|| অদাহ্য ||– (গল্প)

অংকিতা বৰুৱা

(গল্প)
 মই দৌৰিছো ……. উৰ্দ্ধশ্বাসে  !
 …… এখন জাৰনিৰ মাজৰ লুঙলুঙীয়া এটা বাটেৰে মই মাথো দৌৰিছো …..
এটা কাতৰ চিঞৰে মোক ক্ৰমসহ টানি নিছে এক নিৰ্দিষ্ট বিন্দুলৈ আৰু সেই চিঞৰক প্ৰতি সহাৰি জনাই ময়ো চিঞৰিছো সমানে —–
 ” মই আহিছো দেউতা , মই আহিছো ! সৌ হাবিখন পাৰ কৰিলেই মই তোমাৰ ওচৰ পামগৈ ! তুমি ৰৈ থাকিবা  তাতে “…….
……. হঠাতে এটা তীব্ৰ পোহৰে হাবিখন ক্ষনিকৰ বাবে পোহৰাই তুলিলে আৰু নিমিষতে পুনৰ ঘিটমিটীয়া আন্ধাৰত ডুব গল চৌদিশ ……
মই বাট হেৰুৱাই পুনৰ চিঞৰিছো  …….
…… দেউতা ….. দেউতা ……. !
ধহমহাই বিচনাখনতে উঠি বহিলো মই । ঘামত মোৰ কাপোৰ সাজ ভিজি গৈছে । চুলিবোৰ তিতি জেপজেপীয়া হৈ পৰিছে । খুব গৰম লাগিছে মোৰ । ডিঙি তো শুকাই আহিছে । আন্ধাৰতে খেপিয়াই চাইড টেবুলখনৰ পৰা পানী এগিলাচ কোটকোটকৈ পি খালো , যেন বহুদিন ধৰি মই পিয়াহত আতুৰ হৈ আছিলো  !
নিলয়ে বাগৰ সলালে ।
আইনুক হাত খন ফুৰাই মৰম কৰিলো । তাই গভীৰ টোপনিত !
এই সপোন তো মই বৰ সঘনাই দেখিবলৈ লৈছো আজিকালি । আজি পাঁচ বছৰে একেটা সপোনেই মোক খেদি ফুৰিছে অহৰহ …..
—– দেউতা ই কিয় বাৰু এনেদৰে মোক আতুৰ হৈ মাতে সদায় সপোনত !
শেষ বাৰৰ বাবে ঘৰৰ পৰা ওলাই আহোতে দেউতাই তো সকলো সম্পৰ্ক ছেদ কৰিছিল মোৰ লগত । তাৰ পাছতো বাৰে বাৰে এই সপোনতোৱে কিয় মোক শুবলৈ নিদিয়ে ! কিবা অৰ্থ বহন কৰিছে নেকি মোৰ সপোনতোৱে , ভাবি ভাবি ও আঁত নাপাও মই ….  !
নিলয়ৰ দুহাত খামুচি ওলাই অহাৰ দিনা দেউতাৰ স্বাভিমানে মানি লব পৰা নাছিল মোৰ সেই সিদ্ধান্ত । বংশ মৰ্য্যদাৰ অহংকাৰত লগা আঘাতত দেউতাই দিয়া প্ৰচন্ড গালিক মই মূৰ পাতি লৈছিলো সেইদিনা । এতিয়াও কানত বাজি থাকে মোৰ দেউতাই কোৱা প্ৰতিতো শব্দ … !
  মায়ে কান্দি কান্দি কোৱা কথাবোৰে এতিয়াও ঘেৰি আছে মোক অহৰ্নিশে … !
তথাপি কিয় বাৰু দেউতাৰ সেই আতুৰ চিঞৰে মোক সপোনত খেদি ফুৰে ! মোক ত্যেজ্য পুত্ৰী ঘোষনা কৰাৰ পাছতো কৰবাত কেনেবাকৈ বাৰু দেউতাৰ কিবা এটা হেঁপাহ ৰৈ গল নেকি মোৰ বাবে !
