দৰ্য, প্ৰাণ আৰু চালিকাশক্তি। অসমৰ জাতীয় সংস্কৃতিও অসমীয়া সংস্কৃতিহে ! জাতি-জনগোষ্ঠীয় সংস্কৃতিবোৰ হ’ল অসমীয়া সংস্কৃতিৰ প্ৰাণ, সৌন্দৰ্য আৰু মূল চালিকাশক্তি। এই দুটা দিশৰ কথা এই কাৰণেই কোৱা হৈছে যে— অসম আৰু অসমীয়াৰ যিকোনো প্ৰসংগ আলোচনাৰ বেলিকা এই দুটা দিশলৈ দৃষ্টি ৰখা উচিত।

অসম, অসমীয়াৰ জাতি-সংস্কৃতি বাদেই, অসম-অসমীয়া শব্দৰ সৃষ্টিৰ বহু বছৰ আগৰপৰাই এই ভূখণ্ডত ভিন্ন জাতি-জনগোষ্ঠী বাস কৰি আছিল। নৃতাত্ত্বিক বিচাৰত প্ৰাগজ্যোতিষ বা কামৰূপলৈ অহা প্ৰথম নৃ-গোষ্ঠী হ’ল অষ্ট্ৰিকসকল, কিন্তু তেওঁলোক পৰৱৰ্তী কালত পুনৰ ঘূৰি যায়। তাৰ পিছতে দ্ৰাবিড়, মংগোলীয় গোষ্ঠীৰ বহুতো লোক এই ভূখণ্ডলৈ আহে। মংগোলীয় নৃ-গোষ্ঠীৰ লোক চামে চামে ভিন্ন সময়ত অসমত প্ৰৱেশ কৰে আৰু অসম-অসমীয়া চেতনাৰ জন্ম, প্ৰসাৰ আৰু সমৃদ্ধি কৰে।

অসম-অসমীয়া চেতনাৰ সৃষ্টিৰ অন্তৰালতে নিহিত হৈ আছে ‘সংমিশ্ৰণ’। সংমিশ্ৰণ হ’ল অসমীয়া সংস্কৃতিৰ প্ৰাণবস্তু। অসমীয়া সংস্কৃতিৰ জন্মৰপৰা বৰ্তমানলৈকে সাংস্কৃতিক সংমিশ্ৰণৰ এক অৱধাৰিত প্ৰৱাহ অব্যাহত আছে আৰু অব্যাহত থাকিব। পাৰিবাৰিক সংমিশ্ৰণ, সামাজিক বিধি-ব্যৱস্থাৰ সংমিশ্ৰণ, সাংস্কৃতিক সংমিশ্ৰণ, সাহিত্য-কলাৰ সংমিশ্ৰণৰ ফলত অসমীয়া সংস্কৃতি সমৃদ্ধিশালী হ’ল আৰু এই সমৃদ্ধিৰ মূল চালিকাশক্তিৰ ভূমিকা পালন কৰে জাতি-জনগোষ্ঠীৰ সংস্কৃতিবিলাকে। অসমীয়া সংস্কৃতিত জনজাতীয় বা জনগোষ্ঠীয় সংস্কৃতিৰ প্ৰভাৱৰ বিষয়ে সামান্যতম আভাস দিবলৈ ইয়াত যত্ন কৰা হ’ব। অৱশ্যে তলত দিয়া কথাখিনি ব্যাখ্যা কৰা হ’লেহে আচল তত্ত্বটো অনুধাৱন কৰাত সহজ হ’লহেঁতেন যদিও প্ৰবন্ধটোৰ পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ব্যাখ্যা কৰাৰপৰা আঁতৰত থাকিলো।

অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত জনগোষ্ঠীয় প্ৰভাৱ বিদ্যমান। অসমীয়া ভাষাত দন্তমূলীয় ধ্বনি জনগোষ্ঠীয় প্ৰভাৱৰ ফল। তিব্বতবৰ্মীয় ভাষাত দন্তমূলীয় ধ্বনিহে আছে, সংস্কৃতত ‘দন্ত্য’ আৰু ‘মূৰ্ধণ্য’—দুয়োটা ধ্বনিয়ে আছে। অসমীয়া ভাষাত দন্তমূলীয় ধ্বনিহে পোৱা যায়, ই তিব্বতবৰ্মী ভাষাৰে ফল বুলিব পৰা যায়।

অসমীয়া ভাষাৰ হ্ৰস্ব আৰু দীৰ্ঘ স্বৰৰ পাৰ্থক্যহীনতা পোৱা যায়। তিব্বত-বৰ্মীয় ভাষাত হ্ৰস্ব-দীৰ্ঘ স্বৰৰ পাৰ্থক্য নাই, ই অসমীয়া ভাষালৈ তিব্বতবৰ্মীয় ভাষাৰ পৰা আহিছে। অসমীয়া নিৰ্দিষ্টবাচক প্ৰত্যয় (জন, জনী, ডাল, টো), সম্বোধনবাচক শব্দ (ককায়েক, আইতাক), স্থানবাচক শব্দ, নদীবাচক শব্দবোৰ তিব্বতবৰ্মীৰপৰা অহা।

