অসমীয়া জাতীয়তাবাদ

মিতালী ভট্টাচাৰ্য

হিমালয়ৰ পাদদেশত , ব্ৰহ্মপুত্ৰ  উপত্যকা আৰু আৰাকান পাটকাইৰ  পশ্চিম – দক্ষিন দিশত 21•5— 27•3 ডিগ্ৰী  অক্ষাংশ  আৰু 90 ডিগ্ৰী  দ্ৰাঘিমাৰ  অন্তভূক্ত  এক বিস্তীৰ্ণ  আৰু খলপীয়া ভুখণ্ডৰ মিশ্ৰিত  অথচ  সৌহাৰ্দ্য পূৰ্ণ জনসমুদায়ৰ দেশ এই খন অসম ৷ কিন্তু ভাৰত স্বাধীন হোৱাৰ পিছত নবগঠিত  ৰাষ্ট্ৰখনৰ স্বাধীন আৰু সতন্ত্ৰ সংবিধানৰ  2 আৰু 3 নং অনুচ্ছেদ  মতে প্ৰতিষ্টা, গঠন, বিভাজন আৰু পুনৰ গঠনৰ ক্ষমতা থকা সংসদে তদানীন্তন  অসম প্ৰদেশৰ আৰু North-eastern  area ৰ ভুখণ্ড ফালি আজুৰি আনি সময়ে সময়ে  একোখন সুকীয়া ৰাজ্য গঠন কৰিলে ৷ অৰ্থাৎ  দেশ স্বাধীন  হোৱাৰ চাৰিদশকৰ ভিতৰত সম্পূৰ্ণ অসম  7 খন কৈ পূৰ্ণাংগ  ৰাজ্যৰ উত্তৰ পূৰ্বাঞ্চল  হ ‘ল ৷ সমন্বয়ৰ এনাজৰী ডালৰ মাজেৰে   জ্যোতি – বিষ্ণু ,  গজেন বৰুৱা, ভূপেন  হাজৰিকা প্ৰমূখ্যে ব্যক্তি সকলে  একত্ৰীভুত তাড়নাৰে পাহাৰ ভৌয়ামক, পাইন,  শাল,  আপং, সাজপানীক ধৰি ৰাখিব বিছাৰিছিল  যদিও ৰাজ্যবোৰক ক্ৰমান্বয়ে  আঁতৰি গ ‘ল  ৷ নিজস্ব সাংস্কৃতি  আৰু ভাষা -দেৱানৰ ঐতিহ্য -পৰম্পৰা  একোটা যে উত্তৰ  পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি সত্তাৰ   আছে তাত কাৰো দ্বিমত নাই ৷ কিন্তু বিগত 6 টা দশকত কিছু স্বয়ংক্ৰিয় আৰু বহুত বেশী বাধ্যবাধকতাৰ পৰিনতিত আমাৰ নিজস্ব পুৰনি স্বকীয়তা, জাতীয়তাবোধ , আত্মাভিমান থান বান হৈ গৈ আছে৷ কেন্দ্ৰীয় চৰকাৰৰ চলাহী কথাৰে মিছাৰ ভৰাঁলৰ পৰা সাতভনীৰ দেশ বিশেষ কৈ অসমৰ উন্নয়নৰ কাৰ্যসুচীৰ সফল ৰূপায়ন কৰা হৈ আছে ৷ বিদেশী নাগৰিকৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত উগ্ৰ জাতীয়তাবাদী  ঢৌ আৰু জাতি জনগোষ্ঠী ৰ সত্ত্বাৰ  সুৰক্ষাৰ তাড়নাই ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য আৰু বিশ্বাসৰ ভেটি অস্থিৰ কৰি তুলিছে ৷ এনে পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ, নিৰ্যাতনৰ প্ৰৱনতাৰ পৰা নিজকে চিৰকালৰ বাবে মুক্ত কৰিবলৈ ইচ্ছাকৃত  ভাবেই হওঁক  বা অনিচ্ছাকৃত ভাবেই  হওঁক  এক পৰিবৰ্তনশীল  উপলব্ধিৰ প্ৰয়োজন  আহি পৰিছে ৷ এই কথা অনস্বীকাৰ্য্য  যে আজিৰ অসমীয়া সকল কমবেছি পৰিমানে নিজৰ দুৰ্দশাৰ বাবে নিজেই দায়ী ৷ পৰম্পৰাগত অলসতাৰ বাবে নিজৰ ভেটি  মাটি সম্পত্তিৰ দায়িত্ব নিজ হাতে তুলি লোৱাৰ পৰিবৰ্তে নাগালীম তথা পূৰ্ববংগ  ছিলেট আৰু মৈমনসিংহ জিলাৰ পৰা অহা পমুৱা সকলৰ হাতত অৰ্পন কৰি দিয়াৰ মহান  আনন্দ উপভোগত  ব্যস্ত ৷  মনস্তাত্বিক  এই সংকট আঁতৰ কৰিবৰ বাবে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভূগু কুমাৰ ফুকনৰ  নেতৃত্বত চলা গণ আন্দোলন টোক পৰিচিতি বা Identity  আন্দোলন বুলিও অভিহিত কৰা হয় ৷ অস্তিত্বৰ সংকটত পৰি অসমত চলা এই গণ আন্দোলন  সফল হ’ল নে নাই নে বিশেষ গোষ্ঠী  সম্প্ৰসাৰণৰ পথ মুকলি হ’ল তাৰ নিৰ্ণয়   ৰাইজে কৰিব ৷ অসমৰ বিদেশী নাগৰিকৰ সমস্যা  ৰাজনৈতিক যোগ বিয়োগৰ হিচাপৰ দ্বাৰা কলংকিত ৷ পূৰ্ব পুৰুষৰ  উদাসীনতাৰ ফলস্বৰূপে  অসমবাসীৰ ভবিষ্যত  আজি অনিশ্চিত  ৷ অকামিলা শাসন যন্ত্ৰই খিলঞ্জীয়া  স্বাৰ্থৰ প্ৰতি আওকান কৰি থাকিলে জনগনৰ ব্যক্তি স্বাৰ্থ লোপ পাব ৷ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ভাৰত ৰাষ্ট্ৰই  যে এই সাতোখন ৰাজ্যকে ‘উত্তৰ পূৰ্বাঞ্চল ‘ নামেৰে  নামকৰণ কৰি এটা তথাকথিত  ‘পেকেজ’ ৰ অধীনত ৰাখি থৈছে  আৰু ইয়াৰ গহনা লৈ সতোখন ৰাজ্যই আভুৱা ভৰি আহিছো তাৰ বান্ধ খোল খাবৰ সময়  আহি গৈছে ৷ পেকেজ এটাৰ ওচৰত মুৰ দুপিয়াই থাকি আমি প্ৰত্যেকেই  প্ৰকাৰন্তৰে নিজৰ ৰাজ্যৰ ক্ষতি সাধন কৰি আছো ৷ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ক্ষেত্ৰত কৰা বঞ্ছনা লাঞ্ছনাৰ প্ৰতিবাদ  স্বৰুপে  16 বছৰীয়া  এক ছাত্ৰ আন্দোলন সংঘটিত হৈছিল ৷ এই ৰক্তক্ষয়ী  আন্দোলনৰ মুল ভিত্তি আছিল অবৈধ অনুপ্ৰৱেশকাৰী ৷ 1971 চনত বাংলাদেশ গঠন হোৱাৰ পিছত বিভিন্ন ৰাজনৈতিক  তথা সামাজিক কাৰনত অনুপ্ৰৱেশৰ হাৰ দ্ৰুত গতিত বৃদ্ধি পোৱাটো লক্ষ্য কৰা হয় ৷ আৰু ইয়াৰ ফলত ৰাজনৈতিক  পট পৰিবৰ্তন  সঘনাই সংগঠিত হৈ এক অস্থিৰ পৰিবেশ বিৰাজ কৰে ৷ অনুপ্ৰৱেশকাৰীৰ  বিষয়ে এক টীকা IB ৰ সঞ্চালক  B.N.Mallick এ গোপন ভাবে 1965 চনত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিছিল ৷ কেন্দ্ৰীয় PIP বা Prevention of pak Infiltraction from Pakistan  আঁচনি