 মোৰ মুখ নাচাও বুলি খোৱা শপতবাক্য ৰাখিয়েই দেউতা গুচি গৈছিল চিৰদিনলৈ । তথাপি বুকুৰ এচুকত ৰৈ গল সেই হেঁপাহ  মোক শেষ বাৰৰ বাবে চাবলৈ ! থাকি গল নেকি এক অপূৰ্ণ আশা দেউতাৰ মনত  —- !
খবৰ কাগজ খনৰ এচুকত পাইছিলো ফটোৰে সৈতে দেউতা নোহোৱা হোৱাৰ বাতৰিতো ! সেই খবৰে মোক দহিছিলে , মোক যে সচা অৰ্থত মা দেউতাই পাহৰি পেলালে তেতিয়াহে মোৰ অনুভব হৈছিল । নিলয়ৰ পৰা লুকাই লুকাই কান্দিছিলো মই ।
      বহুদিন নিলয়ক কম বুলিও কোৱা হোৱা নাই মোৰ সপোনতোৰ কথা । তেওঁৰ বাবেই মই জীৱনতোলৈ ঘৰখন হেৰুৱাব লগীয়া হোৱা বাবে তেও ভিতৰি বৰ কষ্ট পায় । সেয়েহে ,  আৱেগক পাৰ্য্যমানে ঢাকি ৰাখিয়েই চলিবলৈ চেষ্টা কৰি আহিছো ।
আইনু আমাৰ একমাত্ৰ সন্তান । তাই যিমানে ডাঙৰ হৈছে এটুকুৰা বিষ আমাৰ বুকুতো নিৰলে জীপাল হৈছে । সংগোপনে দুয়ো কঢ়িয়াইছো এক যন্ত্ৰনা , কিন্তু আমি ইজনে সিজনৰ কাষত সদায় প্ৰত্যয়েৰে থিয় হৈছো । আইনু আমাৰ কলিজাৰ টুকুৰা । আমাৰ জীয়াই থকাৰ সম্বল । সকলো হেৰুওৱাৰ পাছত ঈশ্বৰে আমাক আইনুক উপহাৰ দিছে । তাই আমাৰ সম্পদ !
কিন্তু কিয় বাৰু ঈশ্বৰে তাৰ মাজতো কিবা অলপ আতৰাই ৰাখিলে আমাৰ পৰা । কিয় বাৰু আইনুক পৰিপূৰ্ন কৰি নিদিলে ……
……তাইৰ মুখৰ ” মা ” মাতষাৰ শুনিবলৈ ব্যাকুল হৈ পৰা মোৰ মনতোক কোনোবাদিনা বুজাব নোৱৰা হৈ পৰো মই ! ঘৰ এৰাৰ সময়ত মায়ে কোৱা কথা কেইষাৰ পাকঘূৰনি খাই থাকে মোৰ মনৰ মাজত …..
……. ” এতিয়া নুবুজিবি ৰাধা , যেতিয়া মা হবি তেতিয়া বুজি পাবি সন্তান মানে কি ! সন্তান এটাক সম্পদ হিচাপে গঢ় দিবলৈ যাওতে  পিতৃ মাতৃ ৰ ত্যাগ তই এতিয়া নুবুজ ! কিন্তু এটা দিন আহিব ; তই ও মা হবি ! তেতিয়া বুজিবি সন্তানে যেতিয়া পিতৃ মাতৃৰ বিৰোধিতা কৰে , কেনে অনুভৱ হয় !  মোৰ প্ৰাৰ্থনা ৰাধা , ঈশ্বৰে যাতে তোক সন্তান সুখৰ পৰা বঞ্চিত নকৰে ! তই আমাৰ বুকুত দিয়া এই দহনে যাতে ঈশ্বৰৰ বিচাৰত তই সন্তানৰ বাবে মনোকষ্ট পাব নালাগে ….. তোৰ আজিৰ এই সিদ্ধান্তই যাতে তোক কন্দুৱাই নামাৰে ” …….