বৰাহী ৰজা মহামাণিক্য, কমতা ৰজা, দুৰ্লভনাৰায়ণ, ইন্দ্ৰনাৰায়ণ, কোচ ৰজা নৰনাৰায়ণ, আহোম ৰজা শিৱসিংহ আদিৰ পৃষ্ঠপোষকতাত অসমীয়া সাহিত্যৰ চৰ্চা হৈছিল। আধুনিক যুগত জনগোষ্ঠীয় লেখকৰ বৰঙণিৰে অসমীয়া সাহিত্য সমৃদ্ধ হৈ আছে। তাৰে কেইগৰাকীমান হ’ল— ৰূপনাথ ব্ৰহ্ম, বিষ্ণুপ্ৰসাদ ৰাভা (বড়ো-কছাৰী), ৰাজেন ৰাভা (ৰাভা), পদ্ম পাটৰ (তিৱা), যোগেশ দাস (কছাৰী), ৰং বং তেৰাং (কাৰ্বি), তৰুণচন্দ্ৰ পামেগাম, ভৃগুমুনি কাগয়ুং (মিচিং), লুম্বেৰ দাই (আদি) ইত্যাদি।

অসমীয়া সংস্কৃতিৰ ধৰ্ম-দৰ্শন, লোকবিশ্বাস-অন্ধবিশ্বাসৰ ক্ষেত্ৰত জনগোষ্ঠীয় প্ৰভাৱ বিদ্যমান। দেও-ভূত, বীৰা-পিশাচ-যখ-জল দেৱতাৰ ধাৰণা, হাঁহ-পাৰ-ছাগলী-কুকুৰাৰ বলি দিয়া প্ৰথা, তাম্ৰেশ্বৰীক মাতৃ ৰূপত কল্পনা, শিৱক বাইথৌ, কামাখ্যাক আই গোসাঁনীৰ ৰূপত কল্পনা (বড়ো), কামাখ্যা মন্দিৰৰ সৃষ্টি (কামাখ্যা আদিতে অষ্ট্ৰিকৰ মৰিশালি আছিল, তাৰ পিছত বড়োৰ উপাস্য দেৱী, বৰ্তমান হিন্দুৰ পীঠস্থান) আদি জনজাতীয়সকলৰ অৱদান। খাদ্য গ্ৰহণৰ ক্ষেত্ৰত জনগোষ্ঠীয় প্ৰভাৱ বিদ্যমান। মাছ-মাংস ভক্ষণ প্ৰথা (ভাৰতৰ অন্যান্য উচ্চ বৰ্ণ হিন্দুৱে মাংস নাখায়, অসমৰ উচ্চ বৰ্ণ হিন্দুৱে খায়। পৃথিৱীৰ অন্যান্য বৌদ্ধধৰ্মীয়ে মাংস নাখায়, অসমৰ বৌদ্ধধৰ্মীয়ে খায়), গাহৰি মাংস গ্ৰহণ (ভাৰতৰ অন্যান্য উচ্চ বৰ্ণ হিন্দুৱে ‘গাহৰি’ ঈশ্বৰ-অংশী বুলি খাদ্য ৰূপত গ্ৰহণ নকৰে, অসমৰ হিন্দুসকলে কৰে)। নামচিং, শুকটিমাছ, খৰিচা, বাঁহ-বেতৰ গাজ, পচলা, মদ আদিৰ প্ৰচলন জনগোষ্ঠীয় প্ৰভাৱৰ ফল। চিকাৰ কৰা, মাছ ধৰা, পহু চিকাৰ আদি জনগোষ্ঠীয় প্ৰভাৱৰ ফল।

উৎসৱ-পাৰ্বণ, আচাৰ-লোকাচাৰৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিত জনগোষ্ঠীয় প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিছে। অসমীয়া বাঁহ সংস্কৃতি (টকা, গগনা, বাঁহী আদি সামগ্ৰী, জাকৈ-খালৈ-চেপা-চালনী-খৰাহি, পল-ডলা আদি সামগ্ৰী)ত জনগোষ্ঠীয় প্ৰভাৱ বিদ্যমান। পেঁপা, ঢোল আদি বাদ্য, বিহুৱান, তামোল-পাণৰ ব্যৱহাৰ আদি প্ৰথা জনগোষ্ঠীয় প্ৰভাৱৰ ফল।

