অতীতৰ পানবজাৰৰ খাদ্য জগত

ডঃ বিক্ৰমজিত কাকতি

আশীৰ দশকৰ আগভাগৰ কথা।
অসম আন্দোলন ঘটনাবহুল হোৱাৰ পথত।
এতিয়াৰ বহু ফেচবুকিয়া জেহাদিৰ অভিভাৱক বিবাহ পাশত আবদ্ধই  হোৱা নাছিল আৰু বর্তমান সময়ত গুৱাহাটীৰ লোকেল বুলি ফিতাহি মৰা কিছুমানৰ বাবে তেতিয়া গুৱাহাটীলৈ গৰমবন্ধত ফুৰিবলৈ অহা মানে ডিজনী ৱৰ্ল্ডলৈ যোৱা ‘টাইপ’ মনলৈ ফিলিং আহি গৈছিল।
অসমৰ প্ৰথম খন ‘ৱাইন শ্বপ’ আৰু প্ৰথমখন কলেজ ৰাস্তাৰ ইপাৰে সিপাৰে আছিল আৰু গুৱাহাটীৰ প্ৰথমখন আধা ফাল কণীৰ চ’প পোৱা মহামায়া হোটেল তাৰ আনটো পাৰে আছিল। এজন অন্ধ বাঁহীবাদকে পানবজাৰত সন্ধিয়া সময়ত বাঁহী বজাই এক অপূৰ্ব মায়াজালৰ সৃষ্টি কৰিছিল। ফেন্সি বজাৰৰ ফালে আগুৱাই গলে বৰ্তমান চেন্ট্ৰেল বেংকৰ কাষৰ ৰাস্তাটোত বিখ্যাত ফিছ ফ্ৰাই ৰেষ্টুৰেণ্টত এটকাত চিকেন পোলাও পোৱা গৈছিল। বৰ্তমান ৰেৱটিৰ সন্মুখত কল্যাণী ৰেষ্টুৰেণ্টত  সুস্বাদু কাটলেট পোৱা গৈছিল। পানবজাৰ মছজিদৰ ওচৰত ৰঘু কাইৰ  ঠেলাৰ ডাল-বাদাম  চানা পপুলাৰ আছিল। পিকাডেলী ৰেষ্টুৰেণ্ট খন অলপ অন্ধকাৰ আছিল (low light) আৰু অৰ্থনৈতিক ভাৱে সামৰ্থ থকা সকলে তাত চিকেন চাওঁ খাইছিল। শেখ ব্ৰাদাৰ্চৰ পেটিচ লা জবাব আছিল। অশোকা হোটেলত সেইসময়ৰ পানবজাৰৰ একমাত্ৰ ‘বাৰ’ খন আছিল। আনন্দ ভাণ্ডাৰৰ আমেথি, গুৱাহাটী ডায়েৰী আৰু কল্পনাৰ চাহ মিঠাই জনপ্ৰিয় আছিল। কল্পনাত কটন কলেজ আৰু পানবজাৰ ছোৱালী স্কুলৰ ছাত্ৰী আৰু মহিলা সকলৰ বাবে আছুতীয়া কেবিন আছিল। সন্ধিয়া সময়ত ইউনাইটেড বেংকত কাম কৰা দুলুদাই সেই কেবিনত বহি সৰু ডাঙৰ কিছুমান ‘selected followers’ক সাক্ষী কৰি বেংকত কম্পপিউটাৰাইজেশ‍্যনে কিমান ক্ষতি কৰিব, স্বাধীন অসম হলে আমাৰ কি লাভ হব আদিৰ দৰে তত্ব গধুৰ (তেওঁৰ মতে) কথাৰ ভাষণ দি নিশা ৭টা বাজিলেই কাষত থকা সাধনা ঔষধালয়ৰ পৰা এবটল মৃত সঞ্জীৱনী সুৰা কিনি কলেজ ষ্টুডিওৰ ওচৰত থকা তেওঁৰ ভাড়া ঘৰৰ পিনে আগবাঢ়িছিল …।

Related Articles

error: Content is copy right protected !!
Close