অসমত বাংলাদেশী

দুলাল মিশ্ৰ

প্ৰব্ৰজন মানুহৰ আদিম প্ৰৱণতা। পৃথিৱীত মানৱ প্ৰজাতিৰ জন্মৰ পিছৰেপৰাই মানুহে বিভিন্ন কাৰণত ইঠাইৰপৰা সিঠাইলৈ প্ৰব্ৰজন কৰি আহিছে। প্ৰাকৃতিক, সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আদি বিভিন্ন কাৰণত মানুহে আমাৰ এই গোলাকাৰ পৃথিৱীখনত এটা প্ৰান্তৰপৰা আন এটা প্ৰান্তলৈ বা ইখন ঠাইৰপৰা সিখন ঠাইলৈ প্ৰব্ৰজন কৰাৰ কথা এতিয়া আৰু নতুন হৈ থকা নাই। তাহানিতে যেতিয়া মানুহে আদিম বন্য জীৱন কটাইছিল তেতিয়াও মানুহে চিকাৰৰ সন্ধানত ইঠাইৰপৰা সিঠাইলৈ প্ৰব্ৰজন কৰিছিল। কেতিয়াবা আকৌ মানুহে কেতবোৰ ভৌগোলিক পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবেই প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়। তুন্দ্ৰা অঞ্চলত অত্যধিক শীতৰ সময়ত তাত বাস কৰা পশুপালকসকলে পাহাৰৰ নামনিলৈ নামি আহে আৰু প্ৰায় ছমাহ কাল ভৈয়ামত কটাই পুনৰ শীতৰ অন্ত হ’লে পাহাৰলৈ গতি কৰে। আন নালাগে, আমাৰ দেশৰে জম্মু-কাশ্মীৰৰ ৰাজধানীখনো শীত আৰু গ্ৰীষ্মত দুখন বেলেগ বেলেগ ঠাই ক্ৰমে জম্মু আৰু শ্ৰীনগৰত স্থাপন কৰা হয়। এনে ধৰণে প্ৰাকৃতিক কাৰণতো মানুহে ইঠাইৰপৰা সিঠাইলৈ প্ৰব্ৰজন কৰি আহিছে। দুর্ভিক্ষ, মাৰিমৰক, খৰাং আদিৰ দৰে কাৰকসমূহেও মানুহক প্ৰব্ৰজনকাৰী হ’বলৈ বাধ্য কৰাইছে। প্ৰব্ৰজন মানুহৰ আদিম প্ৰৱণতা যদিও আধুনিক বিশ্বত যেতিয়া সমগ্ৰ পৃথিৱীখনক আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰে বিভিন্ন ৰাষ্ট্ৰত ভাগ কৰা হ’ল তেতিয়াই মূৰ দাঙি উঠিল অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টোৱে। অবৈধ প্ৰব্ৰজন এতিয়া কেৱল ভাৰতৰেই সমস্যা হৈ থকা নাই। এই সমস্যাই ভাৰতক চুই যোৱাৰ পূর্বেই আফ্ৰিকাৰ দেশসমূহৰ লগতে অষ্ট্ৰেলিয়া, ব্ৰিটেইন, আমেৰিকা আদি দেশসমূহকো বাৰুকৈয়ে জোকাৰি গৈছে। আফ্ৰিকাৰ দেশসমূহৰপৰা এতিয়াও নিতৌ সাগৰীয় পথেৰে হেজাৰ হেজাৰ অবৈধ প্ৰব্ৰজনকাৰীয়ে অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰাৰ চেষ্টা চলাই আহিছে। এনে পৰিস্থিতিৰপৰা বাদ পৰি যোৱা নাই ব্ৰিটেইন অথবা আমেৰিকাও। আমেৰিকাৰ ৰাজপথত এতিয়া অবৈধ প্ৰব্ৰজনকাৰীয়ে যেনি-তেনি পৰি থকাটো সাধাৰণ ঘটনা হৈ পৰিছে। সৌ সিদিনা মেক্সিকোৰ প্ৰব্ৰজনকাৰী এদল লোকৰ ওপৰত আমেৰিকাৰ সেনাই দিন দুপৰতে গুলীচালনা কৰাৰ ঘটনাই সমগ্ৰ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাৰপৰা মুক্তি পাবলৈ ভাৰতৰ দৰে আমেৰিকা, অষ্ট্ৰেলিয়া, ব্ৰিটেইন আদি দেশসমূহে নিৰন্তৰ যুঁজ দি আহিবলগীয়া হৈছে। কিন্তু কোনো পৰিস্থিতিতে সেই দেশসমূহে অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাৰপৰা সম্পূর্ণৰূপে মুক্ত হ’ব পৰা নাই। ভাৰতৰ প্ৰসংগলৈ মন কৰিলে