প্ৰস্তুত কৰি অসমৰ বাবে এক বিশেষ বাহিনী গঠন কৰিছিল ৷ কিন্তু অনুপ্ৰৱেশ  ৰোধ কৰিবৰ বাবে কৰা প্ৰচেষ্টা  শাসক গোষ্ঠী লবীৰ বাধাৰ বাবে স্তিমিত হৈ পৰে ৷ অসমৰ তদানীন্তন  মন্ত্ৰী দেৱেশ্বৰ  শৰ্মাই বৰ তিক্ততাৰে তেওঁৰ আত্মজীৱনী মূলক গ্ৰন্থ  ‘ হেৰাই যোৱা দিন ‘ ত এনে এটা চক্ৰৰ ইংগিত দি অভিযোগ উত্থাপন  কৰিছে ৷ শাসক দলে ‘ভোট বেংক ‘ৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে অসমৰ জন গাঁথনিত এই শ্ৰেনী লোকৰ প্ৰভাৱ ৰ কথা  আওকান কৰিলে  ৷ কিন্তু মন কৰিব লগিয়া যে ভোট বেংকৰ ৰাজনীতিৰ পৰা উৰ্ধত উঠি কিছু সংখ্যক  প্ৰগতিশীল  নেতাই এই অনুপ্ৰৱেশৰ ফলত হব পৰা  বিপদৰ গুৰুত্বতা উপলব্ধি কৰি 1992 চনৰ 3 জুলাইত গুৱাহাটীত অনুষ্ঠিত  হোৱা  North -Eastern co-ordination  committee  ৰ সন্মিলনত উত্তৰ পূৰ্বৰ পাঁচখন ৰাজ্যৰ  সম্পাদকে  এক প্ৰতিবেদন দাখিল কৰে ৷ ( BB kumar সম্পাদিত  Illegal  Migration  for Bangladesh  ৰ appendix  lX  ত দ্ৰষ্টব্য )  ৷ অসমৰ হৈ এই প্ৰতিবেদন ত চহী কৰে হিৰণ্য  কুমাৰ বৰাই ৷ যিমানেই যি নহওঁক  কিয় প্ৰব্ৰজনৰ মুল কাৰন হিচাপে ৰাজনৈতিক  ন্যস্ত স্বাৰ্থই গুৰুত্বপূৰ্ণ  স্থান  দখল কৰা দেখা যায় ৷ 1983 চনত নগাঁও  ৰ  নেলী আৰু দৰঙৰ চাউলধোৱাত হোৱা গণহত্যাৰ কাৰনে কেন্দ্ৰীয় চৰকাৰে কেৱল অসমত প্ৰযোজ্য হোৱাকৈ এখন নতুন আইন  Illegal  Migration  Determination by Tribunal  Act খন ( IMDT)  প্ৰযোজ্য  কৰে ৷ 1961 -71 দশকটো PIP আঁচনি  বলবৎ  হোৱাৰ পিছত 1964 আৰু 1965 চনত অনুপ্ৰৱেশ  কাৰী চিনাক্তকৰন আৰু বহিষ্কাৰ  কৰণ  কাৰ্য তুমুল ভাবে  চলি থকা স্বত্বেও  জনসংখ্যা বৃদ্ধিৰ  হাৰ 34• 96% হাৰত হৈছিল ৷ আৰু ই সৰ্বভাৰতীয়  হাৰ 24• 80 % কৈ 10% অধিক  হাৰত হৈছিল ৷ বিভিন্ন সমীক্ষাই দেখুৱাইছে  যে ইয়াৰ এক বুজন অংশ আছিল  পূৰ্ব পাকিস্থানৰ পৰা হোৱা অনুপ্ৰৱেশ ৷ 2005 চনত IMDT আইনখন বাতিল হোৱাৰ পিছত অনুপ্ৰৱেশ কাৰী  চিনাক্ত কৰা কাৰ্য বাধাগ্ৰস্থ  হৈ পৰে ৷ পৰিসংখ্যাৰ পৰা প্ৰমান  পোৱা যায় যে 2006 চনত 170 জন, 2007 চনত 150 জন,  2008 চনত 142 জন অনুপ্ৰৱেশ  কাৰী হে চিনাক্ত কৰা সম্ভৱ পৰ হৈছে ৷ প্ৰধান বাধা  মুলতঃ  ৰাজনৈতিক ৷

