অক্ষয় কুমাৰো বিদেশী নাগৰিক

দীপজ্যোতি গগৈ

যোৱা তিনি বছৰমান ধৰি মই কোনো বলিউডৰ চিনেমা চোৱা নাই।অৱশ্যে যেতিয়া প্ৰাথমিক আৰু হাইস্কুলত পঢ়ি আছিলোঁ,তেতিয়া বেলেগৰ ঘৰত টিভি লগাইছে নেকি তাকে ৰাস্তাৰ পৰা জুপি থাকোঁ।আমাৰ বাবে অক্ষয় কুমাৰ আছিল সপোনৰ নায়ক,যাৰ এক্টচন,থ্ৰিলাৰ চিনেমাৰ দৃশ্যই আমাক মোহাচ্ছন্ন কৰি ৰাখিছিল।যিমানেই সুউচ্চ অট্টালিকা নহওক কিয়,অক্ষয় কুমাৰে জঁপিয়াবলৈ সক্ষম হয়,তাকো থিয়কৈ,আনকি বাগৰিও নপৰে!আমাৰ বাবে সেয়া সঁচা আছিল তেতিয়া! আমাৰ বোধেৰে অক্ষয় আছিল বলিউডৰ একমাত্ৰ তাৰকা যি তেনে গুণৰ অধিকাৰী! পিছলৈ বুজিলোঁ সেইটো আছিল তেওঁৰ ডাঙৰ পলিটিক্স! আজি তেওঁ স্বীকাৰ কৰিলে যে তেওঁ যোৱা সাত বছৰ ধৰি ভাৰতীয় নাগৰিক হৈ থকা নাই,কানাডাৰহে গৰ্বিত নাগৰিক।তাক লৈ আমাৰ সমস্যা নাই,সমস্যা আছে তেওঁৰ ভূমিকা আৰু নৰেন্দ্ৰ মোদীৰ ফেচিষ্ট চৰকাৰখনক লৈ।অক্ষয় কুমাৰে কেইবাখনো দেশপ্ৰেমৰ চিনেমাত অভিনয় কৰিছিল,সেইবোৰ ভুৱা দেশপ্ৰেম! অক্ষয় কুমাৰে ভাৰতীয় ভোটাৰক ভোট দিবলৈ আহ্বান দিছে,সেইয়া মূৰ্খামি! ৰ’ব,কানাডাৰ নাগৰিকত্ব ল’লে আপুনি শপত ল’ব লাগিব যে দেশৰ(কানাডা) নিৰাপত্তা,সৰ্বভৌমত্বৰ প্ৰতি অহা যিকোনো ভাবুকি ক্ষেত্ৰত কানাডাৰ পক্ষত থাকিব লাগিব।এতিয়া যদি কেতিয়াবা কানাডাৰ সৈতে ভাৰতৰ যুদ্ধ হয়,অক্ষয় কুমাৰে কানাডাৰ পক্ষত থাকিব।এইয়াহে আচল দেশপ্ৰেমিক! ফেচিষ্ট নৰেন্দ্ৰ মোদী শাসনলৈ অহা পিছত এটা কাম অতিকৈ সফলভাৱে কৰিলে, বিনা খৰছে দেশপ্ৰেমৰ প্ৰমাণপত্ৰ বিলালে।বহুতক একে নিশাতে দেশদ্ৰোহী আখ্যা দিয়া হ’ল।তাৰ পিছত এনে মহান দেশপ্ৰেমিক চৰকাৰখনে এজন কানাডাৰ নাগৰিকক স্বয়ম্ভু দেশপ্ৰেমিক সজালে।অক্ষয় কুমাৰে লিখিছে,”যোৱা সাত বছৰে মই কানাডা ভ্ৰমণ কৰা নাই,ভাৰতত কাম কৰিছোঁ,টেক্স দিছোঁ।ইয়াৰ পিছতো মোৰ দেশপ্ৰেমৰ প্ৰমাণ দিব লগা নাই!” দেশপ্ৰেমৰ সংজ্ঞা এনেকুৱাহে নেকি? ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে ক’লে দেশদ্ৰোহী,নিৰ্বাচনৰ সময়ত ফেচিষ্ট যদিৰ ‘অৰাজনৈতিক’ সাক্ষাৎকাৰ লোৱাতকৈ কিবা ডাঙৰ দেশপ্ৰেমৰ নিৰ্দশন আছে নেকি? নৰেন্দ্ৰ মোদীৱে এইজন কানাডাৰ নাগৰিকক ভোট দি গণতন্ত্ৰ সৱল কৰিবলৈ আহ্বান জনাইছিল! আহ্,কি কথা! দেশৰ প্ৰধানমন্ত্ৰীয়ে অন্য দেশৰ নাগৰিকক ভাৰতত ভোট দিব কৈছে! ভাৰতত সংবিধানৰ অনুযায়ী দ্বিনাগৰিকত্ব ব্যৱস্থা নাই যদিও শেহতীয়াকৈ অভাৰচিষ্ট নাগৰিকৰ ক্ষেত্ৰত তেনে ব্যৱস্থা কৰিছে,কিন্তু তেওঁৰ ভাৰতৰ অৰিজিনৰ হ’ব নালাগিব।সেইফালৰ পৰাও ই অক্ষয় কুমাৰৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব,গতিকে অক্ষয় কুমাৰ ভাৰতীয় নাগৰিকত্ব ইতিমধ্যে হেৰুৱাইছে। অক্ষয়ৰ মতে নাগৰিকত্ব বিষয়টো বোলে অৰাজনৈতিক বিষয়,সেইবাবেই মই  দুদিনমান আগতে এটা লেখাত লিখিছিলোঁ,”অক্ষয় কুমাৰ নিজে বুৰ্বক নে ভাৰতৰ মানুহক বুৰ্বক বুলি ভাবিছে?” যিয়েই নহওক, এজন বিদেশী নাগৰিক অন্তত: চিনাক্ত হ’ল

Show More

Related Articles

Back to top button
error: Content is copy right protected !!
Close
Close