অসমত বহু বিতর্কিত খিলঞ্জীয়াৰ সংজ্ঞা আৰু অসমৰ খিলঞ্জীয়াসকল

ডিম্বেশ্বৰ গগৈ

বর্তমান অসম ৰাজ্যৰ খিলঞ্জীয়াৰ সংজ্ঞা বিচাৰি অসম চৰকাৰঅসম সাহিত্য সভাকে মুখ্য কৰি ৰাজনৈতিক দল-সংগঠনসমূহৰ লগতে বুদ্ধিজীৱীসকলেও হাবাথুৰি খোৱা দেখা গৈছে। অৱশ্যে এইটো ঠিক যে খিলঞ্জীয়াত সংজ্ঞা নির্ধাৰণ কৰাটো তেনেই উজু কথা নহয়। আনহাতেদি কোনোবা জাতিসম্প্রদায় বা দল-সংগঠনক সন্তুষ্ট কৰিবলৈ কোনো নাগৰিকপঞ্জীভোটাৰ তালিকা বা কোনো এটা বর্ষক ভিত্তি হিচাপে লৈ ‍খিলঞ্জীয়াৰ সংজ্ঞা নির্ধাৰণ কৰিবলৈ লোৱা কার্যও সমীচীন তথা শুদ্ধ নহব। কিয়নো এনে কৰিলে ‍‘খিলঞ্জীয়া শব্দৰ প্রকৃত অর্থ বিকৃত তথা প্রকৃত খিলঞ্জীয়া লোকসকলক উলাই কৰি তেওঁলোকৰ অধিকাৰ খর্ব কৰা হব।

সেয়ে এই নিবন্ধত ‍‘খিলঞ্জীয়া তথা অসমত খিলঞ্জীয়াসকলৰ সন্দৰ্ভত এটা ধাৰণা দিয়াৰ প্রয়াস কৰা হৈছে।

খিলঞ্জীয়াৰ সংজ্ঞা– Oxford English dictionary- ‘Indigenous’ শব্দৰ অৰ্থ এনেদৰে উল্লেখ কৰিছে – “Originating or occurring naturally in a place.’’ ইয়াৰ অর্থ হল— ‍‘কোনো এখন ঠাইত স্বাভাৱিকভাৱে আৱিৰ্ভাৱ হোৱা বা সংঘটিত হোৱা’ (প্রাণী বা মানুহ আদি)।

হেমকোষ অভিধানত পোৱা যায়— ‘খিলঞ্জী’ মানে ‍‘বহু পুৰুষলৈকে একে ঠাইতে থকা, বহুকাল নিৱাস নলৰোৱা, (মানুহত খাটে) প্রাচীনপুৰণি যুগৰ পৰা বসবাস কৰি থকা।’ এতেকে সৰল অৰ্থত খিলঞ্জীয়াৰ সংজ্ঞা এনে হ— “যিজন লোক কোনো এখন ঠাইত স্বাভাৱিকভাৱে আৱিৰ্ভাৱ হৈ বসবাস কৰেহি আৰু তেওঁৰ পাছত তেওঁৰ সতি-সন্ততিসকলে বহু পুৰুষ ধৰি প্রাচীন যুগত বা পুৰণিকালৰপৰা বসবাস কৰি আছে বা থাকে সেই লোকজন আৰু তেওঁৰ সতি-সন্ততিসকল সেই ঠাইৰ বা ৰাজ্যৰ খিলঞ্জীয়াৰূপে পৰিগণিত হব।’’

