অষ্টিঅ’আৰ্থাইটিচ বা সন্ধিবাত

ডাঃ মুকুল শর্মা

অষ্টিঅ’আৰ্থাইটিচ বা সন্ধিবাত হ’ল এবিধ সন্ধি বা গাঁঠিৰ প্ৰদাহ বা আৰ্থাইটিচ য’ত শৰীৰৰ এটা বা ততোধিক সন্ধি বিকল হয় আৰু শেষলৈ সন্ধিৰ উপাস্থিসমূহ ক্ষয়প্ৰাপ্ত হয়। উপাস্থি বা cartilage হ’ল কিছুমান প্ৰটিনজাতীয় পদাৰ্থ, যিয়ে গাঁঠিৰ হাড়বিলাকৰ মাজত cushion বা গাদী হিচাপে কাম কৰে। অষ্টিঅ’আৰ্থাইটিচক বয়সিয়াল মানুহৰ বেমাৰ বুলি কোৱা হয়। বিৰুদ্ধ আহাৰ সেৱন আৰু অশুদ্ধ জীৱনশৈলীৰ প্ৰভাৱত কম বয়সৰ লোকো আজিকালি এই বেমাৰত আক্ৰান্ত হোৱা দেখা যায়। সাধাৰণতে ৪৫-৫০ বছৰ বয়সৰ আশে-পাশে এই বেমাৰটো হোৱা দেখা যায় আৰু পুৰুষতকৈ মহিলা এই ৰোগত বেছিকৈ আক্ৰান্ত হয়; কাৰণ Menopause বা ৰজোনিবৃত্তিৰ প্ৰভাৱত মাইকী মানুহৰ হাড়বিলাক অধিক দুৰ্বল হৈ পৰে।

সাধাৰণতে হাত, ভৰি, ৰাজহাড় আৰু শৰীৰৰ ওজন বহনকাৰী সন্ধি, যেনে—আঁঠু, উৰু-সন্ধি ইত্যাদি এই বেমাৰৰদ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।

ষ্টিঅ’আৰ্থাইটিচৰ প্ৰকাৰ

অষ্টিঅ’আৰ্থাইটিচ হোৱাৰ কাৰণটো যদি জনা নাযায় তেন্তে ইয়াক প্ৰাথমিক (Primary) অষ্টিঅ’আৰ্থাইটিচ বুলি কোৱা হয় আৰু যদি অষ্টিঅ’আৰ্থাইটিচ হোৱাৰ কাৰণ জনা যায় তেন্তে তাক গৌণ (Secondary) অষ্টিঅ’আৰ্থাইটিচ বুলি কোৱাহয়।

প্ৰাথমিক অষ্টিঅ’আৰ্থাইটিচ কোনো বেমাৰ-আজাৰ বা আঘাত ইত্যাদিৰ ফলত সৃষ্টি নহয়। সাধাৰণতে স্বাভাৱিক বয়স বৃদ্ধিৰ ফলত এনে ধৰণৰ অষ্টিঅ’আৰ্থাইটিচৰ উৎপত্তি হয়। ইয়াৰ ফলত সন্ধিৰ মাজত থকা পিছল গ্ৰীজৰ (grease) নিচিনা synovial fluid, যিয়ে সন্ধিৰ লৰচৰ প্ৰক্ৰিয়াত সহায় কৰে, শুকাই যায় আৰু সন্ধিৰ দুইফালৰ হাড়বিলাক পৰস্পৰে পৰস্পৰৰ কাষ চাপি আহে আৰু সন্ধিৰ মাজত থকা ঠাই কমি যায়। ইয়াৰ ফলত সন্ধি লৰচৰ কৰাৰ সময়ত দুইফালৰ হাড়ৰ উপাস্থিবিলাকৰ মাজত ঘৰ্ষণৰ সৃষ্টি হয় আৰু বিষ আৰু প্ৰদাহ উৎপন্ন হয়। এই ঘৰ্ষণৰ ফলত কেতিয়াবা সন্ধিৰ দুইফালৰ হাড়বিলাকৰ সূক্ষ্ম তৰপ কিছুমান চকলা চকল হৈ এৰাই যাবলৈ ধৰে। ইয়াৰ ফলত গাঁঠিবিলাকৰ বিষ হয় আৰু গাঠিবিলাক লৰচৰ কৰিবলৈ অসুবিধাৰ সৃষ্টি হয়। এৰাই যোৱা হাড়বিলাকৰপৰা কোষ বৃদ্ধি হৈ নতুন হাড়ৰ কলাৰ সৃষ্টি হ’বলৈ ধৰে আৰু সেইবিলাক দেখাত জোঙা আকৃতিৰ হয়, যাক osteophyte বুলি কোৱা হয়।

গৌণ অষ্টিঅ’আৰ্থাইটিচ সাধাৰণতে গাঁঠিত হোৱা আঘাত, ধাৰাবাহিক অস্ত্ৰোপচাৰ, মেদবহুলতা বা শৰীৰৰ ওজন বৃদ্ধি, কিছুমান বেমাৰ, যেনে—ৰিউমাটইড আৰ্থাইটিচ্, গাউট, ডায়েবেটিজ বা অন্য হৰম’নজনিত সমস্যা ইত্যাদিৰ পৰিপ্ৰেক্ষিতত হোৱা দেখা যায়। মেদবহুলতা আৰু অষ্টিঅ’আৰ্থাইটিচক ভাই-ভনী বুলি কোৱা হয়। যি মানুহৰ শৰীৰৰ ওজন অধিক সেই মানুহৰ অষ্টিঅ’আৰ্থাইটিচ হোৱাৰ সম্ভাৱনা থকাই নহয়, হোৱাটো প্ৰায় নিশ্চিত। আনহাতে অধিক ভাৰ বহনকাৰী কামৰ বাবে বা শৰীৰৰ ভাৰবহনকাৰী গাঠিবিলাকত অধিক চাপ পৰিলেও অষ্টিঅ’আৰ্থাইটিচৰ সৃষ্টি হব পাৰে।

