অসমীয়া কথাছবি আৰু মুনীনদা ।

মৃণাল কুমাৰ মিশ্ৰ

“মনলে উভতি আহে ল’ৰালি-
        তোৰে মোৰে এটি এটি ধেমালি।
 এই গীতটোৰ মাজেৰে আমাৰ প্ৰতিজনেই এবাৰলৈ হ’লেও নিজৰ শৈশৱলৈ ঘূৰি যাবলৈ বাধ্য হওঁ। বিচাৰি চাবলৈ মন যায় চিনেমাৰ নায়কৰ লগতে নিজৰো ল’ৰালিৰ দিনবোৰলৈ। এয়াই আছিল মুনীন বৰুৱা দেৱৰ কথাছবিৰ কৃতিত্ব। ‘দাগ’ নামৰ বোলছবি খনত যতীন বৰা আৰু তপন দাসৰ ওঁঠত দিয়া এই গীতটোৰ কথা বিশিষ্ট সাহিত্যিক আৰু নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ দেৱেও স্বীকাৰ কৰি থৈ গৈছে।
 ব্ৰজেন বৰুৱা দেৱে বাট দেখুৱাই থৈ যোৱা “জনপ্ৰিয় অসমীয়া চিনেমা”ৰ বাটেৰে বাট বুলিছিল নিপ বৰুৱা দেৱে আৰু তেখেতৰ পিছত সেই বিশেষ দায়িত্ব নিজেই গাত পাতি লৈ অসমীয়া কথাছবিৰ জগতলৈ মুনীন বৰুৱাদেৱে কঢ়িয়াই আনিছিল আন এক বিশেষ ধাৰণাৰ “মানুহে ভাল পোৱা চিনেমা”।
সচাকৈয়ে ভাইমন দাৰ(কথাছবিৰ জগতত মুনীন বৰুৱা দেৱ এই নামটোৰেই বেছি জনপ্ৰিয় আছিল) প্ৰতিখন কথাছবিয়েই আছিল প্ৰকৃতাৰ্থত মানুহে ভাল পোৱা চিনেমা। ‘প্ৰতিমা’ ৰ যোগেদি চিনেমাৰ পৰিচালকৰ ৰূপত আত্মপ্ৰকাশ কৰি জীৱনৰ শেষৰখন কথাছবি ‘প্ৰিয়াৰ প্ৰিয়লৈ’ পৰিচালনা কৰি তেখেতে অসমীয়া কথাছবিৰ জগতলৈ এনে কিছু অমূল্য সম্পদ উপহাৰ দি গৈছে যাক আমি কেতিয়াও পাহৰিব নোৱাৰিম। অসমীয়া কথাছবিৰ ক্ষেত্ৰত সময়ে সময়ে আহি পৰা স্থবিৰতাৰ সময়ত মুনীন বৰুৱা দেৱে সাহসেৰে আগুৱাই আহিছিল এখন এখন জনপ্ৰিয় বা মানুহে ভাল পোৱা চিনেমা লৈ, যিয়ে পূণৰ্বাৰ আনি দিছিল অসমীয়া চিনেমাৰ গতিশীলতা।
সাধাৰণ মানুহে এখন চিনেমাৰ মাজত কি বিচাৰে, সেয়া বোধহয় ভাইমনদাই আটাইতকৈ ভালকৈ বুজি পাইছিল। প্ৰতিখন চিনেমাই বিলাইছিল  একোটা সুন্দৰ সামাজিক বাৰ্তা, কোনোধৰণৰ গিমিক সৃষ্টি নকৰাকৈ, অতি সহজ সৰল ভাষাত। সেয়েহে হয়তো মুনীন বৰুৱাৰ চিনেমা বুলিয়েই মানুহে দ্বিতীয় বাৰ প্ৰশ্ন নকৰাকৈ চিনেমাহলত ভিৰ কৰিছিলগৈ। এই যে এটা বিশ্বাস মানুহৰ মনত গঢ় লৈ উঠিছিল, মুনীন বৰুৱাৰ চিনেমা মানেই সৰ্বজন প্ৰিয় চিনেমা হ’বই, সেই বিশ্বাস শেষলৈ অটুট ৰাখিব পাৰিছিল ভাইমনদাই।