বর্তমান অসমৰ খিলঞ্জীয়াসকলপ্রাচীন কামৰূপ ৰাজ্যৰ পতন ঘটাৰ পাছত এই ৰাজ্যৰ উত্তৰ-পূব খণ্ডত যুগ যুগ ধৰি পুৰুষানুক্রমে বসবাস কৰি থকা প্ৰজাসকলে একো-একোজন নেতা বা ৰজাৰ অধীনত একো-একোখন ক্ষুদ্র ক্ষুদ্র ৰাজ্য প্রতিষ্ঠা কৰি বসবাস কৰিবলৈ লয়। তেনে সময়তে ১২২৮ খ্রীষ্টাব্দৰ ডিচেম্বৰ মাহত টাই কোঁৱৰ চাওলুং ছুকাফাই পুৰণি ব্রহ্মদেশৰ অন্তর্গত মাওলুং ৰাজ্যৰপৰা বহু প্রজা আৰু এটা বিৰাট সৈন্যবাহিনী লৈ নিজাকৈ এখন ৰাজ্য প্রতিষ্ঠা কৰিবৰ বাবে ভূমিৰ সন্ধানত অভিযান চলাই কামৰূপ ৰাজ্যৰ দক্ষিণ-পূব চুকেদি প্রৱেশ কৰি প্রথমে এই মুলুকত থকা মৰাণ আৰু বৰাহী ৰাজ্যৰ ৰজা দুয়োকে বন্ধুত্ব তথা বৈবাহিক সম্বন্ধৰে আৰু নিজৰ ব্যক্তিত্বৰে জয় কৰে। এই ক্ষুদ্র ৰাজ্য দুখনৰ চাৰিওফালে থকা হাবি-জংঘলেৰে আবৃত ভূমিভাগ দখল কৰি আহোম ৰাজ্য প্রতিষ্ঠা কৰে। পৰৱৰ্তী কালত আহোম ৰাজ্যৰ সমীপত থকা চুতীয়া ৰাজ্যকোচ ৰাজ্যভূঞা ৰাজ্য আদিও ক্রমান্বয়ে জয় কৰি প্রবল প্রতাপেৰে প্রায় ছশ বছৰ ৰাজত্ব কৰি খিলঞ্জীয়া হৈ পৰে। শেষত মানৰ আক্ৰমণৰ বাবে আহোম ৰাজ্যৰ পতন ঘটাত ইয়াণ্ডাবু সন্ধিৰ পাছত আহোম ৰাজ্য ‘অসম’ বা ‘আসাম’ নামেৰে ব্রিটিছৰ হাতলৈ যায়। আহোম ৰাজ্যৰ ৰজা-প্রজা সকলোকে ব্রিটিছ চৰকাৰে অসম ৰাজ্যৰ খিলঞ্জীয়া বুলি অভিহিত কৰে।

সেয়ে ব্রিটিছৰ দখললৈ যোৱাৰ পাছত অসম নামৰ ৰাজ্যখনলৈ ভাৰতৰ অন্য ৰাজ্যৰপৰা যিসকল লোক প্রব্রজিত তথা আমদানিকৃত হৈ আহি ব্রিটিছ প্রশাসনৰ দখলত থকা ভূমিত বসবাস কৰিবলৈ ল’লেসেইসকলে পৰৱৰ্তী কালত অসমৰ প্ৰজা হৈ নাগৰিকত্ব লাভ কৰিলে যদিও তেওঁলোক অসমৰ অখিলঞ্জীয়াৰূপে পৰিগণিত হল। এইসকলে অসমত নিজকে খিলঞ্জীয়া বুলি দাবী কৰাৰ কোনো যুক্তি তথা অৰ্হতা নাই। যিহেতু তেওঁলোকৰ উপৰিপুৰুষসকলে প্রাচীন কামৰূপ ৰাজ্য বা আহোম ৰাজ্যত বহু পুৰুষ তথা শ শ বছৰ ধৰি বসবাস কৰা নাছিল। যি ৰাজ্যত তেওঁলোক আছিল সেইবোৰ ৰাজ্যৰহে তেওঁলোক খিলঞ্জীয়াআহোম তথা অসম ৰাজ্যৰ নহয়।

