অতি স্পষ্ট কথা

মৃণাল কুমাৰ মিশ্ৰ

অতি স্পষ্ট কথা – নাগৰিকত্ব সংশোধনী বিধায়কৰ প্ৰতিবাদ মানেই কোনো ধৰ্মীয় বা ভাষাৰ লোকৰ বিৰুদ্ধে কোৱা নহয়। বিদেশী বিদেশীয়েই, যি ভাষা বা ধৰ্মৰেই নহওক কিয়। প্ৰতিবাদৰ সময়ত স্বাভাৱিকতে চৰ্চাৰ কেন্দ্ৰ বিন্দুলৈ অহা হিন্দু বাংলাদেশী শৰণাৰ্থীৰ কথাটো সকলোৰেই বাবে স্পষ্ট হৈ থকাটো দৰকাৰ।  ধৰ্মৰ ভিত্তিত এটা নিৰ্দিষ্ট সময়সীমাৰ পিছত অহা বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদানৰ চৰকাৰী প্ৰচেষ্টাক আমি নিশ্চয়কৈ প্ৰতিবাদ কৰিম। কিন্তু এই প্ৰতিবাদ কোনো কাৰণতেই অসমত স্থায়ী ভাবে বাস কৰা বঙালী (হিন্দুয়েই হওঁক বা মুছলমানেই হওঁক, ১৯৭১ চনৰ আগতে আহি অসমত বাস কৰা) সকলৰ বিৰুদ্ধে নহয়। অসম প্ৰেমী বহুতো বঙালী পৰিয়ালৰ অসমৰ প্ৰতি থকা অৱদান চিৰ স্মৰণীয়। আমাৰ প্ৰতিবাদ কেতিয়াও তেখেত সকলৰ বিৰুদ্ধে নহয়, আমাৰ প্ৰতিবাদ অবৈধ বিদেশী নাগৰিকৰ বিৰূদ্ধেহে। এই বাৰ্তাটো স্পষ্ট ভাবে সকলো মাধ্যমতে প্ৰকাশ হ’ব লাগে।
এতিয়া আহোঁ , এই প্ৰতিবাদৰ স্বৰূপ কেনে হোৱা উচিত, সেই বিষয়ে। ৰাজপথৰ আন্দোলনলৈ ওলাই অহাৰ বাহিৰে আমাৰ হাতত অন্য কিবা পথ খোলা আছে নেকি তাক এবাৰ ফহিয়াই চোৱাৰ নিত্যান্তই প্ৰয়োজন। অসমীয়াই এটাৰ পিছত এটা ৰাজপথৰ আন্দোলন কৰি কেনেদৰে সফল বা বিফল হৈছে সেয়া বুজিবলৈ বেছি দূৰ পিছুয়াই যাব নেলাগে, ১৯৭৯/৮০চনৰ পৰা আৰম্ভ হৈ ১৯৮৫ চনত ক্ষমতাৰ গাদী দখলেৰে সমাপ্তি ঘটা অসম আন্দোলনৰ কথাকেই আঙুলিয়াব পাৰি। ৮০০ৰো অধিক শ্বহীদৰ আত্মবলিদানেৰে অসমে কি পালে আৰু কি হেৰুৱালে তাক আৰু নতুনকৈ দোহাৰাৰ প্ৰয়োজন নাই। তাৰোপৰি  বৰ্তমানৰ পৰিস্থিতিৰ লগত সেই সময়ৰ পৰিৱেশৰ অকণো সাদৃশ্য নাই। তেনেক্ষেত্ৰত পুনৰ এক ৰাজপথৰ গণ আন্দোলনৰ দিশে অসমে গতি লোৱাটো সমৰ্থনযোগ্য নহয়। তেনেহলে বিকল্প কি ?
বিকল্প নিশ্চয় আছে, আইনী প্ৰক্ৰিয়াৰ মাজেৰেও আমি এই সমস্যাৰ সমাধান বিচাৰিব পাৰোঁ। কেন্দ্ৰীয় চৰকাৰে আইনত পৰিণত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধায়ক’২০১৬ত অলেখ আইনৰ সুৰুঙা ৰৈ গৈছে। অভিজ্ঞ আইনজ্ঞৰ সহায়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ত আইনৰ যুজঁত এই বিধেয়ক খন বাতিল কৰিব পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এন আৰ ছি ও এনে এখন সফল আইনী যুজঁৰেই ফল। এই সম্পৰ্কীয় শ্ৰদ্ধাৰ ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ ‘আমাৰ অসমত’ লিখা এটা প্ৰৱন্ধৰ মাজৰ কিছু অংশ মই ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ -” আমি শ্বহীদ নিবিচাৰোঁ, সাম্প্ৰদায়িক সংঘৰ্ষ নিবিচাৰোঁ, অশান্ত জৰ্জৰ অসম নিবিচাৰোঁ। হিন্দু বাংলাদেশীও নিবিচাৰোঁ, আৰু সেয়েহে প্ৰস্তাৱিত বিধেয়কখনৰ বিৰূদ্ধে যুঁজিব বিচাৰোঁ বিশেষজ্ঞৰ সহায়ত আইনী