সংগীতৰ সফল প্ৰয়োগে এই ক্ষেত্ৰত তেখেতক যথেষ্ট সহায় কৰিছিল। আচলতে ভাইমনদা হাড়ে-হিমজুয়ে সংগীত প্ৰিয় আছিল। জুবিন গাৰ্গে কথাছবিৰ সংগীত পৰিচালকৰ দায়িত্ব লোৱা আৰম্ভ কৰিছিল ‘হিয়া দিয়া নিয়া’ৰ জৰিয়তে, যিখন আছিল ভাইমনদাৰ  এখন বিশেষ ভাবে উল্লেখযোগ্য ছবি। সম্পূৰ্ণ এজন নতুন  সংগীত শিল্পী জুবিনক ভৰসা কৰি লগতে আন আন বহুতো নতুন অভিনয় শিল্পীক লৈ কৰা এই ছবিখনে মুনীনদাক হতাশ নকৰিলে, বৰঞ্চ সফলতাৰে এখনৰ পিছত আনখন মানুহে ভাল পোৱা  চিনেমা  দৰ্শকলৈ আগবঢ়াই দিবলৈ উৎসাহিতহে কৰিলে। ২০০০ চনৰ পৰা আৰম্ভ কৰা সফলতাৰ এই যাত্ৰা ‘দাগ’,নায়ক’,’কন্যা দান’,’বিধাতা’, ‘বাৰুদ’,’ৰং’,’ দীনবন্ধু’, ‘ৰামধেনু’,ৰ মাজেৰে ২০১৭ৰ ‘প্ৰিয়াৰ প্ৰিয়’ লৈ নিৰবিচ্ছিন্ন ভাবে চলি থাকিল। বিভিন্ন প্ৰত্যাহ্বানৰ সম্মুখীন হবলগা হোৱাৰ বাবে সময়ে সময়ে অহা অসমীয়া চিনেমাৰ স্থবিৰতাৰ সময়ছোৱাত পুনৰ আগবাঢ়ি আহিল ভাইমনদা, নিজেই কান্ধ পাতি ললে সেই গুৰুদায়িত্ব, সফলতাৰে আগবঢ়াই দিলে – “ৰামধেনু”। সংগীত, কাহিনী, অভিনয়, চিনেমাটোগ্ৰাফী, সকলোতেই নতুনত্বৰ চাপ। অসমীয়া ছবিৰ মহা দূৰ্দিনৰ মাজতো “ৰামধেনু”জিলিকি উঠিল এখন সম্পূৰ্ণ মনোৰঞ্জনধৰ্মী বাণিজ্যিক ভাবে সফল কথাছবি ৰূপে। প্ৰথম বাৰৰ বাবে চিনেমাৰ সংগীত পৰিচালনাৰ দায়িত্ব দিলে যতীন শৰ্মাক, যিয়ে ৰামধেনুৰ সংগীতক এক বিশেষ মাত্ৰা দিবলৈ সক্ষম হ’ল। সেয়াই আছিল ভাইমনদা, নতুন বা পুৰণি, সকলোৰে পৰা ষোল্লআনা কাম আদায় কৰি এখন জাকত জিলিকা কথাছবি উপহাৰ দিব পৰা যথাৰ্থতে অসমীয়া চলচ্চিত্ৰ জগতৰ অবিসম্বাদী অভিভাৱক।
মুনীন বৰুৱা দেৱৰ আন এক তীব্ৰ হেপাঁহ আছিল, ভৱেন্দ্ৰ নাথ শইকীয়াৰ কাহিনীৰে এখন কথাছবি নিৰ্মাণ কৰাৰ। মুনীন বৰুৱা দেৱে “দীনবন্ধু”কৰাৰ সময়ত ভৱেন্দ্ৰ নাথ শইকীয়া ইহজগতত নাছিল। এটা চিন্তাই ভিতৰি ভিতৰি অশান্তি দি আছিল ভাইমনদাক। শইকীয়া ছাৰৰ প্ৰতিখন কথাছবিয়েই ৰাষ্ট্ৰীয় স্তৰত বটা বুটলিবলৈ সক্ষম হৈছিল। তেনেক্ষেত্ৰত “দীনবন্ধু”ই যদি বটা নেপায়, মানুহে বেয়া নুবুলিবনে ? কিন্তু তেখেতৰ এই আশংকাক অমূলক প্ৰমাণ কৰি আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বটা আজুৰি আনিবলৈ সক্ষম হৈছিল”দীনবন্ধু”য়ে। ভাইমনদাই