অসমত পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা

গৌতম শৰ্মা

সাম্প্ৰতিক বিশ্বত পৰ্যটন উদ্যোগটোৱে ব্যাপকভাৱে প্ৰসাৰতা লাভ কৰিছে। এইক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছপৰি ৰোৱা নাই। বিভিন্ন কাৰণৰ বশৱৰ্তী হৈ এজন লোক পৰ্যটকৰ শাৰীলৈ উন্নীত হ’ব পাৰে। পৰ্যটকসকলৰ ভ্ৰমণৰ উদ্দেশ্যক কেন্দ্ৰ কৰি আমি ইয়াক বিভিন্ন ভাগত যেনে- সাংস্কৃতিক পৰ্যটন, শিক্ষামূলক পৰ্যটন, চিকিৎসা পৰ্যটন, ক্ৰীয়া পৰ্যটন, হেৰিটেজ পৰ্যটন, এডভেন্সাৰ পৰ্যটন, কৃষি পৰ্যটন, স্বাস্থ্য পৰ্যটন, বন্যপ্ৰাণী পৰ্যটন, পৰিৱেশ পৰ্যটন আদিত বিভক্ত কৰিব পাৰো। উল্লেখযোগ্য যে, পৰ্যটনৰ এই বিশেষ ভাগসমূহৰ ভিতৰত সাম্প্ৰতিক বিশ্বত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু লাভজনক হিচাপে বিবেচিত হোৱা পৰ্যটনবিধ হৈছে পৰিৱেশ পৰ্যটন অৰ্থাৎ ‘ইক’টুৰিজিম’। বৈশিষ্ট্য তথা উদ্দেশ্যগত দিশৰ পৰা এই পৰ্যটনৰ প্ৰয়োজনীয়তা তথা ইতিবাচক ভূমিকা যথেষ্ট আছে। এটা কথা বিশেষভাৱে মনকৰিবলগীয়া যে, পৰ্যটন উদ্যোগৰ বিকাশৰ অন্তৰালত প্ৰকৃতিৰ অৱদানেই প্ৰথম তথা সৰহ। বিভিন্ন অধ্যয়ন আৰু গৱেষণাৰ পৰাও এটা কথা দেখদেখকৈ প্ৰমাণিত হৈছে যে ভৌতিক পৰিৱেশৰ ওপৰত পৰ্যটনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে। এতেকে এইসমূহ দিশৰপৰাও ক’বলৈ গ’লে পৰিৱেশ তথা প্ৰকৃতিৰ অবিহনে পৰ্যটন ক্ষেত্ৰখনৰ অস্তিত্বই কল্পনাহীন।
পৰিৱেশ পৰ্যটন  হৈছে পৰ্যটন ক্ষেত্ৰখনত নকৈ সংযোজিত হোৱা এক পৰ্যটন। এই পৰ্যটনৰ প্ৰধান উপাদান তিনিটা হৈছে পৰিৱেশ-প্ৰকৃতি, পৰ্যটন আৰু স্থানীয় বাসিন্দা। বিশ্ব পৰ্যটন সংস্থাই এই পৰ্যটনৰ সংজ্ঞা এনেদৰে দিছে “Ecotourism is that involves travelling to relatively undistributed natural areas with the specified object to studying admiring and enjoying nature and its wild plants and animals as well as existing cultural aspects found in the area.” আকৌ ১৯৯১ চনত ‘Ecotourism Society’ য়ে সদৰী কৰা তথ্য অনুসৰি “Ecotourism is responsible travel to natural areas that conserves the environment and sustain of well being of local people.” উপৰোক্ত সংজ্ঞাসমূহে এটা কথা স্পষ্ট কৰি দেখুৱাইছে যে, পৰিৱেশৰ ওপৰত একোধৰণেৰে ক্ষতিসাধন তথা প্ৰভাৱ বিস্তাৰ নকৰাকৈ পৰিৱেশৰ লগতে ইয়াৰ স্থানীয় লোকসকলৰো যাতে উন্নতি সাধন হয় তাৰ প্ৰতিও লক্ষ্য ৰাখি প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদেৰে চহকী ঠাইসমূহত পৰ্যটকসকলৰ আগমনৰ যোগেদি যি প্ৰকাৰৰ পৰ্যটন গঢ়ি উঠে সেয়াই হৈছে মূলতঃ ইক’ টুৰিজিম অৰ্থাৎ পৰিৱেশ পৰ্যটন। এই শ্ৰেণীৰ পৰ্যটনত অন্তৰ্ভুক্ত পৰ্যটকসকলৰো মূল উদ্দেশ্য হৈছে পৰিৱেশ-প্ৰকৃতিৰ একো অনিষ্ট নকৰাকৈ বৰঞ্চ এইসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ যোগেদি প্ৰকৃতিৰ ৰূপ-ৰস, সৌন্দৰ্য তথা ইয়াৰ নৈসৰ্গিকতাক উপভোগ কৰা।