অমলেন্দু গুহৰ এখন   কিতাপৰ নাম ‘ অসম নমৰে,  আমিও  নমৰোঁ ‘ ৷ কিন্তু অসমৰ জনগাঁথনিৰ যি দ্ৰুত পৰিবৰ্তন ঘটিছে সেই পৰিসংখ্যাক চাই আমিনো কেনেকৈ নিশ্চিত  হওঁ ৷ 1996 চনত অসম বিধান সভাৰ  নিৰ্বাচনত যমুনামুখ  সমষ্টিত  কামালুদ্দিন নামৰ এজন পাকিস্থানী নাগৰিকে প্ৰতিদ্বন্দিতা  কৰাৰ কথা ধৰা পৰাৰ পিছত গুৱাহাটী  উচ্চতৰ ন্যায়লয়ৰ ন্যয়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া  বিচাৰপীঠে  প্ৰদান কৰা ৰায়টোত এই বুলি কোৱা হয় যে – ‘ It can happen  only in Assam ‘ . কথাটো একেবাৰে মিছা নহয় ৷ অসমৰ নিচিনা ৰাজ্য এখনত য’ত শাসক গোষ্ঠীয়ে  নিৰ্বাচনত জিকিবলৈ,  নিজৰ ভোটবেংক বৃদ্ধি কৰিবলৈ দেশৰ স্বাৰ্থক জলাঞ্জলি দিয়ে, তেনে ৰাজ্যত এয়া হোৱাটো একেবাৰে স্বাভাৱিক  কথা ৷ এই খবৰ প্ৰচাৰিত হোৱাত ছাত্ৰসন্থাৰ  দৰে জাতীয়তাবাদী  সংগঠনে তীব্ৰ আন্দোলনৰ কাৰ্যসুচী  ৰূপায়িত কৰা দেখা যায় ৷ কেৱল মাত্ৰ আন্দোলন কৰি চৰকাৰক দোষাৰোপ  কৰি থাকিলে এই সমস্যাৰ  প্ৰতিকাৰ কৰাটো ছাত্ৰসন্থাৰ  বাবে সম্ভৱপৰ নহয় ৷ ছাত্ৰসন্থাৰ  প্ৰধান দায়িত্ব সেই ‘বিশেষ আশ্ৰয় ‘ স্থলীবোৰ চিনাক্ত কৰি উলিওৱা ৷ যদি সেই ‘বিশেষ আশ্ৰয় ‘ স্থলীবোৰ চিনাক্ত কৰি উৎখাত কৰিবলৈ সক্ষম হোৱা যায় তেনেহলে অসমৰ চুকেকোনে সোমাই থকা আৰু নতুনকৈ আহি থকা বাংলাদেশী নাগৰিকক ধৰা পেলোৱা সম্ভৱ হব ৷ তেনে স্থলত এখন সঁচাকৈয়ে  বিদেশী খেদা আন্দোলন  হ’ব;  বঙালী খেদা বা মিঞা খেদা  আন্দোলন নহয় ৷ কিন্তু বিদেশী বুলিলেই ধৰ্মীয়  পৰিচয়েৰে পৰিচিত কৰাৰ মানসিকতাৰে বাবে  আমাৰ মাজত এক বিভাজনৰ  সৃষ্টি কৰিছে ৷ সকলো মুছলমানেই  বাংলাদেশী  নহয় আৰু সকলো হিন্দুৱেই  ভাৰতীয়  নহয়, এই বাস্তৱিকতাৰ  লগত পৰিচিত হ’ব লাগিব ৷ শংকৰ – আজানৰ দেশত হিন্দু মুছলমান  বিৰোধীতা নহয় দেশী আৰু বিদেশীৰ বিৰোধিতা ত মন কেন্দ্ৰীভুত হোৱাটো আবশ্যক ৷