দেখা যায় যে দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰেখা সংলগ্ন ৰাজ্যকেইখনতে মূলতঃ অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰিছে। ভাৰত-বাংলাদেশ সীমা সংলগ্ন অসম, পশ্চিমবংগ, ম্যানমাৰ সীমান্ত সংলগ্ন ত্ৰিপুৰা আদি ৰাজ্যত অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যা ইমান বৃহৎ মাত্ৰাত হৈছে যে সেই সমস্যা দূৰ কৰিবলৈ আনকি সংশ্লিষ্ট ৰাজ্যকেইখনৰ চৰকাৰ সম্পূর্ণৰূপে অসমর্থ হৈ পৰিছে। ইয়াৰ পৰিণতিত উক্ত ৰাজ্যকেইখনৰ আর্থসামাজিক, ৰাজনৈতিক আদি দিশত অবৈধ প্ৰব্ৰজনকাৰী সমস্যাই কেতবোৰ নেতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। অসমৰ দৰে ৰাজ্যত অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰসংগই সৌ সিদিনালৈকে কোনো গুৰুত্বই পোৱা নাছিল যদিও ১৯৭৯ চনৰ পিছত এই সমস্যাটোক লৈ অসমৰ মানুহেও লাহে লাহে ভাবিবলৈ বাধ্য হৈছে। অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংলগ্ন জিলাকেইখনত বাস কৰা নাগৰিকসকলে অবৈধ প্ৰব্ৰজনকাৰীৰ সমস্যাই সামাজিক, অর্থনৈতিক আদি দিশত কেনে ধৰণৰ কু-প্ৰভাৱ পেলাইছে সেই কথা চাক্ষুষ অভিজ্ঞতাৰপৰা অনুভৱ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে যিসকলক অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰভাৱে প্ৰভাৱান্বিত কৰা নাই তেওঁলোকে বিষয়টো হয়তো বৰ ভালদৰে অনুধাৱন কৰিবলৈ সক্ষম হোৱা নাই। সমাজ এখন চলি থাকে কেতবোৰ নির্দিষ্ট নীতি-নিয়মৰ মাজেৰে। সেই নীতি-নিয়মত অবৈধ প্ৰব্ৰজনকাৰীয়ে কেনেদৰে কেণা লগাইছে সেই কথা অবৈধ প্ৰব্ৰজনকাৰীৰ গ্ৰাসত পৰা অসমৰ স্থানীয় বাসিন্দাসকলেহে ভালদৰে বুজি পাইছে। ১৯৭৯ চনৰ পিছৰপৰাহে অসমৰ মানুহে যিহেতু অসমখনত বাংলাদেশৰপৰা হোৱা অবৈধ প্ৰব্ৰজনকাৰীৰ বিষয়টোক লৈ চিন্তা-চর্চা কৰিবলৈ আৰম্ভ কৰিলে, সেয়েহে সেই সময়ৰ পিছৰপৰাহে অসমত অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে মানুহ জাগৰিত আৰু সংগঠিত হোৱাৰ অৱকাশ পালে। সদৌ অসম ছাত্ৰ সন্থাৰ দৰে অৰাজনৈতিক ছাত্ৰ সংগঠনৰ নেতৃত্বত অসমৰ ইমূৰৰপৰা সিমূৰলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ব্যাপক গণ জাগৰণৰ সৃষ্টি হ’ল। ১৯৫১ চনৰ পিছৰপৰা অসমত বাস কৰিবলৈ লোৱা লোকসকলক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে চিনাক্ত কৰিবলৈ বিভিন্ন মহলে দাবী উত্থাপন কৰিলে। শেষত যেনিবা সেই সময়ত ১৯৫১ৰপৰা বৃদ্ধি কৰি ১৯৭১ কৰা হ’ল। এনেদৰে অসমত অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ব্যাপক গণ জাগৰণৰ সৃষ্টি হ’লেও পিছে কেতবোৰ কাৰিকৰীগত কাৰণৰ লগতে ৰাজনৈতিক কাৰণতো অসমৰপৰা মাত্ৰ কেইজনমান অবৈধ বাংলাদেশী লোককহে বিতাড়িত কৰিব পৰা গৈছে।