মায়ে চিঞৰি চিঞৰি মোক সেইদিনা অভিশাপ দিছিল নে আচলতে মোৰ বাবে ঈশ্বৰৰ ওচৰত সচাকৈ প্ৰাৰ্থনা কৰিছিল , মই আজিও নুবুজিলো । মাথো মাৰ সেই কেইষাৰি বাক্যই মোক অহৰ্নিশে ঘেৰি থাকে । আইনু ৰ লগত ব্যস্ত হৈ থকা প্ৰতিতো সময়েই মোক মাৰ কথাই ভিতৰ খন কোঙা কৰি আনে । ইমান ডাঙৰ ভুল আছিল নে মোৰ , নিলয়ক জীৱন সংগী হিচাপে বিচৰাতো ! মোৰ শৈশৱ কৈশোৰ পাৰ কৰি অহা সুখ স্বাচ্ছন্দ্যৰে ভৰা ঘৰখন নিলয়ে মোক দিব নোৱাৰে মই জানিছিলো , কিন্তু সংসাৰ এখনত থাকিব লগীয়া সকলো আদৰ যত্নৰে মই বিভূষিতা ! মোক আৰু আইনুক মৰমেৰে ওপচাই ৰাখিব পৰাকৈ এখন সৎ হৃদয় নিলয়ৰ আছে  , সেইখিনি বিশ্বাস মোৰ তেতিয়াও আছিল আৰু এতিয়াও !  নিলয়ে মোৰ সেই বিশ্বাসৰ ভেটিঁ দিনে দিনে সবল কৰি তুলিছে ! কোনোদিন মোক মনোকষ্ট দিয়া নাই কোনো কথাত  । যিদিন ধৰি মই নিলয়ক আপোন কৰি মোৰ পিতৃগৃহ এৰি আহিছিলো , সেই তেতিয়াৰ পৰা আজিলৈকে নিলয়ে কেৱল মোক আৱৰি ৰাখিছে তাৰ মৰমেৰে । আইনুক আলপৈচান ধৰোতে মোৰ কাষে কাষে আছে প্ৰতিতো প্ৰয়োজনত !
যিদিনা জানিছিলো আন দহ টা শিশুৰ দৰে আমাৰ আইনু স্বাভাৱিক নহয় —- মই হিঁয়া ধাকুৰি কান্দিছিলো । ঈশ্বৰৰ ওচৰত অভিমান কৰি প্ৰায় এক মাহ মই চাকি জ্বলোৱা নাছিলো ……
…… কিয় প্ৰভু কিয় ? কিয় এনে কৰিলা আমাৰ আইনুৰ লগত ।  কিয় আমাৰ আইনুৱে আন শিশুৰ দৰে হাহিঁ মাতি খেলিব নোৱাৰিব ! কিয় তাইৰ মুখৰ অমিয়া মাত এষাৰৰ বাবে আমি হাবাথুৰি খাব লাগিব ! কিয় নিদিলা সেইকণ সুখ আমাক —- তোমাক পূজা দিওতে আমাৰ  কি ভুল ৰৈ গল প্ৰভু  —–
মই অৱশ হৈ পৰিছিলো ! আইনুক সাৱটি ধৰি কত উজাগৰি নিশা পাৰ কৰিছো  ! তাই ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ অস্বাভাৱিক আচৰন বোৰে মোৰ ভিতৰখনত এক বুজাব নোৱৰা ধৰফৰনিৰ সৃষ্টি কৰে । নিলয়ে তেতিয়াও মোক গভীৰ মমতাৰে সামৰি লৈছে ! কোনে কয় পুৰুষৰ হৃদয়ত মৰমৰ অভাব …… !