সমাজ-জীৱন ধাৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অসমীয়া সংস্কৃতিত জনগোষ্ঠীয় প্ৰভাৱ ভালেমান আছে। যৌথ পৰিয়ালৰ ধাৰণা, ব্যৱস্থা, মাতৃপ্ৰধান সমাজ ব্যৱস্থা (নাৰী মৰ্যাদাক আগস্থান দিয়া), গন্ধৰ্ব বিবাহৰ প্ৰচলন, দৰা-কইনাক বাট আগচি ধৰা প্ৰথা জনজাতীয় বা জনগোষ্ঠীয় প্ৰভাৱৰ ফল। তামোল-পাণ দি শৰাই আগবঢ়াই দিয়া প্ৰথা, মুৰংঘৰ বা ডেকা চাঙৰ আৰ্হিত ঘৰ নিৰ্মাণ, মুৰংঘৰৰ আৰ্হিত ‘নামঘৰ’ নিৰ্মাণ, গাঁও পৰিচালনা পদ্ধতি— বানে কৗবাং, বাংকে কেবাং ইত্যাদিৰ আৰ্হিত গাঁওসভা, পঞ্চায়ত সভা গঠন জনগোষ্ঠীয় প্ৰভাৱৰ ফল।

অসমীয়া সাজ-পোছাক, আ-অলংকাৰৰ ক্ষেত্ৰত জনগোষ্ঠীয় উপাদান অনেক আছে। চাদৰ, ৰিহা-মেখেলাৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিত জনগোষ্ঠীয় প্ৰভাৱৰ ফল। (ভাৰতৰ অন্যান্য ঠাইত নাৰীয়ে এখন বস্ত্ৰহে পৰিধান কৰে (শাৰী), কিন্তু অসমত দুখন (ৰিহা-চাদৰ) বস্ত্ৰ পৰিধান কৰে। মিচিঙৰ গাৰে-গাছৰ, বড়োৰ দখনাৰ প্ৰভাৱ ইয়াত বিদ্যমান।) ‘মিৰিজিম’ৰ ব্যৱহাৰ (ই মিচিং কাপোৰ। ইয়াৰ আৰ্হিত অসমত জাৰৰপৰা পৰিত্ৰাণ পাবৰ বাবে বহু ধৰণৰ কাপোৰ তৈয়াৰ কৰি আহিছে।) বা এনে আৰ্হিৰ কাপোৰৰ ব্যৱহাৰ অসমীয়া সংস্কৃতিত জনগোষ্ঠীয় প্ৰভাৱৰ ফলতে হৈছে। চাদৰ-মেখেলাত ৰং-বিৰঙৰ সমন্বয় কৌশল, তাঁত বোৱা প্ৰথা। (ভাৰতৰ অন্যান্য ঠাইত তাঁতী বুলি এক বিশেষ শ্ৰেণীৰ মানুহেহে তাঁত বয়, অসমত সকলো তিৰোতাই তাঁত বব জানে বা শিকে। ই মংগোলীয় জনগোষ্ঠীৰ দান।) এৰী কাপোৰ, পাট-মুগা কাপোৰৰ ব্যৱহাৰ (এৰী কাপোৰ অসমৰ একচেটিয়া সম্পদ, কিন্তু ই মংগোলীয়ৰ পূৰ্বস্তৰ কিৰাত গোষ্ঠীৰ দান।) জনজাতীয়সকলৰপৰা অসমীয়া সংস্কৃতিত পৰিছে। ৰিহা-মেখেলা কঁকালত টঙালি বন্ধা নিয়ম জনজাতীয় সমাজৰ দান। জনজাতীয় সমাজত নাৰীয়ে কঁকালত টঙালি বান্ধি কাম কৰে। যেনে— মিচিং নাৰীৰ চেগৰেগ বা পথালি।

এনেদৰে বিচাৰ কৰিলে অসমীয়া সংস্কৃতিলৈ জনগোষ্ঠীয় সংস্কৃতিৰ উপাদান অনেক দেখা পোৱা যায়। এই আলোচনাটো তেনেই চমু আৰু চমু পথীয়া আলোচনাহে। বিস্তৃত, গভীৰ আৰু সুচিন্তিত অধ্যয়ন কৰিলে আৰু অনেক ন ন দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

‘সমন্বয়’ আৰু ‘সমাহৰণ’— সংস্কৃতিৰ এৰাব নোৱৰা অংগ। সাম্প্ৰতিক অসমীয়া সংস্কৃতি অসমীয়া আৰু জনজাতীয় সংস্কৃতিৰে সমন্বিত ৰূপ। অসমীয়া সংস্কৃতি আৰু জনজাতীয় সংস্কৃতিৰ আদান-প্ৰদান আৰু বিনিময়ৰ ফলশ্ৰুতিতে আজি অসমীয়া সংস্কৃতিয়ে সমৃদ্ধিশালী ৰূপ লাভ কৰিছে।

জনজাতীয় বা জনগোষ্ঠীয় সংস্কৃতি হ’ল অসমীয়া সংস্কৃতিৰ বৰভেটি। অসমীয়া সংস্কৃতিৰ এই বৰভেটিটো মজবুত হোৱা কাৰণেই সময়ে সময়ে অনেক কাল-ধুমুহা অহাৰ পিছতো অসমীয়া সংস্কৃতিয়ে আজিও (গোলকীকৰণৰ যুগতো) থিয় হৈ থাকিব পাৰিছে।

Related Articles

Close