প্ৰক্ৰিয়াৰে। এনে এক বিস্ফোৰক মুহূৰ্তত আমি যদি পুনৰ এক অসম আন্দোলন সদৃশ আন্দোলনত উটি-ভাহি যাওঁ, এই বিধেয়কখনতকৈও বিশাল আৰু ভয়ঙ্কৰ দৈত্যৰ সৈতে আমি অচিৰেই মুখামুখি হ’ব লাগিব। হয়তো আন্দোলনৰ পিছত সেই দৈত্যৰ সৈতে মোকাবিলা কৰাৰ শক্তি অসমীয়া জাতিয়ে হেৰুৱাই পেলাব। আৱেগসৰ্বস্ব আন্দোলনৰ ব্যস্ততা, উত্তেজনা আৰু অস্থিৰতাৰ নেপথ্যত সকলোৰে অলক্ষিতে এই দৈত্যক আৰু অধিক বিশাল ৰূপ ধাৰণ কৰাৰ সুযোগহে প্ৰদান কৰিব। এই মুহূৰ্তত ভৱিষ্যতৰ সেই ভয়ংকৰ দৈত্যৰ পৰিচয় মই আপোনালোকৰ কল্পনাৰ বাবে এৰিছোঁ।”
সচাই, এই মুহূৰ্তত সেই কাল্পনিক দৈত্যৰ পৰিচয় আমাৰ হাতত নাথাকিলেও তাৰ ভয়াবহতা অনুমান কৰিবলৈ বিশেষ টান নহ’ব, কাৰণ আমি যে অসম আন্দোলনৰ সেই ভয়ানক দিনবোৰ পাৰ কৰি আহিছোঁ।তেনেকুৱা দিনৰ পুনৰাবৃত্তি আমি আকৌ বিচাৰিমনে ? স্পষ্ট কথা – নিবিচাৰোঁ।
এই সংক্ৰান্ততেই সুদূৰ জাপানত কৰ্মৰত আমাৰ অসমৰেই জীয়ৰী ডাঃ সংগীতা কাকতিৰ ফেচবুকত লিখা এটা প্ৰৱন্ধৰ মাজৰ পৰা কিয়দাংশ উল্লেখ কৰি আজিৰ এই স্পষ্ট কথাৰ সামৰণি মাৰিব খুজিছোঁ।
” ই-মেইল পঠিওৱাৰ ওপৰিও মানুহবোৰে ধৰ্ণা দিছে, ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে । বিদেশৰ পৰা গৈ সেইবোৰত অংশগ্ৰহণ কৰা অসম্ভৱ কথা । কিন্তু মই যদি এতিয়া অসমতেই থাকিলোঁহেঁতেন, তেতিয়াও ওলাই গ’লোঁহেঁতেন নে ৰাজপথলৈ ? সততাৰে উত্তৰ দিবলৈ হ’লে, নগ’লোঁহেঁতেন । কাৰণ বৰ্তমান মই যিখন দেশত বাস কৰোঁ, সেই দেশৰ নাগৰিকসকলৰ পৰা মই আন্দোলনৰ এটা নতুন ভাষা শিকিছোঁ । পথৰ উত্তাল আন্দোলনতকৈ নীৰৱ আৰু স্থায়ী কৰ্মৰ এক আন্দোলনেহে জাতীয় সমস্যাৰ সমাধান কৰিব বুলি তেওঁলোকে বিশ্বাস কৰে; বিশ্বাস কৰিবলৈ শিকিছোঁ মইও । বুজিছোঁ, দেহা পুৰি নিয়া ৰ’দত বা মুষলধাৰ বৰষুণত তিতি পথত চিঞৰি চিঞৰি টেটু-ফালি কোনোবা মৰি গ’লেও আমাৰ তাৰ চৰকাৰৰ গা নলৰে । তাৰোপৰি ৰাজপথৰ আন্দোলনে অসমৰ ৰাইজক কি দিছে সেয়া বেছি দূৰলৈ নগৈ ‘অসম আন্দোলন’ৰ ফলাফললৈ চালেই হ’ল । সেইবাবেই মই ৰাজপথৰ আন্দোলনৰ পক্ষপাতী নহয় ।
অকল বাংলাদেশী খেদিলেই বা নালাগে আহিব বুলিলেই নহ’ব, বাংলাদেশীয়ে আমাৰ ইয়াত আহি যিবোৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰে সেই কামবোৰ কৰিবলৈ অসমীয়াৰ সাহস তথা ইচ্ছাও থাকিব লাগিব । সেইয়াহে এক প্ৰকৃত আন্দোলন হ’লহেঁতেন বুলি মোৰ বিশ্বাস ।
বাংলাদেশীৰ ঘৰত দিন- হাজিৰা কৰি কোনো বাংলাদেশীয়ে জীৱন কটাব নোৱাৰে । কৰিবলৈ কাম নোহোৱা হ’লে, খাবলৈ নোপোৱা হ’লে সিহঁত নিজৰ দেশলৈ উভতি যাবলৈ বাধ্য ! Starve them till they leave our land ! অন্যথা ইমান সহজে কাম কৰি খাব পৰাৰ সুবিধা থাকিলে, বৈধ নাগৰিকত্ব নাপালেও অবৈধ হিচাপেই যে সিহঁতে এদিন অসমীয়া জাতিক নিশ্চিহ্ন কৰিব সেইয়া ধুৰূপ । “

Related Articles

Close