পূৰ্বে উল্লেখ কৰি অহা হৈছে যে, পৰিৱেশ পৰ্যটন  হৈছে পৰ্যটনৰ এটি নতুন ভাগ। ১৯৯৭ চনত ‘জৈৱ-বৈচিত্ৰৰ বাৰ্লিন ঘোষণা’ৰ যোগেদি এই পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এলানি গুৰুত্বপূৰ্ণ আলোচনা হৈছিল। এই আলোচনাৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি ২০০২ চনটোক ‘আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পৰ্যটন বৰ্ষ’ (International Ecotourism Year) হিচাপে ঘোষণা কৰা হৈছিল। উল্লেখ্য যে, এই ঘোষণাৰ পাছতেই বিশ্বৰ বিভিন্ন দেশসমূহে পৰিৱেশ পৰ্যটনক নিজ নিজ দেশসমূহত থকা বিভিন্ন ইক’ জনসমূহৰ ক্ষেত্ৰত প্ৰয়োগ কৰি এইসমূহক পৰ্যটনৰ সম্ভাৱনাময় ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে। পৰিৱেশ পৰ্যটনৰ গুৰুত্বতা উপলব্ধি কৰি ভাৰতেও সমগ্ৰ দেশখনতে সিঁচৰতি হৈ থকা ইক’ জনসমূহক মুঠ ৬ টা ভাগত বিভক্ত কৰিছে; তাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল হৈছে এখন উল্লেখযোগ্য ক্ষেত্ৰ। ইয়াত অন্তৰ্ভুক্ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰধান ঠাইসমূহ হৈছে গুৱাহাটী, কাজিৰঙা, মাজুলী, তেজপুৰ, শিৱসাগৰ, ভালুকপুং, শ্বিলং, চেৰাপুঞ্জী, ক’হিমা আৰু টাৱাং।
সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ লগতে অসমখন হৈছে জৈৱ-বৈচিত্ৰতাৰ ক্ষেত্ৰত অত্যন্ত এক চহকী ক্ষেত্ৰ আৰু বহু স্পৰ্শকাতৰ পৰিৱেশতন্ত্ৰৰ আলয় হিচাপে খ্যাত। ৫ খন ৰাষ্ট্ৰীয় উদ্যান, ১৮ খন অভয়াৰণ্য, ৪৬ খন পক্ষীৰ আবাসভূমি আৰু ৩১২ খন প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলেৰে ৰাজ্যখনৰ মুঠ মাটিকালিৰ প্ৰায় ৩৫% সেউজীয়া অৰণ্যভূমিয়ে আগুৰি আছে। এই অৰণ্যভূমিৰ লগতে ইয়াৰ নৈসৰ্গিকতা আৰু জৈৱ-বৈচিত্ৰতাই স্থানীয় আৰু দেশী-বিদেশী পৰ্যটক আৰু প্ৰকৃতিপ্ৰেমীসকলকো সদায় আকৰ্ষণ কৰি আহিছে। অৰ্থাৎ আমাৰ ৰাজ্যখনত ইক’ টুৰিজিম তথা পৰিৱেশ পৰ্যটনৰ প্ৰভাৱ আমি ইতিমধ্যেই লক্ষ্য কৰি আহিছোঁ। কিন্তু আমাৰ চৌপাশে উপলব্ধ এই সম্পদৰাজীলৈ চাই ৰাজ্যখনত পৰিৱেশ পৰ্যটনৰ প্ৰসাৰতা যেনেদৰে হ’ব লাগিছিল তেনেদৰে হোৱা নাই যেন আজি আমাৰ অনুভৱ হৈছে। ইয়াৰ বাবে আমাৰ অজ্ঞতা, উপযুক্ত আঁচনি, প্ৰচাৰ আৰু আন্তঃগাঁথনিৰ অভাৱ, পৰিৱেশ-প্ৰকৃতি সুৰক্ষাৰ প্ৰতি থকা অদায়বদ্ধতাই মূলতে জগৰীয়া। আকৌ বানপানী, ভূমিকম্প, ভূমিস্খলন, বৃষ্টিপাত আদি প্ৰাকৃতিক সমস্যাসমূহৰ লগতে প্ৰকৃতিৰ সন্তুলন ৰক্ষা নকৰাকৈ মানুহে জধেমধে গঢ়ি তোলা কৃত্ৰিম সমস্যাবোৰেও অসমত পৰিৱেশ পৰ্যটনৰ বিকাশৰ প্ৰধান অন্তৰায় হিচাপে চিহ্নিত হৈছে।
কিন্তু যদি আমি এই সমস্যাসমূহক সুপৰিকল্পিতৰূপত সমাধানৰ চেষ্টা কৰোঁ তেন্তে নিশ্চিতভাৱে অসমৰ অৰ্থনীতিত পৰিৱেশ পৰ্যটনে এক সুদূৰপ্ৰসাৰী ইতিবাচক প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব। পৰিৱেশ পৰ্যটনৰ সম্প্ৰসাৰণে প্ৰকৃতিৰ সন্তুলন তথা ভাৰসাম্যতাক নিয়ন্ত্ৰণ কৰাটো যথেষ্ট সহায় কৰিব। লগতে ই পৰিৱেশকো নিকা আৰু প্ৰদূষণমুক্ত কৰি ৰখোৱাত সহায়ক হ’ব। ইয়াৰ অনুৰূপধৰণে এই পৰ্যটনে স্থানীয় অধিবাসীসকলৰ আৰ্থিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক ইত্যাদি দিশসমূহকো সমৃদ্ধিশালী কৰিব বুলি আশা কৰিব পাৰি। যিহেতু ইক’ টুৰিজিম বা পৰিৱেশ পৰ্যটন হৈছে এনে এক বিশেষ ব্যৱস্থা য’ত পৰ্যটকসকলে পৰিৱেশৰ সৈতে এক ভাৰসাম্য বজাই ৰাখিব, পৰিৱেশক উপভোগ কৰিব আৰু পৰিৱেশৰ অলপো ক্ষতি নকৰাকৈ ইয়াৰ উন্নয়নৰ বাবে জ্ঞান আহৰণ কৰি সংৰক্ষণক লৈও চিন্তা-চৰ্চা কৰিব।
লেখক নগাঁও ৰূপহী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক

Related Articles

Check Also

Close
error: Content is copy right protected !!
Close