অণুগল্প

পৰিস্মিতা বৰদলৈ

১)মন্থৰা
অৰূপহঁতৰ পৰিয়ালটোৱে মিলাপ্ৰীতিৰেই দিন নিয়াইছিল পিছে যেতিয়াৰ পৰা মাখনী নামৰ মানুহজনীৰ সিহঁতৰ ঘৰলৈ ঘনাই আহ-যাহ হ’বলৈ ধৰিলে ঠিক তেতিয়াৰে পৰাই ঘৰখনত খুট-খাট নুগুচাই হ’ল৷
২)দেহাৱসান
যোৱা দুটাবছৰে মানুহজনীৰ বুকুত বলি থকা ধুমুহাজাকৰ কালি অৱসান ঘটিল তাৰ ঠাইত এজাক বৰষুণে আহি মানুহজনীৰ কপালৰ ৰঙাখিনি ধুৱাই নিলেহি৷দুফালে দুকুৰা জুই জ্বলি উঠিল ৷একুৰা জ্বলিল মানুহজনীৰ বুকুত নিজে নিজে আৰু আনকুৰা জ্বলালে হাতত জোৰ লৈ তেৰ বছৰীয়া ল’ৰাটোৱে বগা  ধূতী পৰিধান কৰি ৷
৩)মৰূদ্যান
অভাৱ অনাটনে জুৰুলা কৰা ঘৰখনত ভূতৰ ওপৰত দানহ পৰাদি  হঠাতে ধৰা দিয়া বাপেকৰ  অসুখটোৱে পৰিয়ালটোক নাকনি-কাণনি কৰোঁতেই যেনিবা ডাঙৰ ছোৱালীজনীৰ হাতত টেট শিক্ষয়িত্ৰী পদৰ যোগদান পত্ৰখন পৰিলহি৷
৪)পৰিশোধ
সাৱিত্ৰীয়ে বাৰীৰে ৰঙালাও দুটা,লাইশাক দুমুঠি আৰু জলফাই কেইটা বান্ধি লৈ মৌজাদাৰণী আইতাৰ ঘৰলৈ বাট ল’লে৷যাওঁতে তাই ভাবি গৈ থাকিল আৰু কি কি নিলে বাৰু তাইক মানুহটোৰ চিকিৎসাৰ বাবে দিয়া পইছাকেইটাৰ ধাৰ মৰিব৷
৫)পংগুত্ব
দিব্যাংগ সকলৰ প্ৰতিভা মূলক অনুষ্ঠানটো চলি থকাৰ সময়তে হাজৰিকাই স্বেচ্ছাসেৱী সংস্থাটোলৈ অলপ টকা অনুদান হিচাপে আগবঢ়াবলৈ মনস্থ কৰিলে ব্যক্তিগতভাৱে৷সভাখনত উপস্থিত থকা সুৰঞ্জন বৰুৱায়ো তেওঁকে দেখি নিজৰ জেপত হাত দিওঁতেই পৰিবাৰৰ টিপ্পনীত ভৰোৱা হাতখন পুনৰ উলিয়াই আনিলে৷
৬)দৈৱকী
শেহতীয়া মডেলৰ গাড়ীখনৰ পাছৰ চিটৰ পৰা ৭ বছৰীয়া ল’ৰাটো মাকৰ সৈতে নামি আহিল আৰু নঙলা খুলি জৰাজীৰ্ণ ঘৰটোৰ ফালে আগবাঢ়িল৷সিহঁতৰ গাড়ীৰ মাত শুনিয়েই ভিতৰৰ পৰা  মানুহ এগৰাকী ওলাই আহিল আৰু ল’ৰাটোৱে মাকে শিকাই দিয়া মতেই মানুহগৰাকীৰ ভৰি চুই সেৱা কৰি ক’লে,”বাসন্তী মাহী,মায়ে কৈছে তুমি নথকা হ’লে হেনো মোৰ জন্মই  নহ’লহেঁতেন৷সেয়েহে হেনো প্ৰতিবাৰ মোৰ জন্মদিনৰ দিনা মায়ে মোক তোমাৰ ওচৰলৈ লৈ আনে৷”মানুহজনীয়ে চলচলীয়া চকুৰে ল’ৰাটোৰ মূৰত হাত বোলায়৷