অসমৰ খিলঞ্জীয়াৰ সংজ্ঞা : ইয়াণ্ডাবু সন্ধিৰ পাছত ‘অসম’ নামেৰে আহোম ৰাজ্যক ব্রিটিছ ভাৰতৰ লগত চামিল কৰাৰ আগলৈকে অর্থাৎ ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰিৰ দিনালৈকে যিসকল লোক তথা প্রজা আহোম ৰাজ্যত বসবাস কৰি আছিল আৰু ব্রিটিছ অসমত এই অসম ৰাজ্যৰ প্রজা হৈ পৰিল সেই সকলোৱেইহে জাতি-বর্ণ-ধর্ম-সম্প্রদায় নির্বিশেষে খিলঞ্জীয়াৰূপে পৰিগণিত হল। তেওঁলোক বিভিন্ন জাতি-জনজাতিৰ।

সেইসকল হবড়োকছাৰী, ৰাভাকাৰ্বিতিৱাডিমাচামিচিংলালুংহাজংচুতীয়াদেউৰীকোচমৰাণমটকভূঞাসোণোৱালঠেঙালআহোমটাই ফাকেটাই আইতনটাই খাময়াংটাই তুংটাই খামটিশ্যাম গোষ্ঠীৰ বৌদ্ধধৰ্মীসকলকৈৱৰ্তকেওটসূতকলিতাকায়স্থব্রাহ্মণগণকগোস্বামীমহন্তআহোম যুগত পশ্চিমৰপৰা আমদানিকৃত গৰিয়া আৰু মৰিয়া বুলি খ্যাত তথা অসম আক্ৰমণ কৰিবলৈ আহি আহোম ৰাজ্যত বন্দী হৈ থাকি যোৱাৰ পাছত আহোম ৰাজ্যৰ বিষয়বাব পোৱা মুছলিমধর্মী লোকসকলসৈনিকৰূপে আহি অসমত থাকি যোৱা শিখসকলআহোম যুগত নেপাল দেশৰপৰা অহা নেপালীসকলমণিপুৰী (মগলু)সকলআহোম ৰাজ্যৰ চাৰিওফালে থকা পাহাৰী ৰাজ্যসমূহৰপৰা আহি বসবাস কৰি থকা পাহাৰী জনজাতিৰ লোকসকল। তদুপৰি এই জাতি-গোষ্ঠীসকলৰপৰা ফাটি অন্য নাম গ্রহণ কৰা বহু জনগোষ্ঠীও আছে।

উল্লেখনীয় যে ব্রিটিছৰ শাসন কালত কুৰি

শতিকাৰ আগভাগত সৃষ্টি হোৱা ৰাজনৈতিক দলৰ উত্থান-পতনৰ পৰিপ্ৰেক্ষিতত ১৯৪১ চনৰ ২৮ জুলাইত সেই সময়ত অসমৰ মঃ ছাদুল্লা মন্ত্রীসভাই গ্রহণ কৰা ভূমি উন্নয়ন আঁচনি অনুসৰি অসমৰ মাটিহীন খিলঞ্জীয়া লোক আৰু প্ৰব্ৰজনকাৰী তথা পমুৱা মুছলিমধর্মী লোকৰ সংস্থাপনৰ বাবে নির্দিষ্ট এলেকা নির্ধাৰণৰ ব্যৱস্থা কৰিছিল। এই কথা ‘Political History of Assam, volume three’-ত এনেদৰে উল্লেখ কৰিছ—‘Taking the advantage the Saadullah ministry announced the land development scheme on 28th July, 1941. It envisaged a scheme of opening particular areas for settlement only to the indigenous landless people and to the immigrants who came before 1938.’ এই বাক্যশাৰীত খিলঞ্জীয়া আৰু প্ৰব্ৰজনকাৰী পমুৱা লোকৰ মাজৰ পার্থক্য সুন্দৰ তথা অতি পৰিষ্কাৰকৈ উল্লেখ কৰিছে। অতীজৰপৰা আহোম ৰাজ্যত বসবাস কৰি থকাসকলহে খিলঞ্জীয়া আৰু প্ৰব্ৰজন কৰাসকল পমুৱা। এই পমুৱাসকলে পৰৱৰ্তী কালত অসমৰ নাগৰিকত্ব লাভ কৰি অসমৰ অখিলঞ্জীয়া নাগৰিক হৈ পৰিল। অর্থাৎ অসমৰ অখিলঞ্জীয়া অসমীয়া। খিলঞ্জীয়া অসমীয়াসকলৰ দৰে এই অখিলঞ্জীয়াসকলৰো সকলো ক্ষেত্রতে সমান অধিকাৰ আছে।