মুক্তি সংগ্ৰামেই কাল হ’ল অসমৰ

পূর্বতে পাকিস্তানখন ভাৰতৰেই এক গুৰুত্বপূর্ণ অংগ আছিল। বিভিন্ন ৰাজনৈতিক পৰিঘটনাৰ মাজেৰে এটা সময়ত ভাৰতৰপৰা পাকিস্তান পৃথক হৈ পৰিল। পাকিস্তান পৃথক হোৱাৰ পিছত দেশখনৰ পূব অংশৰ লোকসকলে এখন স্বাধীন ৰাষ্ট্ৰৰ দাবীত সশস্ত্ৰ আন্দোলনৰ কার্যসূচী গ্ৰহণ কৰিলে। যি আন্দোলনৰ কার্যসূচীত আনকি ভাৰতেও সর্বতোপ্ৰকাৰে সহযোগিতা আগবঢ়ালে। বাংলাদেশ মুক্তি সংগ্ৰাম নামেৰে সর্বত্ৰ জনাজাত হৈ পৰা সেই মুক্তি সংগ্ৰামৰ পিছতেই অসমত অবৈধ প্ৰব্ৰজনকাৰীৰ সংখ্যা চকু থৰ লগোৱাকৈ বৃদ্ধি পাবলৈ ধৰিলে। বাংলাদেশ মুক্তি সংগ্ৰামৰ সময়ত প্ৰায় দহ নিযুত লোকে পূব পাকিস্তানৰপৰা প্ৰাণৰ মমতাত ভাৰতলৈ পলায়ন কৰিছিল। সেই সময়ত মুক্তি সংগ্ৰামক তচনচ কৰি দিবলৈ পাকিস্তানে দেশখনৰ পূব অংশত বাস কৰা বহু লোকক নির্বিচাৰে হত্যা কৰিছিল। বহু যুৱতী-মহিলাক লোকচক্ষুৰ সম্মুখতে বলাৎকাৰ কৰা হৈছিল। কেৱল সেয়াই নহয়, পূব পাকিস্তানত বাস কৰা সংখ্যালঘু হিন্দু আৰু শিখ সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত চলোৱা হৈছিল অবর্ণনীয় অত্যাচাৰ। বিশ্ব সংগ্ৰামৰ ইতিহাসত কলংকিত অধ্যায় হিচাপে পৰিগণিত হোৱা বাংলাদেশ মুক্তি সংগ্ৰামৰ সেই বর্বৰতাই বহু লোকক পূব পাকিস্তানৰপৰা ভাৰতলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰোৱাইছিল। ভাৰত-পাকিস্তানৰ সীমান্তসংলগ্ন ৰাজ্য হিচাপে অসম, পশ্চিমবংগ আদি ৰাজ্যত লাখে লাখে অবৈধ প্ৰব্ৰজনকাৰীয়ে প্ৰৱেশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বাংলাদেশ মুক্তি সংগ্ৰামৰ সময়ত স্থাপন কৰা শৰণার্থী শিবিৰত প্ৰায় তিনি হেজাৰ লোকে অতি কম দিনৰ ভিতৰতে ডায়েৰিয়া, জ্বৰ আদি ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটি ল’বলগীয়া হৈছিল। মানুহৰ জীৱন তথা সম্পত্তিৰ নিৰাপত্তা বুলি ক’বলৈ তেতিয়া আৰু পূব পাকিস্তানত একোৱেই নাছিল। সেয়ে লাখে লাখে মানুহে অসম তথা পশ্চিমবংগত প্ৰৱেশ কৰিছিল। বাংলাদেশ মুক্তি সংগ্ৰামৰ পিছৰেপৰাই অসম তথা পশ্চিমবংগৰ সীমান্তৰে বাংলাদেশৰপৰা নিতৌ অবৈধভাৱে প্ৰব্ৰজন কৰাৰ ধাৰা তথা পৰম্পৰা আজিও অব্যাহত আছে। যাৰ ফলত অসমৰ লগতে পশ্চিমবংগ, ত্ৰিপুৰা, মেঘালয় আদি ৰাজ্যসমূহত অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে থলুৱা লোকসকল জাগৰিত হ’বলৈ বাধ্য হৈছে। এইখিনিতে এটা কথা উনুকিয়াই থোৱা ভাল হ’ব যে পশ্চিমবংগত প্ৰৱেশ কৰা কেইবাহেজাৰ অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীক ৰাজ্যখনৰ নন্দীগ্ৰামত বাঁওপন্থী একাংশ নেতা-কর্মীয়ে অতি মৰমেৰে আঁকোৱালি লৈ বসতি স্থাপনৰ সুবিধা কৰি দিছিল। ইয়াৰ ফলত নন্দীগ্ৰামত এতিয়া বাস কৰা বহু লোকৰেই নাই নাগৰিকত্বৰ প্ৰয়োজনীয় তথ্যপাতি। সেয়া বাৰু অন্য এক বিষয়। অসমৰ প্ৰসংগলৈ উভতি আহিলে সহজ কথাত ইয়াকেই ক’ব পাৰি যে অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনে এতিয়া অসমৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক আদি সকলো দিশলৈ কেতবোৰ অশনি সংকেত কঢ়িয়াই আনিছে। অর্থনীতিৰ এটা মূল সূত্ৰই হ’ল জনসংখ্যা বৃদ্ধিয়ে অর্থনীতিৰ ওপৰত বোজাৰ সৃষ্টি কৰে আৰু সেই বোজাই অর্থনৈতিক বিকাশত অন্তৰায় হিচাপে দেখা দিয়ে। ভাৰত চৰকাৰে সেই কথা ভালদৰে তাহানিতেই বুজি পাইছিল। সেই বাবেই সমগ্ৰ দেশতেই পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰা হৈছিল। পৰিয়াল পৰিকল্পনাৰ মূল উদ্দেশ্যই হ’ল জনসংখ্যা নিয়ন্ত্ৰিত কৰি ৰখা। কিন্তু অসমৰ ক্ষেত্ৰত পৰিয়াল পৰিকল্পনাৰ এনে নীতিয়ে কাম নিদিয়া হৈ পৰিল যেতিয়া অসমখন অবৈধ বাংলাদেশীৰে ভৰপূৰ হৈ পৰিবলৈ ধৰিলে। অসমৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক আদি সকলো ক্ষেত্ৰতে অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ অতিৰিক্ত বোজাই মহাসংকট কঢ়িয়াই আনিবলৈ ধৰিলে। এইখিনিতে বহুতেই হয়তো প্ৰশ্ন কৰিব পাৰে যে অবৈধ বুলি প্ৰমাণিত নহ’লেও যিসকল প্ৰব্ৰজিত লোকে অসমৰ কৃষিখণ্ডৰ সৈতে জড়িত হৈ থাকি শাক-পাচলি আদি উৎপাদন কৰি আহিছে তেওঁলোকে বাৰু অসমৰ অর্থনৈতিক বিকাশত কিদৰে হেঙাৰৰ সৃষ্টি কৰিলে। এটা কথা ঠিক যে মানুহ থকা মানেই ভোগ থাকিবই। ভোগৰ অর্থই হ’ল ধ্বংস। অর্থাৎ ভোগে ধ্বংস কৰি যায়। আপেল এটা মানুহে যেতিয়া চোবাই খায়, অর্থাৎ ভোগ কৰে তেতিয়া আপেলটো ধ্বংস হয়। সেই বাবেই মানুহ থকা মানেই ভোগো বাঢ়িব আৰু ভোগ বঢ়া মানেই বোজাৰো সৃষ্টি হ’ব। যি বোজা অসমে বহন কৰিবলৈ অসমর্থ। সেইবাবেই অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ সমস্যা এতিয়া অসমৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। ১৯৭৮ চনত অসমৰ ভোটাৰ তালিকাত প্ৰায় ৪৫ হেজাৰ অবৈধ নাগৰিক অন্তর্ভুক্ত থকা বুলি তথ্য প্ৰকাশ পাইছিল। সেই সংখ্যা এতিয়া বাঢ়ি গৈ কেইবা লাখো হৈছেগৈ। ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইন্সটিটিউটৰ এগৰাকী কর্মকর্তা সমীৰ গুহৰয়ে প্ৰকাশ কৰা মতে ১৯৮১ৰপৰা ১৯৯১ চনৰ ভিতৰত প্ৰতি বছৰেই ভাৰত-বাংলাদেশ সীমান্তৰে প্ৰায় ৯১,০০০ জন অবৈধ বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশ কৰিছিল। সেই লোকসকলৰ বহুতকে পৰৱর্তী সময়ত অবৈধ নাগৰিক হিচাপে চিনাক্ত কৰা হৈছিল যদিও তেওঁলোকক ভাৰতৰপৰা বিতাড়িত কৰা হ’লনে নাই সেই বিষয়েও কোনো তথ্য পাবলৈ নাই। ২০০১ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰপৰা ভাৰতলৈ প্ৰব্ৰজন কৰা বাংলাদেশীৰ সংখ্যা আছিল ৩,০৮৪,৮২৬ জন। ইয়াৰ ভিতৰৰে প্ৰায় দুই নিযুত অবৈধ বাংলাদেশী লোকে কেৱল অসমতে বাস কৰি থকাৰ তথ্য পোহৰলৈ আহিছিল। কিন্তু আচৰিত কথাটো হ’ল অসমত বাস কৰি থকা বাংলাদেশী লোকৰ সংখ্যা বিশ নিযুতৰো অধিক হ’ব বুলি পৰৱর্তী বিভিন্ন পৰিসংখ্যাই প্ৰমাণ কৰিছে। সমীৰ গুহৰয়ৰ মতে বাংলাদেশৰপৰা ভাৰতলৈ যাতায়াত কৰাটোৱেই হৈছে বিশ্বৰ ভিতৰতে আটাইতকৈ কম খৰচী যাতায়াত। গুহৰ মতে প্ৰায় দুই হেজাৰ টকা খৰচ কৰিয়েই বাংলাদেশী নাগৰিক এজনে ভাৰতত বৈধভাৱেই প্ৰৱেশ কৰিব পাৰে। এনেদৰে বৈধভাৱে প্ৰৱেশ কৰিব পৰা বহু বাংলাদেশী লোক পৰৱর্তী সময়ত ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছতো স্বদেশলৈ ঘূৰি নাযায়। তেওঁলোক ভাৰতৰ মাটিতেই ক’ত হেৰাই যায় সেয়া প্ৰশাসনেও সময়ত ক’ব নোৱৰা হৈ পৰে। সমীৰ গুহৰয়ৰ মতে ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাত থকা সুৰুঙাৰ সুযোগ গ্ৰহণ কৰি মাত্ৰ কেইটামান পইচা ভাঙিয়েই এজন অবৈধ বাংলাদেশী লোকে ভাৰতৰ ভোটাৰ তালিকাত নিজৰ নাম অন্তর্ভুক্ত কৰিব পাৰে। আন নালাগে মাত্ৰ দুশ টকা ব্যয় কৰিয়েই অবৈধ বাংলাদেশী নাগৰিক এজন ভাৰতীয় হৈ পৰাৰ সুযোগ থকা বুলিও সমীৰ গুহৰয়ে প্ৰকাশ কৰিছে। যি কি নহওক, ভাৰতৰ অন্যান্য কেইখনমান ৰাজ্যৰ লগতে অসমৰ ভোটাৰ তালিকাত লাখ লাখ অবৈধ নাগৰিকৰ নাম অন্তর্ভুক্ত হৈ থকা বুলি বিভিন্ন দল-সংগঠনে অভিযোগ কৰাৰ সময়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিছে। অসমৰ একাংশ দল-সংগঠনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সপক্ষে দাবী জনোৱাৰ সময়তে পিছে আন একাংশ দল-সংগঠনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ তীব্ৰ বিৰোধিতা কৰাও দেখা গৈছে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰিলে ভোটাৰ তালিকাত অন্তর্ভুক্ত হৈ থকা লাখ লাখ অবৈধ বাংলাদেশী নাগৰিক চিনাক্ত হৈ পৰাৰ আশংকা কৰিয়েই এতিয়া বহু দল-সংগঠনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰোধিতা কৰা দেখা গৈছে।