প্ৰমাণ কৰি দিছিল  – ভবেন্দ্ৰ নাথ শইকীয়াৰ দৃষ্টিৰেই চিনেমা এখন পৰিচালনা কৰাৰ ক্ষমতা অকল তেওঁৰ হে আছে। “দীনবন্ধু”ৰ সংগীতে এক সুকীয়া তাৎপৰ্য্য বহন কৰিছিল। একপ্ৰকাৰ জোৰ কৰিয়েই জুবিন গাৰ্গে এই খন চিনেমাৰ সংগীত পৰিচালনাৰ দায়িত্ব মূৰ পাতি লৈছিল। জুবিনক এই গধুৰ দায়িত্ব দি নিশ্চিন্ত হৈ থকা ভাইমনদাক নিৰাশ কৰা নাছিল জুবিনে – সৃষ্টি হৈছিল শইকীয়া ছাৰে নিজেলিখি থৈ যোৱা সেই বিখ্যাত গীতটোৰ সংগীত, যিটোৱে এতিয়াও আচন্ন কৰি ৰাখে আমাৰ মন এক বিশেষ অনুভূতিৰে – সেয়া হ’ল ” ক’ৰ এজাক সপোন যেন বৰষুণ” । জুবিন গাৰ্গৰ সংগীত আৰু অনিন্দিতা পালৰ কণ্ঠৰ এই গীতটো সৰ্বকালৰ এটা শ্ৰেষ্ঠ গীত ৰূপে আমাৰ মাজত ভৱিষ্যতেও ৰৈ যাব।
সেয়াই আছিল ভাইমনদা। অকল নিজৰ সৃষ্টিৰ মাজেৰেই তেখেতে সন্তুষ্টি লভা নাছিল, উলিয়াই আনিছিল বহুতো নতুন প্ৰতিভা – অভিনেতা, সংগীত পৰিচালক, নাট্যকাৰ, চিত্ৰনাট্য ৰচক ইত্যাদি। যতীন বৰা, কপিল বৰা, উৎপল দাস, জুবিন গাৰ্গ , দিগন্ত ভাৰতী আদি ইয়াৰ জলন্ত উদাহৰণ।জুবিন গাৰ্গে মুনীন বৰুৱা দেৱক নিজৰ পিতৃ ৰূপেই মানি আহিছে। একেই কথা যতীন বৰাৰ ক্ষেত্ৰটো –  অভিনয় গুৰু তথা পিতৃৰ মৰ্য্যদাৰে সন্মান দি আহিছে ভাইমনদাক যতীন বৰাই। ভাইমনদাৰ কথাছবিৰ মাজেৰে প্ৰতিষ্ঠা লভা এইসকল  শিল্পী কলা কুশলীয়ে তেখেতৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰ’ব।
মুঠতে কব গ’লে, অসমীয়া চলচ্চিত্ৰ আৰু নাট্য জগতৰ অভিভাৱক স্বৰূপে জিলিকি আছিল মুনীন বৰুৱা দেৱ। এনে ধৰণৰ ব্যক্তিৰ জীৱনকাল দীঘলীয়া হ’লে সমাজৰ মঙ্গল হয়। কিন্তু বিধাতাই যে নামানে।
অৱশেষত আমি মুনীনদাকো হেৰুৱালোঁ।
অসমৰ চলচ্চিত্ৰ জগত, নাট্য জগত তথা ভ্ৰাম্যমাণ জগতৰ এই কাণ্ডাৰী পুৰুষজনক হেৰুৱাই যথাৰ্থতে আমি অসমৰ সাংস্কৃতিক জগতখনত নিঠৰুৱা অনুভৱ কৰিছোঁ।
ভাইমনদা, আপুনি যতেই থাকে, চিৰশান্তিৰে থাকক। পাৰ্থিৱ জীৱনৰ অৱসানে আপোনাৰ সৃষ্টিক ধুই নিব নোৱাৰে, আৰু অধিক উজ্বলি উঠিব আপোনাৰ সমগ্ৰ সৃষ্টিৰাজি।
আপোনাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

Related Articles

error: Content is copy right protected !!
Close