গতিকে ব্রিটিছ যুগত আৰু স্বৰাজোত্তৰ কালত প্রব্রজন কৰি অসমত প্ৰৱেশ কৰা আৰু অসমৰ নাগৰিকত্ব লাভ কৰা আৰু ব্রিটিছ যুগত ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা অহা চাহ মজদুৰসকলঅসম ৰাজ্যৰ নাগৰিকত্ব লাভ কৰি বসবাস কৰি থকা ভাষা-ধর্ম নির্বিশেষে সকলো লোকেই বিভিন্ন ভাষা-ভাষী তথা বিভিন্ন সম্প্রদায়ৰ বা গোষ্ঠীৰ অসমীয়া। যেনে— বাঙালী অসমীয়াবিহাৰী অসমীয়াপাঞ্জাবী বা শিখ অসমীয়ামৈমনশিঙীয়া অসমীয়ামজদুৰ অসমীয়া বা চাহ বাগানীয়া অসমীয়ানেপালী অসমীয়ামুছলিম অসমীয়াখ্রীষ্টান অসমীয়াজৈনধর্মী অসমীয়া ইত্যাদি। এই সকলো অসমৰ অসমীয়া। এইখন অসমৰ অসমীয়াভাষী লোক এজন বিহাৰ ৰাজ্যত গৈ তাত নাগৰিকত্ব লৈ নিগাজিকৈ বসবাস কৰিলে তেওঁ বিহাৰী বা বিহাৰৰ খিলঞ্জীয়া হৈ নাযায়। সেইদৰে আমেৰিকাত থকা ভাৰতীয় অসমীয়াসকলক আমেৰিকান নোবোলে বা হব নোৱাৰে। তেওঁলোকক ভাৰতীয় মূলৰ আমৰিকাবাসী বোলা হয়। সেয়ে খিলঞ্জীয়া অসমীয়াত সংজ্ঞা বিচাৰি হাবাথুৰি খোৱা অমূলক।

প্রণিধানযোগ্য যে ১৯৫১ চনত লোকপিয়লৰ প্রতিৱেদনত উল্লেখ কৰা খিলঞ্জীয়াৰ সংজ্ঞা দোষমুক্ত নহয়। তাত উল্লেখ কৰা হৈছে—‘Indigenous persons of Assam means a person belonging to the state of Assam and speaking the Assamese language or any tribal dialect of Assam or in case of Cachar the language of the region.’ অর্থাৎ অসমত থকা আৰু অসমীয়া ভাষা বা যিকোনো এটা জনজাতীয় উপভাষা কব পৰাজনেই খিলঞ্জীয়া। এই সংজ্ঞাত ত্ৰুটি এইখিনিতে যে ওপৰত উনুকিওৱা Early History of Assam, Volume three পুথিত উল্লিখিত আৰু মঃ ছাদুল্লা মন্ত্রীসভাই উল্লেখ কৰা প্রকৃত খিলঞ্জীয়াৰ সংজ্ঞাক আওকাণ কৰাই নহয়এনে ব্যাখ্যাই প্রকৃত খিলঞ্জীয়াসকলৰ বিলুপ্তি ঘটাইছে। যদি ১৯৫১ চনৰ লোকপিয়লৰ আগতে ভাৰতৰ যিকোনো এখন ৰাজ্যৰপৰা অসমলৈ আহি এজন লোকে অসমীয়া বা জনজাতীয় ভাষা এটা শিকি কব পৰা হয় আৰু ১৯৫১ চনৰ নাগৰিকপঞ্জীত নাম অন্তর্ভুক্ত কৰি অসমৰ নাগৰিক হৈ পৰেতেতিয়া তেওঁ খিলঞ্জীয়া হৈ পৰিব নেকি?