আইনুক মোৰ বুকুৰ মাজত লৈ বহুবাৰ হেৰাই গৈছো আমাৰ সংসাৰখনৰ আন এখন প্ৰতিচ্ছবিত …..
—- তাইৰ মাতষাৰ কেনেকুৱা হল হেঁতেন …..
 মোক মা মা বুলি মাতি থুপুক থাপাক খোজেৰে তাই গোটেইখন ঘূৰি ফুৰিলেহেঁতেন ……!
 নিলয় কামৰ পৰা আহিলেই তাই পাপা বুলি দুহাত মেলি কোচত উঠিবলৈ আব্দাৰ কৰিলেহেঁতেন…… !
 তাইৰ অমিয়া মাতেৰে আমাৰ ঘৰখন উমলি থাকিলে হেঁতেন …….  !
এই হেঁতেন বোৰ আমাৰ জীৱনৰ বাবে দুষ্প্ৰাপ্য হৈয়ে ৰৈ গল !
ইমান বেছি হাহাঁকাৰ আন কাৰোবাৰ হব পাৰেনে — যিমান হাহাঁকাৰ কৰি উঠে মোৰ বুকুখনে ! ইমান বেদনা থাকিব পাৰেনে আন কাৰোবাৰ বুকুত , আজি যি বেদনাই মোক আৰু নিলয়ক প্ৰতিনিয়ত ঘেৰি আছে …….
…….মোৰ দেউতাই ও এনে এক জীয়া জুই বুকুত লৈয়ে হয়তো গুচি গৈছিল …….
…. মই সচাকৈয়ে স্বাৰ্থপৰ হৈ পৰিছিলো নেকি তেতিয়া !
 ঘটি অহা ঘটনা বোৰে মোক দুদোল্যমান কৰি তোলে প্ৰায়ে ।
নিলয় অনাথ হোৱাতো তাৰ ভুল আছিল জানো !  সি আমানুহ তো নহয়  , অনাথ মানুহ ভালপোৱাৰ যোগ্য নহয় নেকি , নে তেওলোকৰ অনুভূতি বোৰ আনতকৈ বেলেগ হয় ! অনাথ পুৰুষ এজনৰ লগত জীৱনতো ভগাই লোৱাতো স্বাভাৱিক নহয় নেকি  !  কেৱল বংশ পৰিচয় হে এখন সুখী সংসাৰৰ চাবি-কাঠি হব পাৰে জানো ….. !
কথাবোৰৰ যুক্তিযুক্ততা বিচাৰি নাপাও মই ।
 …..  কিয় বাৰু মা দেউতাই নিলয়ৰ ভিতৰখন এবাৰলৈও জুমি চাবলৈ চেষ্টা নকৰিলে ! নিলয়ৰ যোগ্যতাক ইমান সন্দেহ কৰা মোৰ মা দেউতাই এবাৰ যদি আহি চাই গল হেতেন আমাৰ সংসাৰখন ! কিদৰে নিলয়ে মোক ওপচাই ৰাখিছে মৰমেৰে এবাৰ যদি দেখি গল হেঁতেন দেউতাই —- !
—– বহু ভাবি চিন্তি নিলয়ক কঁও নকঁও কৈ মোৰ সপোন তোৰ কথা কলো !