2008 চনৰ 1 আগষ্টত  ‘ আমাৰ অসম ‘ সংবাদ পত্ৰত মছউদুল হক ৰ ‘ ধৰ্মীয়  পৰিচয়ৰ সংকট ‘ শীৰ্ষক প্ৰবন্ধটোত এই মনোবেদনা পৰিস্ফুট  হৈছে ৷ আমাৰ এই মানসিকতাৰে এখন বাস্তৱ ছবি 2007 চনৰ ডিসেম্বৰ  মাহৰ 9 তাৰিখে  ‘দি হিন্দু ‘ কাকতত প্ৰকাশিত এটা বাতৰিত পোৱা যায় ৷  তাত  প্ৰকাশ পাইছে যে 1991 চনত অসমীয়া ভাষীৰ জনসংখ্যা  57% ৰ পৰা হ্ৰাস পাই 2007 চনত 48% হৈছে গৈ;  তাৰ বিপৰীতে বাংলাভাষী  লোকৰ সংখ্যা  বৃদ্ধি পাই 21% ৰ পৰা 27% হৈছে৷ ভাবিব  লগিয়া কথাটো এইয়ে যে প্ৰথমে অসমখনক ইছলামিক  ৰাজ্য হোৱাৰ আগতে বাংলা ভাষী ৰাজ্য হবলৈ গৈ আছে ৷ কিন্তু আমাৰ কান সাৰ নাই ৷ আমি ধৰ্মতে নিমজ্জিত  হৈ আছো ৷  এই মনোভাৱ বৰ্তি  থাকিলে অসম খন ত্ৰিপুৰাৰ  দ্বীতিয় সংস্কৰণ    হোৱালৈ বেছি পৰ নাই ৷