চিনাক্তকৰণ সাধাৰণ x-rayৰ সহায়ত অষ্টিঅ’আৰ্থাইটিচ চিনাক্ত কৰা হয়।

আয়ুৰ্বেদিক দৃষ্টিভংগী আয়ুৰ্বেদত এই বেমাৰটোক সন্ধিবাতৰ লগত তুলনা কৰা হৈছে। আয়ুৰ্বেদত কোৱা হৈছে যে বিৰুদ্ধ আহাৰ আৰু অশুদ্ধ জীৱনশৈলী, যেনে—বাহী আহাৰ, প্ৰিজাৰ্ভেটিভযুক্ত খাদ্য, শুকান, ৰুক্ষ আহাৰ, শীতল পানীয় আৰু খাদ্য আদি অধিক সেৱনৰ লগতে ৰাত্ৰি জাগৰণ, মল-মূত্ৰ আদিৰ অধাৰণীয় বেগ অধিক সময়লৈ ধৰি ৰখা ইত্যাদি কাৰকৰ প্ৰভাৱত বাত দোষ প্ৰকূপিত হৈ যদি শৰীৰৰ সন্ধি বা গাঁঠিত গৈ আশ্ৰয় লয়, তাৰ ফলত গাঁঠিবিলাক ক্ষয়প্ৰাপ্ত হ’বলৈ ধৰে আৰু প্ৰকূপিত বাতে গাঁঠিৰ ভিতৰত প্ৰদাহ আৰু ভয়ংকৰ বিষযুক্ত সন্ধিবাতৰ সৃষ্টি কৰে।

সন্ধিবাতৰ লক্ষণ

আয়ুৰ্বেদত কোৱা হৈছে–

”वातपूर्णदृतिस्पंर्शः शोथः सन्धिगतेऽनिले।

प्रसारणाकुञ्चतयोः प्रवृत्तिञ्च संवेदना।।”

অৰ্থাৎ প্ৰকূপিত বাত দোষে শৰীৰৰ সন্ধিবিলাকত তলত দিয়া লক্ষণসমূহ উৎপন্ন কৰে—

আক্ৰান্ত সন্ধি ফুলি উঠে আৰু সন্ধি বা গাঁঠিৰ সংকোচন আৰু প্ৰসাৰণৰ ফলত কট্ কট্ (crapitus) শব্দ হয়, লগতে সংকোচন আৰু প্ৰসাৰণৰ ফলত, ঘৰৰ ছিৰি বগোৱা ইত্যাদি কামৰ সময়ত গাঁঠিত বিষ অনুভূত হয় তেন্তে বুজিব লাগিব যে সন্ধিবাতৰ আৰম্ভণি হৈ গৈছে।

চিকিৎসা

আয়ুৰ্বেদিক চিকিৎসাত ঔষধৰ ব্যৱহাৰৰ উপৰি কিছুমান খাদ্যাভ্যাস আৰু জীৱনশৈলী সলনি কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়।

খাদ্যাভাস

গৰম আৰু সতেজ খাদ্য সেৱন কৰা উচিত।

– দাইল, মাংস আদিৰ চুপ আদা, জালুক, পিপলি আদি মিহলাই সেৱন কৰিব লাগে।

– সদায় কম পৰিমাণৰ ঘি আৰু তেল খাদ্যৰ লগত গ্ৰহণ কৰা উচিত। ইয়াৰ ফলত গাঁঠিবিলাকৰ শুকাই যাব ধৰা গ্ৰীজৰ নিচিনা পিছল অংশখিনিৰ পৰিপূৰ্তি হয়।

– মছলাযুক্ত, শুকান, ভজা-পোৰা খাদ্য অধিক হাৰত খোৱা অনুচিত।

– নিয়মিত মধ্যমীয়া ধৰণৰ ব্যায়াম কৰা উচিত। গাঁঠিত চাপ বা টান পৰা ব্যায়াম কৰা উচিত নহয়।

ঔষধ

বিভিন্ন ধৰণৰ ঔষধী গুণসম্পন্ন তেলেৰে আক্ৰান্ত গাঁঠিবিলাক মালিচ কৰা উচিত। যেনে—মহাবিষগৰ্ভ তেল, মহানাৰায়ণ তেল, দশমূল তেল ইত্যাদি। এই তেলবিলাকৰ যি কোনো এবিধ তেল অকমান গৰম কৰি গাঁঠিৰ চাৰিওফালে দহ মিনিটমান সময় মালিচ কৰিব লাগে। ইয়াৰ ফলত তেল গাঁঠিৰ ভিতৰফালে সোমাই যায় আৰু গাঁঠিৰ শুকাই যোৱা গ্ৰীজৰ নিচিনা পিছল তৰল পদাৰ্থৰ পৰিপূৰ্তি হয়। তদুপৰি তলত দিয়া ঔষধসমূহ ব্যৱহাৰ কৰিব পৰা যায়।

*একক ঔষধী- নিৰ্গুণ্ডি, এৰণ্ড, লসূনা, গুগ্গুল, শিগ্ৰু, ৰাস্না ইত্যাদি।

*যৌগিক ঔষধি – মহাবাত বিধ্বমসন ৰস, মহাযোগৰাজ গুগ্গুল, মহাৰাস্নাদি ক্বাথ ইত্যাদি।

*পেটেন্ট ঔষধি – ৰিঅ’স্থ, ৰুমালয়া ফৰ্ট ইত্যাদি।

Related Articles

error: Content is copy right protected !!
Close