সি আলফুলে মোৰ গালখনত হাত খনৰে ধৰি এপলক মোলৈ চাই থাকিল —–
” ৰাধা , সপোন সপোনেই !  সপোনৰ একো সত্যতা নাথাকে । তুমি মা দেউতাৰ পৰা পাঁচবছৰে আতৰি আছা যদিও প্ৰতি পল তুমি তেওলোকক মনৰ মাজত কঢ়িয়াই আছা ,  তোমাৰ অৱচেতন মনে এতিয়াও তেওলোকক কাষত বিচাৰে  !  মোৰ লগত বিয়া হোৱাৰ সিদ্ধান্তৰ বাবেই হয়তো দেউতা গুচি গল বুলি তুমি নিজকে দোষমুক্ত কৰিব পৰা নাই  ৰাধা !  কৰবাত কেনেবাকৈ তোমাৰ মনত এতিয়াও এটা অনুতাপৰ ভাব আছে  , কেতিয়াবা হয়তো তুমি নিজকে নিজে সুধিও চাইছা অৱচেতন ভাবে হলেও —- তুমি মোৰ দৰে এটা অনাথ লৰাৰ লগত বিয়া হৈ জীৱনৰ চৰমতম ভুল কৰিলা নেকি ….. ! তুমি অনুশোচনাত ভুগিছা হয়তো ….. !  দূৰ্বল হৈছা ভিতৰি  ! একেখিনি কথাকে ভাবি ভাবি নিজক আৰু কষ্ট নিদিবা ৰাধা …….. !
তোমাক এটা কথা সোধো —–
—– মোৰ লগত তুমি সুখী ন ” —— ?
—– এক গভীৰ প্ৰত্যয়েৰে নিলয়ে মোৰ দুচকুত চকু থৈ সুধিলে আৰু মোৰ সোঁহাতৰ আঙুলি কেইটাত চুমা এটা খাই মোৰ উত্তৰলৈ নোৰোৱাকৈ কোঠাতোৰ পৰা ওলাই গল ।
নিজকে কেইবাবাৰো প্ৰশ্ন কৰিলো !
নিলয়ে কোৱাৰ দৰে হয় জানো কথাবোৰ !
মোৰ মনত আছে নেকি তেনে কোনো অনুতাপ !
অনুভব হৈছে নেকি কেতিয়াবা নিলয় ৰ লগত বিয়া হোৱাতো মোৰ জীৱনৰ চৰমতম ভুল …… !
নাই নাই ……!
হোৱা নাই কাহানিও তেনে অনুতাপ !
——  তুমি মোৰ পৃথিৱী নিলয় ! তুমি কোৱাৰ দৰে মোৰ মনত কেতিয়াও তেনে প্ৰশ্ন অহা নাই ,  কেতিয়াও মই অনুশোচনাত ভোগা নাই নিলয় !  তোমাৰ আশ্বাসতেই তো আগবাঢ়িছো জীৱনৰ হাজাৰ প্ৰত্যাহ্বানক হাহিঁৰে ওফৰাই ! আইনুক চম্ভালিছো । তোমাৰ সাহসতেই তো এই সকলোবোৰ সম্ভৱ হৈছে মোৰ বাবে নিলয় ! তোমাৰ অকৃত্ৰিম মনতোৰ বাবেই তো তোমাক বাৰে বাৰে ভাল পাব পাৰো মই !
মই বুজো , নিলয়ৰ বুকুৰ শোক !
সি অনাথ , নাজানে সি তাৰ পিতৃ মাতৃৰ পৰিচয় । তাৰ ধমনীৰে বৈ থকা তেজৰ পৰিচয় তাৰ ওচৰত নাই ! সি নাজানে তাৰ জন্ম কাহিনী ! মাথো জানে সুবৰ্ন মায়ে তাক বৰ আদৰেৰে তুলি ধৰিছিলে  । এইখন পৃথিৱীত নিলয়ৰ আজিৰ পৰিচয় কেৱল সুবৰ্ন মাৰ বাবেই  । সি চিৰঋনী সেই দেৱীৰ ওচৰত ! সুবৰ্ন মা চিৰদিনৰ বাবে আতৰি যোৱাৰ দিনা নিলয়ে হুকহুকাই কান্দিছিল । তাৰ আগত , আৰু তাৰ পাছত;  কোনোদিন নিলয়ক ইমান দূৰ্বল দেখা নাই মই ।
কথাবোৰ নিজৰ মাজতে পাগুলি থাকোতে মনেই কৰা নাছিলো , আইনু ৱে  দেউতাক ওলাই যোৱাৰ ফালে চাই মুখেৰে অস্ফুত কিছুমান শব্দ কৰি আছে  !  আচলতে তাই এনেধৰনৰ মুহূৰ্ত্তবোৰ বৰ উপভোগ কৰে ! তাই তেনেদৰেই তাইৰ স্ফূৰ্তি খিনি প্ৰকাশ কৰে । মোৰ হিঁয়া খন উঠলি উঠে তাই হাহিঁলে । তাইক বুকুত সাৱটি ধৰি থাকো অলপ সময় । তাইৰ বুকুতো চাগে কত কথাই তোলপাৰ লগাই থাকে ……..