কেইবছৰমান আগতে বৰপেটাৰ নিচিনা সংখ্যালঘু লোকেৰে ভৰি থকা অঞ্চলটোত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বিষয়টোক লৈয়েই লংকাকাণ্ডৰ সূচনা হৈ গৈছিল। আৰক্ষীৰ গুলীত কেইবাজনো প্ৰতিবাদকাৰী সেই সময়ত নিহত হৈছিল। যি কি নহওক, শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ কাম পুনৰ আৰম্ভ কৰি চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপ অসমৰ বাবে কল্যাণকামী পদক্ষেপ হ’ব বুলি আশা কৰিব পাৰি।

ৰাজনীতিকৰ হিয়াৰ আমঠু অবৈধ বাংলাদেশী

প্ৰথমতেই স্পষ্ট কৰি দিওঁ যে লুঙি, ডাঢ়ি, টুপী মানেই বাংলাদেশী নহয়। কিন্তু এই কথাৰ অর্থ এয়া নহয় যে অসমৰ সংখ্যালঘু অঞ্চলৰ লগতে আন অঞ্চলসমূহত লাখ লাখ বাংলাদেশী লোক ভৰি থকা নাই। নিশ্চয়কৈ অসমত চকু থৰ লগাব পৰাকৈ বাংলাদেশী লোক আছে। সেই কথা সকলোৱেই আজিৰ তাৰিখত মানি ল’বলৈ বাধ্য। কিন্তু অবৈধ বাংলাদেশী নাগৰিকক বৈধতা প্ৰদান কৰি ভোটবেংক হিচাপে ব্যৱহাৰ কৰাৰ প্ৰৱণতাও আমাৰ গৰিষ্ঠসংখ্যক ৰাজনীতিকৰ মাজত দেখা যায়। সেইবাবেই বাংলাদেশৰ ভোটবেংকক সাৰথি কৰি বহুকেইটা দলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টাও প্ৰতিবাৰেই কৰি আহিছে। এইক্ষেত্ৰত সর্বভাৰতীয় দল কংগ্ৰেছো ব্যতিক্ৰম নহয়। সেইবাবেই বাংলাদেশীৰ প্ৰসংগত কংগ্ৰেছে প্ৰায়েই মূৰ পোলোকা মাৰি আহিছে। কি হিতেশ্বৰ শইকীয়া, কি তৰুণ গগৈ সকলোৱেই বাংলাদেশীৰ প্ৰসংগত সম্পূর্ণ নিমাত। এই কথাই প্ৰমাণ কৰে যে বাংলাদেশীৰ ভোটৰ বাবে কংগ্ৰেছ দলটো সদায় লালায়িত হৈ আহিছে। যি কি নহওক, যি দলেই বাংলাদেশীৰ ভোটক সাৰথি কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলাই নাহক কিয়, এই কার্য পিছে অসমৰ বাবেই নহয় নিজৰ বাবেও হঠকাৰী প্ৰমাণিত হ’বলৈ আৰু বেছিদিন নালাগিব। অবৈধ বাংলাদেশী নাগৰিকে এতিয়া অসমৰ আইন-শৃংখলা, অর্থনীতি, সমাজ ব্যৱস্থা আদি সকলো ক্ষেত্ৰতেই বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলত অসমৰ স্বকীয়তা ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে। নিজৰ মাটিতেই এতিয়া অসমীয়া এলাগী হ’বলৈ লৈছে। এনে পৰিস্থিতি অব্যাহত থাকিলে অসমখনৰ অস্তিত্ব এদিন হয়তো বিপন্ন হৈ পৰিব।

কি কৈছিল এইসকল নেতাই

ভাৰতীয় ৰাজনীতিত প্ৰতিগৰাকী নেতাই ৰাজনৈতিক স্বার্থ সুৰক্ষিত কৰাৰ বাবে সময়ে সময়ে মোট সলাই আহিছে। এয়া আৰু নতুন কথা হৈ থকা নাই। অবৈধ বাংলাদেশী প্ৰসংগতো অসমৰ প্ৰতিগৰাকী মুখ্যমন্ত্ৰীকে ধৰি আন ৰাজনৈতিক নেতা একাংশয়ো ভিন্ন সময়ত ভিন্ন মত প্ৰকাশ কৰি আহিছে। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই এটা সময়ত বিধান সভাৰ মজিয়াত এইবুলি ঘোষণা কৰিছিল যে অসমত পঞ্চাছ লাখ বাংলাদেশী আছে। হিতেশ্বৰ শইকীয়াৰ উক্ত মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছতেই পৰৱৰ্তী সময়ত বিধান সভাৰ বাহিৰত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত এজনো বাংলাদেশী নাই বুলি কৈ ওলোটা খৰ মাৰিছিল। একেদৰে অসমৰ বর্তমানৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও অসমত এজনো বাংলাদেশী নাই বুলি ৰাজহুৱাকৈয়ে বহুবাৰ মন্তব্য কৰাৰ কথা অসমবাসীৰ অবিদিত নহয়। অসমৰ এসময়ৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই অবৈধ বাংলাদেশীৰ প্ৰসংগটো কেৱল কেন্দ্ৰলৈ ঠেলি দিয়েই দায়মুক্ত হৈ থকাৰ চেষ্টা চলাই আহিছে। এনেদৰে ৰাজনীতিকসকলৰ দায়িত্বজ্ঞানহীন তথা অবিবেচক কর্মকাণ্ডই অসমত অবৈধ বাংলাদেশীৰ সমস্যাটোক অধিক জটিল কৰি তুলিছে।