গতিকে খিলঞ্জীয়া সংজ্ঞাৰ ক্ষেত্ৰত NRC বা ভোটাৰ তালিকাৰ গইনা নলৈ প্রকৃত থলুৱা গোষ্ঠী তথা বংশোদ্ভৱক মূল হিচাপে লোৱা উচিত। অসমলৈ আহি থলুৱা অসমীয়াৰ লগত মিলি ভাষা এটা কব পৰা হলেই অথলুৱা প্ৰব্ৰজনকাৰী এজন অসমত নাগৰিকত্ব পালেই খিলঞ্জীয়া হৈ নাযায়। তেওঁ হব অখিলঞ্জীয়া অসমীয়া। এয়ে পার্থক্য।

এইখিনিতে এটা প্রশ্ন হয়— ব্রিটিছ ইয়াণ্ডাবু সন্ধিৰ পাছতে ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰিৰ পাছত আহোম ৰাজ্যক অসম (Assam) নামেৰে ঔপনিৱেশিক ব্রিটিছ ভাৰতৰ লগত চামিল কৰাৰ সময়ত গোৱালপাৰাধুবুৰীকোকৰাঝাৰৰ একাংশদৰং (অবিভক্ত) অঞ্চল আৰু জয়ন্তীয়া পাহাৰনগা পাহাৰলুচাই পাহাৰকাছাৰকোচবিহাৰ আদি অঞ্চল তথা জিলাসমূহ আহোম ৰাজ্যৰ অন্তৰ্গত নাছিল। গতিকে এইবোৰত থকা নাগৰিকসকল খিলঞ্জীয়া হব নে অখিলঞ্জীয়া নে বিদেশী হইয়াৰ উত্তৰত কব লাগিব বা সমাধান এয়াই যে আহোম ৰাজ্যক ব্রিটিছে হস্তগত কৰাৰ পাছত ক্রমান্বয়ে এই জিলা বা অঞ্চলবোৰো দখল কৰি অসমৰ লগত সাঙুৰি ব্রিটিছে এখন বৰঅসম গঠন কৰিছিল। যিদিনাখন এইবোৰ ব্রিটিছৰ ঔপনিৱেশিক ৰাষ্ট্রৰ অন্তর্ভুক্ত হলসেইদিনালৈকে সেইবোৰত বসবাস কৰি থকা লোকসকল খিলঞ্জীয়া আৰু পাছত প্ৰব্ৰজন কৰাসকল হব অখিলঞ্জীয়া নাগৰিক।

ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু অসম তথা ভাৰত চৰকাৰৰ প্রতিনিধিসকলে ১৯৫১ চনৰ নাগৰিকপঞ্জী আৰু ১৯৫২ চনৰ ভোটাৰ তালিকাত নাম অন্তর্ভুক্ত হোৱা সকলো নাগৰিকক আৰু সেইসকলৰ বংশধৰসকলক খিলঞ্জীয়া আখ্যা দিয়াৰ সিদ্ধান্ত কৰিছে। ই কদাপি গ্রহণযোগ্য নহয়। উপৰিউক্ত ত্রিপাক্ষিক প্রতিনিধিৰে গঠিত সমিতিয়ে সমস্যাটো সমাধানৰ উদ্দেশ্যে উদাৰ মনোভাব গ্রহণ কৰিছে। ইও গ্রহণযোগ্য নহয়। এনে কৰিলে প্রকৃত খিলঞ্জীয়াসকল হেৰাই যাব তথা খিলঞ্জীয়াৰ প্রকৃত সংজ্ঞা খর্ব হব।

Related Articles

error: Content is copy right protected !!
Close