অনুভূতি

নেপালৰ চোলোখুম্বু জিলাৰ এখন অখ্যাত গাঁৱৰ এক দৰিদ্ৰ পৰিয়ালত তেওঁৰ জন্ম। অতি সাধাৰণ চেহেৰা। ওখই প্ৰায় পাঁচ ফুট ছয় ইঞ্চি। বয়স বিয়াল্লিছ বছৰ। তেওঁৰ নাম আং ৰিতা। বুজিবপৰা হোৱাৰে পৰা তেওঁ চৌদিশে দেখিছিল মাথোঁ দাৰিদ্ৰ্য আৰু শূন্যতা, অভাৱ আৰু যন্ত্ৰণা। ঘনঘোৰ সেই অমানিশাৰ অন্ধকাৰৰপৰা মুক্তি পাবলৈ আং ৰিতাই পাহাৰ বগোৱা আৰম্ভ কৰিলে, লাহে লাহে সামান্য হাজিৰাৰ বিনিময়ত সাধাৰণ মালবাহক হিচাপে তেওঁ পৰ্বতাৰোহণকাৰী দলৰ সৈতেও পৰ্বত বগাবলৈ আৰম্ভ কৰিলে, তাৰপিছত তেওঁ এদিন হৈ পৰিল ‍‘হ্যাপ’ (হাই-অলটিচিউড পোৰ্টাৰ)। হিমালয়ৰ দুর্দ্ধর্ষ পৰ্বতশৃংগ ধৌলাগিৰি (২৬,৮১০ ফুট)ৰ শিখৰত এই আং ৰিতাই যিদিনা মালবস্তু লৈ থিয় দিলেগৈ, সেই দিনৰপৰাই আং ৰিতা হৈ পৰিল বিশ্বৰ সমগ্ৰ পৰ্বতাৰোহণকাৰীৰ বাবে এক পৰিচিত নাম।

আং ৰিতাৰ নাম মই কাহানিও শুনা নাছিলো। সৰুতে পঢ়া টেনজিং নৰ্কে আৰু এডমাণ্ড হিলাৰীৰ নাম পিছে আজিও আমাৰ মনত আছে। কিন্তু হঠাৎ কিয় এই আং ৰিতাক লৈ এই লেখা ! তাৰ কাৰণ এই নহয় যে অলপতে এখন আলোচনী পঢ়ি মই এইকথা জানিবলৈ সক্ষম হৈছো যে তেওঁ কেৱল ধৌলাগিৰি শৃংগ নহয়, চৌ-য়ু (২৬,৭৫০ ফুট), মাকালু (২৭,৮২৪ ফুট), কাঞ্চনজংঘা (২৮,২০৭ ফুট) আদিৰ দৰে সুউচ্চ শৃংগত আৰোহণ কৰিছে; আং ৰিতাৰ বিষয়ে এই লেখাৰ কাৰণ এইটোও নহয় যে আং ৰিতাই সমগ্ৰ পৃথিৱীৰ মানুহক আৰু দুর্দ্ধর্ষ পৰ্বতাৰোহনকাৰীসকলক স্তম্ভিত-বাকৰুদ্ধ কৰি দিছিল এভাৰেষ্টৰ দৰে অস্বাচ্ছন্দ্যকৰ পৰিৱেশত—য’ত অক্সিজেন মাত্ৰা ভয়ানকভাৱে কম—তাত আঠবাৰকৈ মাল-পত্ৰ লৈ মালবাহক হিচাপে থিয় হৈছিল এবাৰৰ বাবেও কৃত্ৰিম অক্সিজেন ব্যৱহাৰ নকৰাকৈ; আং ৰিতাৰ বিষয়ে এইবাবেও লেখা নাই যে যিহেতু আং ৰিতাই এইদৰে যোৱাবছৰ কৈছিল—‍‘এভাৰেষ্টৰ দিক্ষণ দিশেৰে বহুবাৰ এভাৰেষ্টত উঠা হ’ল, কিন্তু চীনৰ ভিতৰেৰে এভাৰেষ্টৰ উত্তৰ দিশেৰে আজি পৰ্যন্ত এবাৰো উঠিব নোৱাৰিলো। কোনে জানে কেতিয়াকৈ মোৰ এই আশা পূৰ্ণ হ’ব !’

আং ইৰতাৰ কথা আজি এইবাবেই উল্লেখ কৰিছো যে এনেহেন এজন মানুহ, এজন গ্লেমাৰহীন মানুহ, এজন গ্লেমাৰহীন সাধাৰণ মালবাহক, যি কোনোদিনে কৃত্ৰিম অক্সিজেন গ্ৰহণ নকৰাকৈ ইটোৰ পিছত সিটোকৈ হিমালয়ৰ সৰ্বোচ্ছ শৃংগবোৰ বগাই ফুৰিছে পিঠিত মাল-পত্ৰ বান্ধি, যি এভাৰেষ্টৰ দৰে পৃথিৱীৰ সৰ্বোচ্ছ শৃংগটোত কৃত্ৰিম অক্সিজেন গ্ৰহণ নকৰাকৈ আঠবাৰকৈ আৰোহণ কৰিও চীনৰ ভিতৰেৰে এভাৰেষ্টৰ উত্তৰেৰে এবাৰো এভাৰেষ্টত আৰোহণ কৰিবলৈ সুযোগ নোপোৱা বাবে আক্ষেপ কৰে (অথচ এনেহেন এজন আং ৰিতাৰ নাম আমি বহুতেই আজিও নাজানো); সেই আং ৰিতাক যেতিয়া এইবুলি প্ৰশ্ন কৰা হ’ল যে জগতৰ শীৰ্ষস্থানত থিয় হৈ কেনে অনুভৱ হয়? তেতিয়া অশিক্ষিত সেই নেপাল সন্তানে কোনো ধৰণৰ গৰ্বোক্তি-অহংকাৰ প্ৰকাশ নকৰিলে, বৰং সুন্দৰকৈ হাঁহি মাৰি থোৰতে এনেদৰেহে ক’লে যে— ‍‘জগতৰ শীৰ্ষস্থানত থিয় হৈ নিজকে ক্ষুদ্ৰ, খুব ক্ষুদ্ৰ বুলিহে মোৰ অনুভৱ হয়।’

Related Articles

Close