অবৈধ বাংলাদেশী এতিয়া থলুৱাৰ বাবে প্ৰত্যাহ্বান

অসমৰ সীমান্তৱৰ্তী জিলাকেইখনত বাস কৰি থকা থলুৱা অসমীয়া জনগণে এই কথা হাড়ে-হিমজুৱে অনুভৱ কৰি আহিছে যে অবৈধ বাংলাদেশীৰ সমস্যা কেনে এক জটিল সমস্যা। অবৈধ বাংলাদেশীৰ উৎপাততেই এতিয়া অসমৰ বহুকেইখন জিলাৰ বহু থলুৱা লোকে শান্তিৰে শুব নোৱৰা হৈছে। কোন পলকত বাংলাদেশী আহি গোহালিৰ গৰুহাল, পকি থকা ধানখিনি চুৰি কৰি নিয়ে তাৰ কোনো ইয়ত্তা নাই। অসমৰ সীমান্তসংলগ্ন জিলাসমূহত এনে ঘটনা এতিয়া সাধাৰণ ঘটনাত পৰিণত হৈছে। তেনে জিলাসমূহৰপৰা হেজাৰ হেজাৰ গোধন অবৈধ বাংলাদেশীয়ে চুৰি কৰি নি সীমান্ত পাৰ কৰোৱাই আহিছে। সীমান্ত নিৰাপত্তা বাহিনীয়ে তেনে ঘটনা মাজে মাজে ৰোধ কৰাৰ বাবে সাৰ পাই উঠে যদিও অবৈধ বাংলাদেশীৰ কু-কার্য কোনোপধ্যেই বন্ধ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল গোধনেই নহয় এতিয়া থলুৱা লোক অবৈধ বাংলাদেশীৰ হাতত প্ৰায়ে লাঞ্ছিত হ’বলগীয়া হৈছে। সীমান্তৱর্তী জিলাসমূহত অবৈধ বাংলাদেশীৰ উৎপাতৰ বাবেই থলুৱা লোকৰ জীয়াৰী-বোৱাৰীসকলে অসুৰক্ষিত অনুভৱ কৰিছে। এনে পৰিস্থিতিত যদি অবৈধ বাংলাদেশীক নাকী লগাব পৰা নাযায় তেন্তে থলুৱাৰ অস্তিত্ব এদিন বিপন্ন হৈ পৰিব। অবৈধ বাংলাদেশী নাগৰিকৰ বাবে সামাজিক পৰিৱেশো এতিয়া বিনষ্ট হৈ পৰাৰ উপক্ৰম ঘটিছে। চেণ্টাৰ ফল অ’মেন এণ্ড চিলড্ৰেন ষ্টাডিজে প্ৰকাশ কৰা তথ্য অনুসৰি ১৯৯৮ চনতেই ভাৰতত ২৭ হেজাৰ বাংলাদেশী মহিলা গণিকা বৃত্তিত জড়িত হৈ পৰিছিল। সংস্থাটোৰ তথ্য অনুসৰি সেই সময়ছোৱাত ভাৰতত গণিকা বৃত্তিত নিয়োজিত হৈ থকা এক শতাংশ বিদেশী গণিকা বাংলাদেশী আছিল আৰু কলকাতাত ২.৭ শতাংশ গণিকাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী আছিল। এই সংখ্যা এতিয়া নিঃসন্দেহে বৃদ্ধি পোৱাৰ আশংকা আছে। পুলিচ কমিচনাৰেট ব্যৱস্থা প্ৰৱৰ্তন হোৱা গুৱাহাটীহেন মহানগৰীত চুৰি-ডকাইতিত জড়িত যিসকল লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আহিছে তেওঁলোকৰ গৰিষ্ঠসংখ্যকৰেই নাগৰিকত্বক লৈ সন্দেহৰ অৱকাশ আছে। আৰক্ষীয়ে যদি সঠিক পথেৰে অনুসন্ধান চলাই যায় তেন্তে নিঃসন্দেহে তেনে নাগৰিকৰ নাগৰিকত্ব সন্দর্ভত থকা সন্দেহসমূহ দূৰ হ’ব। এটা কথা লগতে উনুকিয়াই থোৱা ভাল হ’ব যে বাংলাভাষী মানেই বাংলাদেশী নহ’বও পাৰে। মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত বহু বাংলাভাষী লোকক অবৈধ বাংলাদেশী নাগৰিকৰ সন্দেহত ৰাজ্যখনৰপৰা বিতাড়িত কৰা হৈছিল। এইক্ষেত্ৰত বিতাড়িত লোকসকলৰ প্ৰায়সংখ্যকেই পিছে বৈধ ভাৰতীয় নাগৰিক হিচাপেহে প্ৰমাণিত হৈছিল। কোন বৈধ নাগৰিক অথবা কোন অবৈধ সেই কথা নিৰ্ধাৰণ কৰাৰ দায়িত্ব চৰকাৰৰ। এই দায়িত্ব পালন কৰিবলৈ চৰকাৰৰ বিয়াগোম বিভাগ আছে। সেই বিভাগসমূহে সঠিক ৰূপত কাম কৰি গ’লে অবৈধ বাংলাদেশী নাগৰিক চিনাক্ত হোৱাৰ লগতে তেওঁলোকক বিতাড়িত কৰাও সম্ভৱ হৈ উঠিব। এইক্ষেত্ৰত সংখ্যালঘু সংগঠনসমূহৰ লগতে বাঁওপন্থী দলসমূহৰ ভূমিকাও অপৰিসীম। একাংশ সংখ্যালঘু সংগঠন কংগ্ৰেছ আৰু বাঁওপন্থী দলে বাংলাদেশী বুলি ক’লেই জাঙুৰ খাই উঠাটো এতিয়া সাধাৰণ ঘটনা হৈ পৰিছে। সেই সংখ্যালঘু সংগঠন আৰু বাঁওপন্ধী দলসমূহে অসমৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই বাংলাদেশীৰ সমস্যাক গভীৰভাৱে অনুধাৱন কৰি বিষয়টো সন্দর্ভত সহযোগিতা আগবঢ়ালেহে সমস্যাৰ প্ৰকৃত সমাধান ওলাব।