এক বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত  মুল বাধা বা কাৰক ভাষা নে ধৰ্ম তাৰ উত্তৰ বিচাৰিব লগিয়া হৈছে ৷ যি অসম চুক্তিয়ে জাতীয়তাবাদী  চেতনাক ৰাজনীতিৰ ৰূপ পৰিগ্ৰহন কৰাইছিল  তেনে সময়তেই ই সাম্প্ৰদায়িক  সংঘাতৰ সম্ভাৱনাৰো বীজ ৰোপন কৰিছিল ৷ অসমৰ জনগাথঁনি এনেকুৱা ধৰনৰ যে কোনো অঞ্চলৰএক সংখ্যালঘু  আন এটা অঞ্চলৰ সংখ্য গুৰুত পৰিনত হয় ৷ গতিকে এঠাইত  কোনোৱা এজনক আক্ৰমন কৰিলে তাৰ প্ৰত্যাক্ৰমনৰ ৰূপত ই আন ঠাইলৈ  বিয়পি পৰে ৷ যি কাৰনতেই নহওঁক  কিয় নেলীৰ দৰে নাৰকীয় ঘটনাৰ  পুনৰাবৃত্তি আকৌ হ’ব নালাগে ৷ গহপুৰৰ দৰে, চমৰীয়াৰ দৰে, নলবাৰীৰ  দৰে ঘটনাও অসমত পুনৰাই সংঘটিত  হোৱাটো বাঞ্ছনীয় নহয় ৷ সাম্প্ৰদায়িক  চেতনাবোধ আৰু সাম্প্ৰদায়িক  ৰাজনীতি পৰিহাৰ কৰি এক সমিলমিল  ভাবেৰ  অসমৰ মুল সমস্যা বিদেশীৰ অগ্ৰাসনক ৰোধ কৰিবলৈ প্ৰচেষ্টাৰ আৰম্ভনী  হ’ব লাগে ৷ এইটো অনস্বীকাৰ্য যে অসম আৰু অসমীয়াৰ ৰাজনৈতিক পৰিচায়ক সৰ্বভাৰতীয়  প্ৰেক্ষাপটত সমীহ  আদায় কৰিবলৈ সক্ষম হৈছিল ‘অসম আন্দোলনে ‘ ৷ কিন্তু এয়াও সত্য যে তেলৰ নামত,  ভাষাৰ নামত, বিদেশীৰ নামত অস্ত্বিত্ব ৰক্ষাৰ এই আন্দোলন কিমান দুৰ সফল হ’ল তাক দুনাই কবৰ প্ৰয়োজন নাই ৷ গণতান্ত্রিক  দেশ ভাৰতে বহুত্ববাদী বাদী পৰিচয়ক স্বীকৃতি নিদিয়াৰ ফলস্বৰূপে  এই অস্ত্বিত্ব ৰ সংগ্ৰাম খন সংঘটিত হৈছিল  ড° ৰামচন্দ্ৰ গুহ ৰ দৰে বুদ্ধিজীৱীয়ে কৈছে যে  বহুত্ববাদক ৰাষ্ট্ৰই  সন্মান প্ৰদৰ্শন নকৰিলে তাৰ ফল উগ্ৰবাদ হ’বই  ৷ গনতন্ত্ৰত মাত্ৰ আবেগিক ঐক্য বৰ্তমান থাকে ৷ কিন্তু এই আবেগিক ঐক্য স্থানীয়  ভাষা,  সংস্কৃতি আৰু সমস্যাক লৈ বৰ্তি থাকে ৷ গতিকে কোনো বিশেষ জাতি জনগোষ্ঠীয়ে  যদি নিজস্ব পৰিচয়ৰ ধাৰনা টোক লৈ সন্দিহান হয়  বা হিন্দীলবীৰ স্বীকাৰ হোৱা বুলি ভাবে  তেনে স্থলত বিদ্ৰোহ কৰাটো স্বাভাৱিক ৷ অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক  প্ৰধান জি এম শ্ৰীবাস্তৱে এই Alienation ক perceived  desprivation বুলি অত্যন্ত যুক্তি সংগত ভাবে আখ্যা দিছে ৷ আমি কুলীন অসমীয়াই আমাৰ জনজাতীয় তথা অন্যান্য ভাই সকলৰ প্ৰতি কৰা অন্যায় বা অবিচাৰৰ ভু লবলৈ নাযাও ৷ আমাৰ পৰিচয়ৰ বান্ধোনে  তুমি কলিতা মই বামুন,  তুমি হিন্দু মই মুছলমান,  তুমি পাহাৰৰ  মই ভৈয়ামৰ বা তুমি উজনিৰ মই নামনিৰ ৰূপ পৰিগ্ৰহন কৰিছে ৷ আমি যেনেকৈ কেন্দ্ৰক  লাঞ্ছনা বঞ্ছনা ৰ দোষাৰোপ  কৰোঁ, সৰুবৰ জনগোষ্ঠীসমূহেও  আমি কৰা শোষনৰ কথা সোঁৱৰাই দিয়ে ৷ এই কথা মই নহয়, NDFB    যুদ্ধবিৰত গোটৰ   ৰ সাধাৰন সম্পাদক বি সৌমখৌৰ,  DHD ৰ সভাপতি দিলীপ নুনিছা আৰু UPDS ৰ সাধাৰন সম্পাদকে 2007 চনত এক  সাক্ষাৎকাৰত  প্ৰকাশ কৰিছিল ৷ ( প্ৰতিদিন, 28 Dec,  2009 )  ৷ বাহিৰে ভিতৰে দুয়োদিশৰ পৰা অসমীয়াৰ  ভবিষ্যত  বিপদাপন্ন৷ এই পৰিবেশতো কিছুসংখ্যক  ব্যক্তিগত স্বাৰ্থান্বেষী  বুদ্ধিজীৱীয়ে   সাম্প্ৰদায়িক  বিষবাস্প বিয়পাব চেষ্টা কৰি আছে ৷ এই প্ৰচেষ্টাই  অসমৰ অস্তিত্বৰ বিনাশ ঘটাব ৷ ক্ষুদ্ৰ পৰিচয়ৰ উৰ্ধত উঠি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ  আৰম্ভণি  কৰি সঁচা অৰ্থত এজন অসমীয়াৰ  চিনাকী দিয়াৰ  প্ৰয়োজন  আহি পৰিছে ৷

কবি নীলমনি ফুকনে লিখি যোৱাৰ দৰে অসমীয়া ৰাইজে  অনিশ্চয়তাৰ  বোজা আৰু লব নিবিচাৰে——

‘ টায়াৰ পোৰা গোন্ধাইছে

সেয়া আকৌ একেটা শব্দকে শুনিছোঁ

কোনে ক’ব  বেলিটো কাইলৈ

ৰঙা হ’ব নে ক’লা হৈ ওলাব ………. ‘

কৃতজ্ঞতা  স্বীকাৰ

1)অসমীয়াৰ  সংকট  ভাষিক  নে ধৰ্মীয় – অৰিন্দম বৰকটকী

3)প্ৰব্ৰজন  আৰু অনুপ্ৰৱেশ – হৰেকৃষ্ণ  ডেকা

3) অসমীয়া প্ৰতিদিন  সংবাদ পত্ৰ

Related Articles

Close