অণুগল্প-(2)

পৰিস্মিতা বৰদলৈ

✍জীৱিকা
কেঁচুৱাকণৰ শৰীৰটো  ধাকিবৰ জোখাৰে কাপোৰ যোগাৰ কৰিবলৈকে তাই বাৰে বাৰে নাঙঠ হ’ব লগা হয় ৰাতিৰ এন্ধাৰ বোৰত।
✍শূণ্যতা
নতুনকৈ চাকৰিটোত সোমায়েই ল’ৰাটোৱে বহুত বস্তু আনিলে ঘৰখনলৈ,পিছে বয়-বস্তুৰে ভৰা ঘৰখনত মাকজনীৰ হে মনটো উদং উদং লাগি থাকিল ল’ৰাটোক পদুলিলৈকে আগবঢ়াই দি আহি ।
✍দেখনিয়াৰ
কন্যা দায়গ্ৰস্ত মানুহ জনক কোনোবাই হেনো ক’লে বিয়াৰ বজাৰত আজিকালি দেখনিয়াৰ নহ’লে নচলে।সেইদিনা কামৰ পৰা উলটি আহোঁতে বাকী খো ৱা দোকানৰ লিষ্টত অন্য বস্তু ৰ লগতে আৰু এটি বস্তুৰ নাম যোগ হৈছিল “ফেয়াৰ এণ্ড লাভলি”
✍চিকাৰ
ছোৱালীৰ প্ৰতি দূৰ্বলতা থকা ওপৰৱালা অফিচাৰ জনে সুন্দৰী চেক্ৰেটাৰী মায়াক মাজ ৰাতি মেছেজ কৰোঁতেই তাই ভাবিলে ,”এইবাৰ ভাল বকৰা এটা পাইছো লুটিবলৈ”।
✍পাশৱিক
গাভৰু ছোৱালীজনীয়ে  সদায় টিউছন কৰি ঘ ৰলৈ ওভতা পথত হাবি এখন পায়,তাইৰ একো নহয়।যিদিনা তাইৰ নিথৰ শৰীৰটো পোৱা গৈছিল ,সেইদিনা হেনো কেকুঁৰিটোতে পিলিঙাকেইটামানৰ আদ্দা বহিছিল।
✍উত্তৰ
পলে সৰুৰেপৰা সিহঁতৰ ঘৰত কাম কৰা বাসন্তী বায়ে তাক কৰা অত্যাধিক মৰমৰ কাৰণ বিচাৰি তেতিয়াই পায়,যিদিনা পুৰণি ফাইলৰ ভিতৰত মাকৰ মেডিকেল ৰিপোৰ্টটো বিচা ৰি পায়।তেতিয়ালৈ সি ডেকা ।
✍জানোৱাৰ
বচৰ কেবিনত কুকুৰ মেকুৰীৰ দৰে পৰা গালিবোৰ শুনি আহি অফিচৰ পৰা ওলাই বাইকখন ষ্টাৰ্ট দিব লওঁতেই ফপৰা কুকুৰ টোৱে আহি নেজদাল জোকাৰি জোকাৰি তাৰ ভৰিটোৰ ওচৰত কুঁ কুঁৱাই উঠিল ।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!