অখিল গগৈ

মানস প্ৰতিম দত্ত

এটা প্ৰতিবাদৰ নাম অখিল গগৈ
এটা শ্লোগানৰ নাম অখিল গগৈ
বৰষুণত তিতি থমকি নৰয় বাঘ
ৰ’দত জিৰাবলৈ নব’হে গছৰ ছাঁত
আন্ধাৰ ৰাজপথত যেতিয়া আন্ধাৰ হৈ জোন
তেতিয়াই আপুনি লগ পাব পাৰে অখিল গগৈক
তেতিয়াই লগ পাব আপুনি অখিল গগৈক –
যেতিয়া চকুপানী বানপানী একাকৰ হয়
যেতিয়া পদপথৰ মানুহবোৰক ৰাজপথে মাৰে
যেতিয়া মাতবোৰ অমাতে ভাঙে
যেতিয়া পথাৰখনত বৰষুণ নাহে
যেতিয়া গছৰ তলত ছাঁ নপৰে
সেই যে অখিল গগৈ নামৰ মানুহটো
সেই মানুহটোৰ বাবে আপুনি ভাবিব নোৱাৰেনে ?
অসমীয়াৰ বাবে জেললৈ যোৱা এজন অসমীয়াৰ নাম
অখিল গগৈ নহয়নে?
যেতিয়া আমাৰ মাতবোৰ কাঢ়ি নিব ধৰে
তেতিয়াই মাত দিয়া মানুহজন অখিল গগৈ নহয়নে?
জনতাৰ শাসনৰ নামত শোষণ কৰি
মৰা মাছৰ ভাও দিয়া নদীক বৈ যাবলৈ বাধ্য কৰোৱা
মানুহজনেই অখিল গগৈ নহয়নে?
বন্দুকৰ নলীত চিঞৰি উঠা আমাৰ মাতবোৰ  সাহসৰ মাত বুলি আমি জানো যেতিয়া
আমাৰ বাবে বন্দুকৰ আগত ঠিয় হোৱা মানুহজনৰ বাবে
মাত মাতিবলৈ আমাৰ কিয় আজি সময় নাইকীয়া!
মাতক
কওঁক
চৌপাশে ভোক বঢ়া
সুখ মৰা পথাৰবোৰত এতিয়াও আছে সত্য
সত্য এটা শিলৰ নাম
শিলৰ নাম লিখা মানুহজনৰো নাম শিল
শিল মানেই ভাবিব পাৰে অলপ সময়লৈ এটা শিল
এটা শিলৰ নাম অখিল গগৈ
এটা খঙৰ নাম অখিল গগৈ
সম্প্ৰতি এজন অসমীয়াৰ নাম অখিল গগৈ।
Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close