প্ৰহসনহে হ’ল বিদেশী চিনাক্তকৰণ ট্ৰিবিউনেল

১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমলৈ অহা বাংলাদেশী লোকক অবৈধ প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰাৰ বিষয়ত বিভিন্ন পক্ষই সহমত প্ৰকাশ কৰাৰ পিছতো অৱশ্যে অতি নগণ্যসংখ্যক লোককহে বাংলাদেশলৈ বিতাড়িত কৰা হৈছে। বাংলাদেশী চিনাক্তকৰণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক অধিক হাৰত ট্ৰিবিউনেল গঠন কৰিবলৈ ২০১৪ চনৰ ১৮ ডিচেম্বৰত নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ আখৰে আখৰে পালন কৰাত ব্যৰ্থ হ’ল ৰাজ্য চৰকাৰ। উচ্চতম ন্যায়ালয়ে চৰকাৰক সেই সময়ত বিদেশী চিনাক্তকৰণৰ বাবে থকা ৩৬ খন ট্ৰিবিউনেলৰ উপৰি ৬৬ খন অতিৰিক্ত ট্ৰিবিউনেল গঠন কৰিবলৈ নিৰ্দেশ দিছিল আৰু এই বিষয়ত ৬০ দিনৰ ভিতৰত চৰকাৰক প্ৰতিৱেদন দাখিল কৰিবলৈ কৈছিল। কিন্তু চৰকাৰে উচ্চতম ন্যায়ালয়ে দিয়া উক্ত নিৰ্দেশ আখৰে আখৰে পালন কৰাত ব্যৰ্থ হ’ল। উচ্চতম ন্যায়ালয়ে আনকি সেই সময়তে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম এঘাৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ কৈছিল।

Related Articles

Close