৭)নীলা শিয়াল
বলিপ্ৰথাৰ বিৰুদ্ধে ডাঙৰ ডাঙৰ কথাৰে মালিহা মৰা কনকসেনক সেইদিনা শ্যামকানু পুৰোহিতৰ ওচৰলৈ গৈ ঘৰখনক শনিৰ প্ৰকোপৰ কৰা ৰক্ষা কৰাৰ অৰ্থে ক’লা ছাগলী এটা দি থকা অৱস্থাত দেখা পোৱা গ’ল৷
৮)সঠিক সিদ্ধান্ত
দৰাঘৰৰ পৰা দিয়া দীঘলীয়া লিষ্টখনৰ হিচাপটোতকৈ মাজনীয়ে ল’ব খোজা ক’ৰ্চটোৰ খৰছাটো কম যেন লগাত মাজনীৰ দেউতাকে লিষ্টখন ফালি পেলাই জীয়েকক উদ্দেশ্যি “মা তোৰ ক’ৰ্চটোৰ ফৰ্মখন লৈ আহ ৷অভিভাৱকৰ চহীটো নালাগিব জানো এডমিশ্যনৰ বাবে?” বুলি কৈ ভিতৰলৈ সোমাই যায়৷
৯)মাৰিচ
সপোন দেখি ভালপোৱা ছোৱালীজনীক চাকৰি দিম বুলি ফুচুলাই আনি যেতিয়া ডেকা ল’ৰাটোৱে সেই গলিটোৱেদি নি সস্তীয়া প্ৰসাধনৰ প্ৰলেপ সনা মানুহজনীৰ লগত চিনাকি কৰাই দিছিলগৈ, তাইৰ চকুৰ পৰা আঁৰ কাপোৰখন খহি  পৰিছিল সেই মুহূৰ্ততে৷
১০)বন্ধ্যাত্ব
মানুহজনীয়ে দিয়া শপত অনুসৰিয়েই নিজৰ অপাৰগতা মানুহজনে লোকচক্ষুৰ পৰা লুকুৱাই ৰাখিছিল৷কিন্তু শেষত যেতিয়া পুনৰবাৰ তুলসীৰ মালা পিন্ধিবলৈ ঘৰৰ মানুহে তেওঁক জোৰ কৰে তেতিয়াহে আছল সত্য উদঙাই দিয়ে সকলোৰে আগত৷
১১)শ্ৰীৰামচন্দ্ৰ
প্ৰেয়সীৰ শ্লীলতা হানি কৰিবলৈ চেষ্টা কৰা পাষণ্ডকেইটাৰ লগত এটা সময়ত মাৰ পিট কৰি তাইক ৰক্ষা কৰা ল’ৰাটোৱে বিয়াৰ সময়ত মূৰ পোলোকা দিলে৷
১২)প্ৰত্যুত্তৰ
মগনীয়াৰ জনক অহংকাৰী গৃহস্থজনে কিবা দিয়াটো দূৰৰে কথা গেটৰ পৰাই ককৰ্থনা কৰি ঘূৰাই পঠিয়ালে৷শান্তভাৱে মগনীয়াৰ জনে গৃহস্থক ক’লে,”মালিক,কেৰেলুৱাৰ এশটা ঠেং তাৰে এটা যদি ভাঙি যায় সি অচল হৈ নাযায়৷আপোনালোকৰ চুবুৰীটোতো প্ৰায়  এশঘৰ মানেই মানুহ আছে নিশ্চয়৷”

Related Articles

error: Content is copy right protected !!
Close