…….. অনুভবে তো অস্বাভাবিকতা বুজি নাপায় !
আইনুৰ সম বয়সীয়া শিশুবোৰৰ দৰে স্বাভাৱিক বিকাশ তাইৰ দৈহিকতাত হে নাই  ,  কিন্তু তাইৰ জানো অনুভব বোৰো নোহোৱা হৈ গৈছে ! অনুভবে তাইক চুব নোৱৰা হলে তাই আমাৰ হাহিঁময় সময়বোৰত সহাৰি জনালেহেঁতেন জানো !  আইনু আমাৰ ভালপোৱাৰ স্বাক্ষৰ ! তাইক ঈশ্বৰে যেনেদৰে আমাক দিছে আমি তেনেদৰেই তাইক আকোৱালি লৈছো । আমাৰ কলিজাৰ টুকুৰা তাই ।  আইনু কাৰো অভিশাপৰ ফল হব নোৱাৰে । ঈশ্বৰে জানে আইনুক এপাহ ফুলৰ দৰেই লালন কৰিব লাগিব । তাইৰ আব্দাৰবোৰ বুজিব পৰাকৈ একোখন বিশাল বুকুৰ প্ৰয়োজন হব ! সকলোৰে হৃদয়ৰ  বিশালতা তো একে নহয় ! নিলয় আৰু মোৰ মাজত  ভগৱানে সেই বিশালতা দেখিছে বাবেই হয়তো আজি আইনু আমাৰ সন্তান ! আমাৰ কোলা শুৱনি কৰিছে তাই ! পিতৃ মাতৃ হোৱাৰ আনন্দ কি আইনুৱে আমাক শিকাইছে । আইনু কেতিয়াও অস্বাভাৱিক হব নোৱাৰে ! আইনুৰ এখন অনুভবী হৃদয় আছে …… ; আৰু কোনো হৃদয়বান মানুহেই অস্বাভাৱিক হব নোৱাৰে …..  ।
 মোৰ মায়ে কোৱাৰ দৰে মোৰ বুকুত সন্তানৰ বাবে কোনো দহন নাই , মই সন্তান সুখৰ পৰা বঞ্চিত নহয়  ! কাৰন মোৰ তেনে কোনো স্বাৰ্থপৰ আকাংক্ষা নাই মাতৃত্বৰ দাবীৰে ,  যি আইনু ৰ প্ৰতি মোক নিৰ্মোহ কৰি তুলিব পাৰে !  আইনু আমাৰ ঈশ্বৰৰ দান……. আইনু আমাৰ জীৱন ……. !
….   আৰু নিলয় ….. !
নিলয় মোৰ ভুল নহয় …..  নিলয় মোৰ অহংকাৰ …….!
তুমি তুমি হৈ থাকিবা সদায় নিলয় …….  , জীৱনে আমাক পথ দেখুৱাই যাব …….. !
মোক ঘেৰি থকা কিছুমান ভয়ানক শব্দ ক্ৰমাৎ ধূষৰ হৈ আহিছে …..কোনোবা অদূৰত অপসৃয়মান হৈ পৰিছে  ক্ৰমাৎ শব্দবোৰ ……
……… এটা সপোনে বিদায় মাগিছে মোৰ পৰা …….
( সমাপ্ত )
**মহাবাহু**
Show More

Related Articles

Back to top button
error: Content is copy right protected !!